এয়া ইৰাণৰ আকাশত নহয়, ইজৰাইলৰ তেল আভিভত চলা আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।  

Partly-False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ আকাশত ইজৰাইল আৰু আমেৰিকাৰ দ্বাৰা ৭ মাৰ্চ ২০২৬ত কৰা যুটীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  ইৰাণৰ আকাশত মহাযুদ্ধ! আজি ৭ মাৰ্চৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত দিশহাৰা ইৰাণৰ বায়ুসেনা। আকাশতে ধ্বংস হ’ল ইৰাণৰ কেইবাখনো যুদ্ধবিমান। ইয়াৰ পাছত কি ৩য় বিশ্বযুদ্ধ আৰম্ভ হ’ব নেকি?

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ১ মাৰ্চ ২০২৬ত এই ভিডিঅ’টোৰ এখন স্ক্ৰীণশ্বট ফেচবুকত আপলোড কৰা দেখিলোঁ। তাত লিখা আছিল- Iranian missile directly hit a building in Tel Aviv.(ইৰাণৰ মিছাইলে তেল আভিভৰ এটা অট্টালিকাত চিধাই আক্ৰমণ কৰিছে)

এক্সতো ১ মাৰ্চ ২০২৬ত এগৰাকী ব্যৱহাৰকাৰীয়ে কৰা এটা টুইটত এই স্ক্ৰীণশ্বট সংলগ্ন কৰা আমি দেখিলোঁ। তাত লিখা হৈছিল- Direct hits on Tel Aviv and Haifa. Casualties. Huge booms in Jerusalem.

আনফালে ইউটিউৱত ১ মাৰ্চ ২০২৬ত এই ভিডিঅ’টো আপলোড কৰি বিৱৰণত লিখিছে- Footage captures the direct impact of an Iranian missile on a building in Tel Aviv. (এই দৃশ্যই তেল আভিভৰ এটা অট্টালিকাত ইৰাণৰ মিছাইলৰ পোনপটীয়া আক্ৰমণ দেখুৱাইছে।)

আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে ইৰাণ প্ৰত্যাক্ৰণৰ বেলিকা আমেৰিকাৰ সামৰিক ঘাটিসমূহলৈ লক্ষ্য কৰি চলোৱা আক্ৰমণ তথা ইজৰাইলৰ ওপৰত কৰা মিছাইল আক্ৰমণ সন্দৰ্ভত প্ৰকাশিত এক বাতৰিতো এই দৃশ্যচোৰ খণ্ডচিত্ৰ আমি দেখিলোঁ। সেই বাতৰি ইয়াত চাব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই দৃশ্যটো ২০২৬ৰ ১ মাৰ্চত ইজৰাইলৰ তেল আভিভত ইৰাণে কৰা বোমাবৰ্ষণৰ দৃশ্যহে। ইৰাণৰ আকাশত ইজৰাইলে চলোৱা আক্ৰমণৰ দৃশ্য নহয়। দাবীটো আংশিকভাৱে মিছা।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ইৰাণৰ আকাশত নহয়, ইজৰাইলৰ তেল আভিভত চলা আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।

Fact Check By: Pranjal Sharma

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *