হায়দৰাবাদৰ পুৰণি দৃশ্যকে শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটা ফেচবুক পেজত শ্ৰীলংকাৰ দ্বিতৱাহ ঘূৰ্ণীবতাহ আৰু তাৰ প্ৰভাৱ সম্পৰ্কত পৰিবেশিত এক ভিডিঅ’বাৰ্তাত কেইখনমান আলোকচিত্ৰ ব্যৱহাৰ কৰা হৈছে। সেয়া শ্ৰীলংকাৰ দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এখন বিশেষ আলোকচিত্ৰত আমাৰ দৃষ্টি নিৱদ্ধ হয়। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই আলোকচিত্ৰখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ২৭ চেপ্তেম্বৰ ২০২৫ত প্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান ডেক্কান হেৰাল্ডে নিজৰ এক্স হেণ্ডেলত দিয়া এটা টুইটত ব্যৱহাৰ কৰা এটা ভিডিঅ’ত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ অংশ দেখা পালোঁ। টুইটটোত লিখা হৈছে এইদৰে- #Hyderabad | Heavy rains raise Musi river levels. Authorities begin evacuation from low lying areas.#Telangana। অৰ্থাত সেই দৃশ্য শ্ৰীলংকাৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰায় দুমাহ পূৰ্বৰ আৰু টেলেংগানাৰ হায়দৰাবাদৰ বুলি জানিব পাৰিলোঁ। 

আনহাতে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই একেটা দিনতে এক্সত দিয়া টুইট এটাত একেটা ভিডিঅ’ আপলোড কৰি লিখিছে- VIDEO | Hyderabad: Uninterrupted rains in Hyderabad have led to rising water levels in the Moosi river catchment areas, especially around Moosarambagh. Authorities have issued alerts and are shifting residents from low-lying and flood-prone localities to safer places as a precautionary measure.

ইয়াৰ পৰাই আমি নিশ্চিত হ’লোঁ যে যিটো দৃশ্য শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহ দুৰ্যোগৰ বুলি দাবী কৰা হৈছে, সেয়া আচলতে যোৱা ছেপ্তেম্বৰত টেলেংগানাৰ হায়দৰাবাদত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুছি নদীত ওফন্দি উঠা পানীৰ মাজৰ এক দৃশ্যহে। সেই সম্পৰ্কে দ্য হিন্দু আৰু হিন্দুস্তান টাইমছৰ বাতৰিও আমি লাভ কৰিলোঁ। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো দৃশ্য শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহ দুৰ্যোগৰ বুলি দাবী কৰা হৈছে, সেয়া আচলতে যোৱা ছেপ্তেম্বৰত টেলেংগানাৰ হায়দৰাবাদত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুছি নদীত ওফন্দি উঠা পানীৰ মাজৰ এক দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হায়দৰাবাদৰ পুৰণি দৃশ্যকে শ্ৰীলংকাৰ শেহতীয়া দ্বিতৱাহৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

Fact Check By: Pranjal Sharma  

Result: False