ইৰাণৰ শাসক খামেইনীৰ মৃত্যুৰ দৃশ্য বুলি AI Generated ভিডিঅ’ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ সময়ত দৃশ্য। ভিডিঅ’টোত খামেইনীৰ মৃত্যুত ৰাজপথলৈ ওলাই অহা লাখ লাখ মানুহৰ সমাগমৰ দৃশ্যৰ লগতে সেই দৃশ্যটোও সংলগ্ন কৰা হৈছে য’ত ধ্বংস্তুপৰ মাজত খামেইনী চেপা খাই সোমাই থকা দেখা গৈছে আৰু উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে।  

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো সুক্ষ্মভাৱে পৰ্যবেক্ষণ আৰু পৰীক্ষণ কৰি দেখিলোঁ যে তাত কিছুমান বিসংগতি আছে। যেনে উদ্ধাৰকাৰীৰ গাৰ ছাঁটো, আন এগৰাকী উদ্ধাৰকাৰী হাতৰ আঙুলিবোৰ, তাত থকা লোহা আৰু কাঠৰ সামগ্ৰীবোৰ, পোহৰৰ দিশ আৰু ছাঁৰ দিশৰ পাৰ্থক্য ইত্যাদি। সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বা ভিডিঅ’ত এই ধৰণৰ অসংলগ্নতা বা বিসংগতি দেখা যায়। 

ভিডিঅ’টোত আমি Meta AI বুলি ৱাটাৰমাৰ্ক এটাও পালোঁ।

এইবাৰ আমি AI generated content detection tools কিছুমানৰ সহায় ল’লোঁ।  HIVE MODERATION ৰ মতে এই দৃশ্য কৃত্ৰিমভাৱে সৃষ্টি কৰাৰ সম্ভাৱনা ৯৩.৭ শতাংশ।

Huggingface মতে এইটো ১০০ শতাংশই কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট

আন এটা ৱেবছাইটৰ মতে ই ৯৪ শতাংশ কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট

আমি আনকি ইৰাণৰ আনুষ্ঠানিক সংবাদ এজেন্সী IRNA (Islamic Republic News Agency)ৰ অফিচিয়েল সামাজিক মাধ্যমসমুহো চালোঁ। তাত আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ বাতৰি আছে কিন্তু ক’তো এই ভিডিঅ’টো নাই। আইআৰএনএৰ বাতৰি ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। কেৱল ইমানেই নহয় দেশ বিদেশৰ তথা আমাৰ ভাৰতৰো কোনো প্ৰতিষ্ঠিত, নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানেই এই ভিডিঅ’টো প্ৰচাৰ কৰা আমি নেদেখিলোঁ। ইয়াৰ পৰাই আমি ক’ব পাৰোঁ যে খামেইনীৰ মৃত্যুৰ ভিডিঅ” বুলি যিটো দৃশ্য প্ৰচাৰ কৰা হৈছে, সেইটো সঁচা দৃশ্য নহয়। সেইটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। খামেইনীৰ মৃত্যুৰ ভিডিঅ” বুলি যিটো দৃশ্য প্ৰচাৰ কৰা হৈছে, সেইটো সঁচা দৃশ্য নহয়। সেইটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা(AI Generated) দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইৰাণৰ শাসক খামেইনীৰ মৃত্যুৰ দৃশ্য বুলি AI Generated ভিডিঅ’ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *