
যোৱা ১৫ অক্টোবৰ ২০২৫ত অসমৰ বাক্সা জিলাৰ নিকাচিত থকা জিলা কাৰাগাৰলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ৫ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। তেওঁলোকক আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে নি কাৰাগাৰ চৌহদৰ ভিতৰত প্ৰবেশ পৰোৱাৰ সময়তেই তাত উপস্থিত থকা শ শ লোকে এক উত্তাল পৰিবেশ সৃষ্টি কৰে। অভিযুক্তসকলক লৈ যোৱা গাড়ীলৈ লক্ষ্য কৰি চেণ্ডেল তথা শিল বৰ্ষণ কৰে। সেই আক্ৰমণত এগৰাকী মহিলা কনিষ্টবল আহত হয়। ইয়াৰ পাছত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিছাৰ্জ কৰে আৰু পৰিস্থিতিৰ অৱনতি ঘটে। ইয়াৰ পাছতে জেলখনলৈ লক্ষ্য কৰি শ শ ৰাইজে শিল নিক্ষেপ কৰিবলৈ ধৰে। কেৱল ইমানেই নহয়, সাংবাদিক তথা আৰক্ষীৰ ওপৰতো আক্ৰমণ চলে আৰু সংবাদ মাধ্যম তথা আৰক্ষীৰ বাহন পৰ্যন্ত জ্বলাই দিয়ে একাংশই। আৰক্ষীৰ গুলীত দুজনকৈ লোক আহতও হয়।
এই পৰিপ্ৰেক্ষিততে উক্ত দিনটোত ফেচবুকত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’টোত দেখা গৈছে একাংশ যুৱকে কৰ্তব্যৰত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল আৰু নিৰাপত্তৰাক্ষীৰ উদ্যত বন্দুকৰ আগত দুহাত মেলি বুকু পাতি দিছিল। সেই ভিডিঅ’ত টেক্সট ওভাৰলে’(Text Overlay) কৰি লিখা আছিল- জুবিনদাৰ অনুৰাগীৰ কিমান সাহস। এবাৰ ছাই লোৱা। তাত হেশ্বটেগ দি #justiceforzubeen লিখা হৈছে। বৰ্তমান সময়ত অসমৰ সামাজিক মাধ্যমত justiceforzubeengarg তথা justiceforzubeen হেশ্বটেগ চলি আছে। এইদৰেই সেই দৃশ্যটো বাক্সাৰ বুলি তথা সেই সকল জুবিন অনুৰাগী বুলি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ২ অক্টোবৰ ২০২৫ত ইউটিউৱত এজন ক্ৰিয়েটৰে এই ভিডিঅ’টো আপলোড কৰি সেয়া ইছলাম ধৰ্ম ৰক্ষাৰ বাবে একাংশই এইদৰে সাহসেৰে ওলাই অহা বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা আমি জানিলোঁ যে বাক্সা কাণ্ডৰ অন্ততঃ ১৩দিন পূৰ্বৰে দৃশ্য এয়া।

ইয়াৰ পাছত আমি দেখিলোঁ ৩০ চেপ্তেম্বৰ ২০২৫ত ইনষ্টাগ্ৰামত আপলোড হোৱা একাধিক পোষ্টত এই ভিডিঅ’টোৰ ওপৰত টেক্সট ওভাৰলে’ কৰি I love Mohammad বুলি লিখা হৈছে।


তাৰ পাছত ক্ৰমে ৩০ চেপ্তেম্বৰ ২০২৫ আৰু ২৯ চেপ্তেম্বৰ ২০২৫ ইনষ্টাগ্ৰামত দিয়া দুটা পোষ্টত সেই ভিডিঅ’টোৰ ওপৰত I love Mohammad লিখাৰ উপৰিও হিন্দী ভাষাত ‘বৰেইলী মে’ বুলি লিখা আমি দেখিলোঁ।


২৮ চেপ্তেম্বৰ ২০২৫তো একেটা ভিডিঅ’ ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল আৰু তাতো I love Mohammad লিখা হৈছিল।

এইবাৰ আমি I Love Mohammad আৰু ‘বৰেইলী মে’ শব্দকেইটাৰ আঁত ধৰি সন্ধান কৰিলোঁ। তেতিয়া আমি একাধিক বাতৰি লাভ কৰিলোঁ। আমি জানিব পাৰিলোঁ যে যোৱা ২৭ ছেপ্টেম্বৰ, ২০২৫,শনিবাৰে আৰক্ষীয়ে স্থানীয় ধৰ্মগুৰু তৌকীৰ ৰাজা খানকে ধৰি ৮ জন লোকক গ্ৰেপ্তাৰ কৰে, যিসকলৰ ‘আই লাভ মুহাম্মদ’ অভিযানক সমৰ্থন কৰি বিক্ষোভৰ আহ্বান জনোৱাৰ ফলত উত্তৰ প্ৰদেশৰ বৰেইলী চহৰত তাৰ আগদিনা হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। শ্বাহজাহানপুৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নবীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শেহতীয়াকৈ কানপুৰত ঈদ-ই-মিলাদ-উন-নবী শোভাযাত্ৰাৰ সময়ত “আই লাভ মহম্মদ” লিখা বেনাৰ লৈ যোৱা লোকসকলৰ বিৰুদ্ধে কানপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবাদত শুকুৰবাৰে ইছলামিয়া গ্ৰাউণ্ডত প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল ইত্তেহাদ-ই-মিল্লাট কাউন্সিলৰ মুৰব্বী তৌকীৰ ৰাজা খানে। সেই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰি আৰু প্ৰতিবাদকাৰী আৰু আৰক্ষী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। শিলাবৰ্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰে প্ৰতিবাদকাৰীসকলে।

উত্তৰ প্ৰদেশৰ বৰেইলীৰ এই সংঘৰ্ষৰ সম্পৰ্কত প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এটা বাতৰি আমি এক্সত লাভ কৰিলোঁ।

ইয়াৰ পৰাই আমি নিশ্চিত হ’লোঁ যে যিটো ভিডিঅ’ ১৫ অক্টোবৰ ২০২৫ত বাক্সাত সংঘটিত হোৱা আৰক্ষী আৰু জুবিন অনুৰাগীৰ মাজৰ সংঘৰ্ষৰ সময়ৰ শিলাবৰ্ষণৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে তাৰে ১৯ দিন পূৰ্বেই ২৬ চেপ্তেম্বৰ ২০২৫ত উত্তৰ প্ৰদেশৰ বৰেইলীৰ ‘আই লাভ মহম্মদ’ শীৰ্ষক এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ বাক্সাত আৰক্ষী আৰু জুবিন অনুৰাগীৰ মাজৰ সংঘৰ্ষৰ সময়ৰ শিলাবৰ্ষণৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে তাৰে ১৯ দিন পূৰ্বেইউত্তৰ প্ৰদেশৰ বৰেইলীৰ ‘আই লাভ মহম্মদ’ শীৰ্ষক এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইসকল জুবিন অনুৰাগী নহয়। এয়া উত্তৰ প্ৰদেশৰ বৰেইলীত হোৱা এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্য।
Fact Check By: Pranjal SharmaResult: False
