পুৰণি আৰু সংগতিহীন ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।   

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ দৃশ্য সেয়া।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdbsmqrQOtiAZLen9MKu1H2ZwF9wMRLHqsnkIuR_yEL4JRkNZCIPH68DPB7JeRTz0SHJbGb_9rc5TEwpy5sclBn2NXJDhNnkYJURANGjN4HcAtj6ae77dWMsshzvvxxVc9nKGISgA?key=prLITKcB_XX1NOZ-X9iPXA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা ইউটিউৱ ভিডিঅ’ লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি ২০২৫ৰ ১৩ এপ্ৰিলৰ এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত লিখা হৈছিল “Brazillian Made Astros MK3M firing SS-60 rockets at night.” এই পোষ্টটোৱে নিশ্চিতি দিলে যে সেয়া ৬মে’ৰ অপাৰেচন সিন্দূৰৰ দৃশ্য নহয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc2r0pmt6IjfFSE1mEFvED91rpA01mbJsYQycn-5r02YRhnr17y-4t0SUxbmTiMidJhZw2UZfMwJgpgDkwu-o6AffB0CUbIbNdtAOuWhLsbfcbESgK6LdqFR86Be6bzWkdzMmPSew?key=prLITKcB_XX1NOZ-X9iPXA

ইয়াৰ সূত্ৰ ধৰি সন্ধান কৰোতে ২০২৫ৰ ৪ এপ্ৰিলৰ এটা টুইট পালোঁ। তাত লিখা আছিল  “Brazillian Made Astros MK3M firing SS-60 rockets at night.” বুলি।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeAsqgo6HjGeaLAUROGAP4gzRTqySsywUjv1tqZXcZib_yIeDxmQ8VvUfqSzoQQRPGDlShWsAPULFDUpI_hIY4gvzD2SsFuuaC-_e_gKdEXhNzA_k8YDukryW9LJCm1BAPcG46SAQ?key=prLITKcB_XX1NOZ-X9iPXA

যদিও এই দৃশ্যৰ সঠিক স্থান আৰু সময় এতিয়ালৈ জানিব পৰা হোৱা নাই, কিন্তু এয়া যে অপাৰেচন সিন্দূৰৰ দৃশ্য নহয়, সেয়া নিশ্চিত। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো বিভ্ৰান্তিকৰ। পুৰণি অসংগতিপূৰ্ণ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: পুৰণি আৰু সংগতিহীন ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma  

Result: False