
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ আকাশত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আকাশী আক্ৰমণত কঁপিল ইজৰাইলৰ চহৰসমূহ। শ শ মিছাইলৰ পোহৰেৰে পোহৰাই তুলিলে নিশাৰ আকাশ। এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী নেকি? আপুনি কি ভাবে, কমেন্টত জনাওক।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো ভালকৈ চাই দেখিলোঁ যে তাত দুটা ক্লিপ আছে। এটা ক্লিপত দেখা যায় যে মাটিৰ পৰা আকাশলৈ বুলি লক্ষ্য কৰি কোনো পোহৰৰ ৰেখা শাৰী শাৰীকৈ গৈ আছে আৰু আনটো ক্লিপত দেখা যায় যে আকাশত বিভিন্ন পোহৰৰ ৰেখা বিচৰণ কৰিছে। আমি সেই ক্লিপদুটাৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে কেইবাটাও লিংক লাভ কৰিলোঁ।
প্ৰথম ক্লিপটোৰ সত্যতাৰ সন্ধানত আমি ফেচবুক আৰু ইনষ্টাগ্ৰামত সেই দৃশ্যটো ২০২৫ৰ ২৩ জুনত আপলোড কৰা দেখিলোঁ। Faynuus Media নামৰ ফেচবুক পেজটোত সেই দৃশ্যটো আপলোড কৰি চোমালী ভাষাত কেপছন লিখিছে এইবুলি-ciidamada ilaalada kacaanka eeiiraan ayaa muuqaalkaan baahiyay siigudbi। ইয়াৰ অৰ্থ হৈছে- ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এই ভিডিঅ’টো মুকলি কৰিছে।

Adado Press নামৰ ফেচবুক পেজটোতো ২০২৫ৰ ২৩জুনত এই ক্লিপটো আপলোড কৰি চোমালী ভাষাত Ciidamada ilaalada kacaanka iraan ayaa muuqaalkan baahiyay ayago kuso dul qoray Cashadu wali si fiican uma bislaan waxay u baahan tahay dab badan” বুলি কেপছন লিখা হৈছে, যাৰ অসমীয়া অৰ্থ হৈছে -ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে ভিডিঅ’টো প্ৰকাশ কৰি লিখিছে যে, “ৰাতিৰ আহাৰ এতিয়াও সঠিকভাৱে ৰন্ধা হোৱা নাই, ইয়াক বহুত জুইৰ প্ৰয়োজন।”

একেদিনাই ইনষ্টাগ্ৰামতো সেই দৃশ্যটো আপলোড কৰা হৈছিল। তাত Long live Ir@n বুলি লিখা হৈছিল।

আন এটা ইনষ্টাগ্ৰাম হেণ্ডেলতো সেই একেটা দিনতে এই ক্লিপটো আপলোড কৰা হৈছিল।

একেই কেপছনেৰে সেই ক্লিপটো ২৪ জুন ২০২৫তো আপলোড কৰা হৈছিল। সেয়া ইয়াত চাব পাৰিব।
আমি আটাইকেইটা পোষ্টৰ সৈতে ইৰাণৰ নাম জৰিত হৈ থকাত তথা ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ নাম উল্লেখ থকাত আমি আমাৰ সন্ধান সেই দিশত আগুৱাই লৈ গ’লোঁ। কিন্তু Islamic Revolutionary Guard Corps তৰফৰ পৰা উল্লিখিত দিনটোত এই ক্লিপটো প্ৰকাশ কৰাৰ কোনো তথ্য আমি লাভ নকৰিলোঁ। তাৰ পৰাই আমি নিশ্চিত হওঁ যে এই ক্লিপটো ইৰাণ আৰু ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ নহয়। লগতে এয়া ইৰাণৰ তৰফৰ পৰা প্ৰকাশ কৰা ক্লিপ বুলিও নিৰ্ভৰযোগ্য কোনো তথ্য নাই।
ইয়াৰ পাছত আমি দ্বিতীয় ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু সেয়া ইলন মাস্কৰ SpaceX Starshipৰ আকাশত হোৱা এক বিষ্ফোৰণৰ দৃশ্য বুলি তথ্য লাভ কৰিলোঁ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ আকাশত সেই দৃশ্য উপলব্ধ হৈ পৰিছিল। ২০২৫ৰ ১৭ জানুৱাৰীত সেই ঘটনা ঘটিছিল। ইউটিউৱত সেই দৃশ্য উল্লিখিত দিনটোত আপলোড কৰা আমি দেখিলোঁ।

ইনষ্টাগ্ৰাম আৰু ফেচবুকতো সেই দিনটোত সেই দৃশ্য বিভিন্ন প্ৰান্তৰ পৰা আপলোড কৰা হৈছিল। সেই পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।
এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৰ পৰা কৰা দাবীটো মিছা। সেই ভিডিঅ’ ক্লিপ দুটা ইৰাণে শেহতীয়াকৈ ইজৰাইলক আক্ৰমণ কৰা দৃশ্য নহয়। সেয়া পুৰণি আৰু সংগতিহীন দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পুৰণি আৰু সংগতিবহীন দৃশ্যৰে ইৰাণে ইজৰাইলৰ আকাশত কৰা আক্ৰমণ বুলি দাবী।
Fact Check By: Pranjal SharmaResult: False


