ইৰাণে ইজৰাইলৰ ওপৰত ২০২৪চনতে কৰা আক্ৰমণৰ দৃশ্য পাকিস্তানৰ শিয়ালকোটৰ বুলি প্ৰচাৰ।     

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তান আক্ৰমণ কৰাৰ সময়ৰ শিয়ালকোটৰ দৃশ্য সেয়া।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfR50pa2WwJYxZSuSGSe8nWXItxH9HNYilCOE0JJJ55wZLw56p8hUKKPgMlToFAT3gDxr5gEicIR7NUfTndny8Dg7MUQN0TyARtkCR8lxzLP9hiiN_ZvZ2dD_kZ-cR1DkLZym2a?key=qrwp4xXxr8OwtYm9y-DrfA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৪ চনৰ ১৪ এপ্ৰিলত Excelsior Newsৰ ইউটিউৱ চেনেলত আপলোড কৰা দৃশ্যটো পালোঁ। বৰ্ণনা অনুসৰি ইৰাণে ইৰজাইলৰ ওপৰত ২০০ৰো অধিক ক্ৰুজ মিছাইল, বেলেষ্টিক মিছাইল আৰু ড্ৰোণেৰে আক্ৰমণ কৰিছিল। সেই ভিডিঅ’ আপুনি তলত চাব পাৰিব। 

 Business Line ৰ বাতৰি অনুসৰি ২০২৪ চনৰ এপ্ৰিল মাহত ইৰাণে ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইজৰাইলৰ ওপৰত দামাস্কাছত বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলাইছিল। “অপাৰেচন ট্ৰু প্ৰমিজ” নামৰ এই আক্ৰমণত ড্ৰ’ন, ক্ৰুজ মিছাইল, বেলিষ্টিক মিছাইলকে ধৰি প্ৰায় ৩৫০টা প্ৰজেক্টাইল জড়িত আছিল। আক্ৰমণৰ পৰিসৰ ডাঙৰ হোৱা সত্ত্বেও হতাহতৰ সংখ্যা সীমিত আছিল—এগৰাকী ৭ বছৰীয়া ছোৱালী গুৰুতৰভাৱে আহত হৈছিল  আৰু কিছু লোক সামান্য পৰিমানে আঘাত হৈছিল। এই আক্ৰমণত বিমানঘাটিকে ধৰি সামৰিক আন্তঃগাঁথনিৰো কিছু ক্ষতিসাধন হয়।

কিন্তু ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট থকা ২০২৪ চনৰ এটা টুইটত লিখা আছে, “আজি ৰাতি ইৰাণৰ চৰকাৰী টিভিয়ে সম্প্ৰচাৰিত কৰা ভিডিঅ’ এটাই “কিছু মিনিট আগতে” ইজৰাইলৰ ওপৰত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণৰ প্ৰভাৱ দেখুৱাইছে বুলি দাবী কৰা ভিডিঅ’টো পুৰণি। আচলতে ইয়াত টেক্সাছত লগা এক জুইৰ দৃশ্য দেখা গৈছে আৰু এই তথ্য মাৰ্চ মাহত প্ৰকাশ পাইছিল।”

ইয়াৰ পৰায়ে নিশ্চিত হয় যে এই ভিডিঅ’টো ২০২৪ চনৰে এটা পুৰণি ভিডিঅ’। ইয়াৰ ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হোৱা সমৰৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। এই ভিডিঅ’টো ২০২৪ চনৰে এটা পুৰণি ভিডিঅ’। ইয়াৰ ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হোৱা সমৰৰ সৈতে কোনো সম্পৰ্ক নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: ইৰাণে ইজৰাইলৰ ওপৰত ২০২৪চনতে কৰা আক্ৰমণৰ দৃশ্য পাকিস্তানৰ শিয়ালকোটৰ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *