পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত ২০২৩ত হোৱা দুৰ্ঘটনাৰ দৃশ্য অপাৰেচন সিন্দূূৰৰ বুলি প্ৰচাৰ।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া এটা এয়াৰবেচৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdV-CwDlGp2HFInzq2bunrrkP_CxvzG8MKTjdgckFPdI9rP_98eFOwroZne34Bx7puKrHtWGZDl-NJES37rH0LJFh8sNQrfIg49TKRjdIs2rgOw01u63D-RzoDNo2fSkoLZtmI0uQ?key=qBFISFw8FtEEXsRgRq0Qcw

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৩ৰ ৭ ডিচেম্বৰত ইউটিউৱত আপলোড হোৱা এই ভিডিঅ’টো আমি দেখিলোঁ। ইয়াৰ অৰ্থ হৈছে ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ তো নহয়েই, ২০২৫চনৰো কোনো দৃশ্য নহয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXemkJusfelqyUq4JvkTgtvsiLFsXHlBI0LOY29qMjXR6rcLXHgcjXmR9487DyL7Q1ev6y_4Z1CcCIELY0c4rZtk1V7bl2KJSM0QPsy8OqRiJa-0q2nSVyALviK60GeLeWT4teEzSA?key=qBFISFw8FtEEXsRgRq0Qcw

ভিডিঅ’টোৰ বিৱৰণ অনুসৰি সেয়া নুৰ খান এয়াৰবেচৰ সমুখত হোৱা এটা টেংকাৰ দুৰ্ঘটনাৰ দৃশ্য। 

২০২৩ চনৰ ৭ ডিচেম্বৰত ফেচবুকত আপলোড হোৱা একেটা ভিডিঅ’ আমি লাভ কৰিলোঁ। তাতো উল্লেখ কৰা আছিল যে নুৰ খান এয়াৰবেচৰ সমুখত টেংকাৰ দুৰ্ঘটনা ঘটিছিল। সেয়া তাৰেই দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcLHk7U5UxcZtmzoWFlU_wBQ58Rm0-cYe5Y9sTUjduR5ckOApj0rjSngyiDDTotufrWL1AZ3pVBtxmJHiiQovTh333mVXBv3dkRtNfxtTzClc2g2XNjNvNvsBOhwvA1JLmVy1FBvQ?key=qBFISFw8FtEEXsRgRq0Qcw

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰেৰে ভাৰতে পাকিস্তানৰ এয়াৰবেচ ধ্বংস কৰা দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ ৭ ডিচেম্বৰত পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত হোৱা এক টেংকাৰ দুৰ্ঘটনাৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰেৰে ভাৰতে পাকিস্তানৰ এয়াৰবেচ ধ্বংস কৰা দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ ৭ ডিচেম্বৰত পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত হোৱা এক টেংকাৰ দুৰ্ঘটনাৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত ২০২৩ত হোৱা দুৰ্ঘটনাৰ দৃশ্য অপাৰেচন সিন্দূূৰৰ বুলি প্ৰচাৰ।

Written By: Pranjal Sharma 

Result: False