
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ আকাশত মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ ভয়ংকৰ প্ৰতিশোধ! ইৰাণৰ বুকুত মিছাইলৰ বৰ্ষণ। ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলে ল’লে এক কঠোৰ পদক্ষেপ। ইজৰাইলী বায়ুসেনাই ইৰাণৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি চলাইছে তীব্ৰ আকাশী আক্ৰমণ। সমগ্ৰ মধ্য-প্ৰাচ্যত এতিয়া মহাযুদ্ধৰ আশংকা।চাওক এই বিশেষ ৰিপোৰ্ট।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো আমি কীঃফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইউটিউৱত একাধিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি পালোঁ। সেই বাতৰিবোৰত আমি এই দৃশ্যটো দেখিলোঁ, যিটো ইজৰাইলে ইৰাণৰ আকাশত মিছাইলেৰে কৰা আক্ৰমণ বুলি দাবী কৰা প্ৰচাৰ কৰা হৈছে। ২০২৫ৰ জানুৱাৰীত প্ৰচাৰ হোৱা সেই বাতৰি চাই আমি জানিব পাৰিলোঁ যে ইলন মাস্কৰ স্পেছ এক্সৰ ষ্টাৰশ্বিপ ৰকেট বিষ্ফোৰণৰ ঘটনাৰ দৃশ্য সেয়া। NBC News ৰ বাতৰিটোত লিখা হৈছে এইদৰে- SpaceX Starship explosion debris lands on tropical island।

South China Morning Post ৰ বাতৰিটোত লিখা হৈছে এইদৰে-SpaceX’s Starship explodes in test flight

NDTV Worldৰ ২০২৫ৰ ১৭ জানুৱাৰীত প্ৰকাশিত “Success Is Uncertain”: Musk As Debris From Broken Starship Falls From Space শীৰ্ষক বাতৰিটোত কোৱা হৈছিল যে ইলন মাস্কৰ স্পেচএক্স ষ্টাৰশ্বিপ নামৰ পৰৱৰ্তী প্ৰজন্মৰ বিশাল মেগাৰৰকেটটোৰ শেহতীয়া পৰীক্ষাৰ অন্ত পৰে আটলাণ্টিকৰ ওপৰেৰে। ওপৰৰ অংশটো বিভাজিত হোৱাৰ ফলত মেক্সিকো উপসাগৰৰ ওপৰেৰে বিমান সংস্থাৰ বিমান সেৱাসমূহে তাৰ ধ্বংসাৱশেষৰ পৰা হাত সাৰিবলৈ গতিপথ সলনি কৰিবলৈ বাধ্য হয়। লিফ্ট অফৰ প্ৰায় সাত মিনিটৰ পাছত ষ্টেইনলেছ ষ্টীলৰ ছুপাৰ হেভি বুষ্টাৰটোৰ ছুপাৰছনিক গতি কমি আহে আৰু ছনিক বুম সৃষ্টি কৰে। তাৰ পাছত লঞ্চ টাৱাৰৰ অপেক্ষাৰত বাহুলৈ নামি আহে। বাতৰিটোত আমি তাৰে ফটো সংলগ্ন কৰা দেখিলোঁ, যিটো আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ খণ্ডচিত্ৰ।

লোকমত নিউজৰো ২০২৫ৰ ১৭ জানুৱাৰীত প্ৰকাশিত এক বাতৰিত ১৬ জানুৱাৰীত স্পেছএক্স ষ্টাৰশ্বিপৰ সেই ঘটনাটোৰ কথা সবিস্তাৰে লিখা হৈছে। সেই বাতৰিটো ইয়াত পঢ়িব পাৰিব। এই বাতৰিটো আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ খণ্ডচিত্ৰ দেখুওৱা হৈছে।

INDEPENDENT ৰ বাতৰিতো সেই ভিডিঅ’ সংলগ্ন কৰা হৈছে। তাতো আমি স্পেছএক্সৰ মাজ আকাশত বিষ্ফোৰণ ঘটা দৃশ্য দেখিলোঁ,যিটো ইজৰাইলৰ মিছাইল আক্ৰমণ বুলি দাবী কৰি অসমৰ ফেচবুক পেজটোৱে প্ৰচাৰ কৰিছে।

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৰ পৰা কৰা দাবীটো মিছা। যিটো দৃশ্য ইজৰাইলে ইৰাণৰ ওপৰত কৰা মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ২০২৫ৰ ১৬ জানুৱাৰীত ইলন মাস্কৰ স্পেছএক্স ষ্টাৰশ্বিপ মেগাৰকেট বিষ্ফোৰণৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ইজৰাইলেৰ ইৰাণৰ আকাশত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰি পুৰণি আৰু সংগতিবহীন দৃশ্য প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False


