
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আক্ৰমণত দিশহাৰা হৈছে ইজৰাইলৰ নাগৰিকসকল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম ক্লিপটো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ইনষ্টাগ্ৰামত এই একেটা ভিডিঅ’ পালোঁ। আমি যিটো ইনষ্টাগ্ৰাম হেণ্ডেলত এই ভিডিঅ’টো পালোঁ, সেইটো হেণ্ডেল ইতিমধ্যেই আমি আমাৰ পূৰ্বৰ এটা সত্যতা নিৰূপণত লাভ কৰিছিলোঁ। সেই হেণ্ডেলটোত যুদ্ধৰ পৰিবেশ দেখুৱাই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ আপলোড কৰা হয়।

আমি সেই হেণ্ডেলটোত এনেকুৱা অনেক ভিডিঅ’ পালোঁ, যিবোৰ কৃত্ৰিম অৰ্থাত AI Generated।


আমি সেই একেটা ভিডিঅ’কে AI Generated আৰু মনোৰঞ্জনৰ কাৰণে ইয়াত সৃষ্টি কৰা বুলি স্পষ্টভাৱে উল্লেখ কৰি আন এটা ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা আমি দেখিলোঁ।

আমি অধিক নিশ্চিতিৰ বাবে ইয়াক AI content detector tools কিছুমান ব্যৱহাৰ কৰি পৰীক্ষা কৰোতেও সেয়া কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বুলি জানিব পাৰিলোঁ। Hive Moderationৰ মতে ৯৯.৯ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

Sightengineৰ মতেও ই ৯৯ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

WasitAIৰ মতেও ই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এক দৃশ্য।

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক একাউণ্টটোৰ পৰা কৰা দাবীটো মিছা। এয়া ইজৰাইলৰ জনতাৰ ওপৰত ইৰাণৰ আক্ৰমণ নহয়। এয়া এক AI Generated দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:AI Generated ভিডিঅ’কে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False


