বিদেশৰ এই সংগীতৰ দলটোৱে জুবিন গাৰ্গৰ গীতৰ সুৰ বজোৱা নাছিল। কি বজাইছিল জানো আহক।  

False Social

শেহতীয়াকৈ  অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে বিদেশত এটা সংগীত শিল্পীৰ দলে জুবিন গাৰ্গৰ গীতৰ সুৰ বজাইছে। ভিডিঅ’টোত দেখা গৈছে যে এক বিশেষ যন্ত্ৰত উঠি কেইগৰাকীমান সংগীত শিল্পীয়ে চেক্স’ফোন, গীটাৰ, ড্ৰাম আদি বজাইছে আৰু আৱহত শুনা গৈছে হিয়া দিয়া নিয়া নামৰ অসমীয়া চিনেমাখনত জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু কণ্ঠেৰে ব্যৱহৃত নহ’লে পৰিচয় হিয়াৰে গীতটিৰ সুৰটো। ফেচবুক পোষ্টটোৰে দাবী কৰা হৈছে যে সেই সুৰটো ভিডিঅ’ত দেখা বিদেশী সংগীতশিল্পীৰ দলটোৱে বজাইছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি শ্বাটাৰষ্টকত সেই দলটোৰ এখন ফটো পালোঁ। ফটোখনৰ বিৱৰণত আমি দেখিলোঁ যে তাত আজাৰবাইজান আৰু বাকু বুলি লিখা দেখিলোঁ। 

আমি ইউটিউৱত সেই দলটোৰ এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত দেখিলোঁ যে যিখিনি স্থানত ওপৰোক্ত ফটোখন লোৱা হৈছিল,সেই স্থানতেই এই ভিডিঅ’টোও কৰা হৈছে। তাৰ প্ৰমাণ স্বৰূপে আমি দেখিলোঁ তেওঁলোকৰ সংগীতানুষ্ঠান চলি থকা ঠাইখিনিৰ মজিয়া অংশ ফটোখনৰ সৈতে একেই। তদুপৰি তাত SILVA বুলি লিখা এক প্ৰতিষ্ঠানো আমি লক্ষ্য কৰিলোঁ।

ইনষ্টাগ্ৰামতো আমি সেই একেটা দলৰে একেই স্থানৰে আন এটা ভিডিঅ’ পালোঁ। তাতো SILVA বোলা সেই প্ৰতিষ্ঠানখন আমি দেখিলোঁ তথা তাৰো মজিয়া অংশ একেই। 

আমি ফেচবুকত এই একেটা দলৰে একেটা স্থানতে কৰা আন এটা ভিডিঅ’ পালোঁ। আজাৰবাইজানী ভাষাত কেপছন লিখা ভিডিঅ’টোৰ কেপছনৰ অসমীয়া অনুবাদ মতে- বাকুৰ মাজমজিয়াত এটি অস্বাভাৱিক সংগীত পৰিবেশন । “তৰ্গোভায়া”ত এক মজাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। স্পেইন, ব্রাজিল আৰু আর্জেন্টিনাৰ পৰা অহা সংগীতশিল্পীয়ে বিভিন্ন পৰিবেশন কৰে। .

এইবাৰ আমি সন্ধানকালত এই দলটোৰ আন এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টোত এই দলটোৰ সম্পৰ্কত কিছু তথ্য লিখা দেখিলোঁ। তাত লিখা তথ্য মতে চিজাৰ আৰভাৰেজ নামৰ শিল্পীগৰাকীয়ে এই দলটো গঠন কৰিছে। তেওঁলোক ফেক্টৰী চাৰ্কুলাৰ নামৰ এটা থিয়েটাৰ কোম্পানী। তেওঁলোক মূলতঃ স্পেইনৰ আৰু তেওঁলোকে প্ৰদৰ্শন কৰা এই সংগীতযন্ত্ৰৰ নাম ৰোডাফোনিও। 

ওপৰোক্ত ফেচবুক পোষ্টটোত উল্লেখ থকা ফেক্টৰী চাৰ্কুলাৰৰ ৱেবছাইটটো আমি পৰীক্ষা কৰিলোঁ। তাত আমি তেওঁলোকৰ সেই ৰোডাফোনিও অনুষ্ঠানৰ বিভিন্ন ফটো, ভিডিঅ’ লাভ কৰাৰ লগতে কিছু তথ্যও পালোঁ। স্পেনিছ ভাষাত লিখা বৰ্ণনাৰ অনুবাদ হৈছে-ঃ উদ্ভাৱনৰ যাদুকৰী জগতখনৰ পৰাই আহিছে RODAFONIO। এটা বিশাল চকা যিয়ে নিজৰ ধাতুৰ স্থানৰ ভিতৰত পাঁচজন ক্ৰু মেম্বাৰ কঢ়িয়াই ৰাজপথত ঘূৰি ফুৰে, যিয়ে নিজকে ইয়াৰ লগত একত্ৰিত কৰি সংগীতৰ জৰিয়তে ইয়াক গতি প্ৰদান কৰে। 

এটা সাহসী মঞ্চায়ন, এক যান্ত্ৰিক আশ্চৰ্য্য যিয়ে গাণিতিক সূত্ৰ আৰু সংগীতৰ স্কোৰৰ মাজত ৰাস্তাৰ উৎসৱমুখৰ পৰিবেশৰ সৈতে জীৱন্ত হৈ উঠে। সংগীতে যান্ত্ৰিকতাক লৰচৰ কৰে নে যান্ত্ৰিকতাই সংগীতক লৰচৰ কৰে? এক ভ্ৰমণকাৰী ৰাজপথ পৰিবেশন, এক গতিশীল জ্যামিতি যিয়ে দৃশ্য আৰু শব্দৰ ঘনীভূতকৰণক আকোৱালি লয়।

ইয়াৰ পাছতেই আমি ফেক্টৰী চাৰ্কুলাৰৰ ফেচবুক পেজটোও পালোঁ। তাত আমি সেই ভিডিঅ’টো দেখিলোঁ, যিটো ভিডিঅ’ আমি আমাৰ অনুসন্ধানৰ আৰম্ভনীতে লাভ কৰিছিলোঁ। তাত আজাৰবাইজান, বাকু বুলি টেক্সট ওভাৰলে’(Text Overlay) কৰি লিখা আছে। আৰু সেই স্থানৰ একেই মজিয়া অংশ আৰু তাত থকা SILVA নামৰ প্ৰতিষ্ঠানটোও আমি দেখিলোঁ। 

ইয়াৰ পৰাই আমি নিশ্চিত হও যে সেই দলটোৰ সেই দৃশ্য আজাৰবাইজানৰ বাকুৰ। আমি মন কৰিলোঁ যে তেওঁলোকে আজাৰবাইজানৰ বাকুত এটা বিশেষ সংগীত পৰিবেশন কৰিছিল। আটাইকেইটা ভিডিঅ’টে আমি সেই সংগীতটো শুনিবলৈ পালোঁ। জানিব পাৰিলোঁ যে তেওঁলোকে সেই সংগীতটো এইদৰে ৰাজপথ বা ৰাজহুৱা স্থানত পৰিবেশন কৰে। 

আৰু অৱশেষত আমি সেই মূল ভিডিঅ’টো পালোঁ, যিটো ভিডিঅ’কে আপলোড কৰি অসমৰ ব্যৱহাৰকাৰীজনে তাত জুবিন গাৰ্গৰ গীতৰ সুৰ বজোৱা বুলি দাবী কৰিছিল। এগৰাকী ভ্লগাৰে আজাৰবাইজনাৰ বাকুত সেই ভিডিঅ”টো প্ৰস্তুত কৰিছিল। ভিডিঅ’টোত তেওঁ উল্লেখ কৰিছে সেই কথা। সেই ভিডিঅ’টোতো আমি ইতিপূৰ্বেই শুনা, বাকুত তেওঁলোকে পৰিবেশন কৰা সংগীতটো শুনিবলৈ পালোঁ। 

 

এই তথ্য আৰু প্ৰমাণে নিশ্চিত কৰিছে যে স্পেইনৰ ফেক্টৰী চাৰ্কুলাৰ নামৰ থিয়েটাৰ দলটোৰ ৰোডাফোনিও নামৰ সংগীত পৰিবেশন ব্যৱস্থাই আজাৰবাইজানৰ বাকুত পৰিবেশন কৰা সংগীত আৰু সুৰটো জুবিন গাৰ্গৰ ‘নহ’লে পৰিচয় হিয়াৰে’ গীতটিৰ সুৰ নহয়। সেয়া এটা ভিন্ন সুৰ আৰু সংগীত। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  যে দাবীটো মিছা।  ৰোডাফোনিও নামৰ সংগীত পৰিবেশন ব্যৱস্থাই আজাৰবাইজানৰ বাকুত পৰিবেশন কৰা সংগীত আৰু সুৰটো জুবিন গাৰ্গৰ ‘নহ’লে পৰিচয় হিয়াৰে’ গীতটিৰ সুৰ নহয়। সেয়া এটা ভিন্ন সুৰ আৰু সংগীত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিদেশৰ এই সংগীতৰ দলটোৱে জুবিন গাৰ্গৰ গীতৰ সুৰ বজোৱা নাছিল। কি বজাইছিল জানো আহক।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *