ধ্বংসস্তুপ আৰু ছাইৰ মাজত অক্ষত অৱস্থাত থকা ৰঙা মূধচৰ ঘৰটো কেলিফৰ্ণিয়াৰ নহয়।

False Social

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে কেলিফৰ্ণিয়াৰ বনজুই সন্দৰ্ভত এটা দীঘলীয়া পোষ্ট লিখি তাত বহুকেইখন ফটো আপলোড কৰিছিল। দাবী কৰিছিল যে সেই ফটোবোৰ বনজুয়ে ধ্বংস কৰা কেলিফৰ্ণিয়াৰ ফটো। 

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি এখন এখনকৈ আটাইকেইখন ফটোৰে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তাৰে ভিতৰত এখন ফটোৰ বাহিৰে বাকী ফটোকেইখন কেলিফৰ্ণিয়াৰ বনজুইৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ঠাইৰ ফটো বুলি আমি জানিব পাৰিলোঁ। কিন্তু এখন ফটোত আমি থমকি ৰ’বলগীয়া হ”ল। কাৰণ সেই বিশেষ ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে ২০২৩ চনৰ ২২ আগষ্টত তুৰ্কী ভাষাত প্ৰকাশিত এক প্ৰতিবেদন আমি লাভ কৰিলোঁ। এই প্ৰতিবেদনত অলপ বেলেগ এংগলৰ পৰা লোৱা সেই ফটোখন আৰু ৰঙা মূধচৰ সেই ঘৰটোৰ আকাশৰ পৰা সংগ্ৰহ কৰা দৃশ্যৰ ভিডিঅ’ সন্নিবিষ্ট কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, এই ভিজুৱেলটো হাৱাইৰ মাউইৰ লাহাইনা অঞ্চলৰ। প্ৰতিবেদনত লিখা আছিল, “বিশ্বৰ অন্যতম প্ৰিয় অৱসৰ বিনোদনৰ স্থান হাৱাইত বিধ্বংসী জুই। কিছুমান চহৰ আৰু ৰিজ’ৰ্ট অঞ্চল সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যোৱাৰ বিপৰীতে হাৱাইৰ মাউইৰ লাহাইনা অঞ্চলটোও জ্বলি ছাই হোৱা অঞ্চলবোৰৰ ভিতৰত অন্যতম আছিল। সকলো ঘৰ জ্বলি থকাৰ সময়তে সেই অঞ্চলটোত এটা ঘৰ তেনেকৈয়ে থাকিল। ৰঙা মূধচৰ সেই ঘৰটোৰ চাৰিওফালে বহু অঞ্চল জ্বলি থকাৰ সময়তো ঘৰটোৰ একো নহ’ল।

অগ্নিকাণ্ডৰ পূৰ্বে ঘৰটো পুনৰ্নিমাণ কৰা হৈছিল। 

ফ্ৰন্ট ষ্ট্ৰীটত থকা ঘৰটোৰ মালিক মিলিকিন পৰিয়ালে কৌতুহলৰ বিষয় হৈ পৰা ঘৰটোৰ বিষয়ে কয়ঃ- “এই অগ্নিকাণ্ডত আমি আমাৰ ওচৰ-চুবুৰীয়াক হেৰুৱালোঁ; তেওঁলোকে নিজৰ সকলো হেৰুৱাই পেলালে।” শেহতীয়াকৈ মিলিকিন পৰিয়ালে ধাৰাবাহিকভাৱে তেওঁলোকৰ হাৱাইস্থি ঐতিহাসিক সেই ঘৰটোৰ উন্নিতকৰণৰ কাম সম্পূৰ্ণ কৰি আছে। তেওঁলোকৰ লক্ষ্য জুই ৰোধ কৰা নাছিল বুলি উল্লেখ কৰি ঘৰটোৰ মালিক ড’ৰা এটৱাটাৰ মিলিকিনে কয় যে “আমি পুৰণি অট্টালিকা ভাল পাওঁ। আমি ঐতিহাসিক প্ৰলেপটো সংৰক্ষণ কৰিব বিচাৰিছিলোঁ।” ঘৰৰ মূধচখনৰ কাঠৰ অংশটো পৰিষ্কাৰ কৰা হৈছিল। জুইৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ সাৱধানতা বুলি গণ্য কৰি ক্লাছিক হাৱাইৰ ঘৰবোৰৰ মূধচত সাধাৰণতে দেখা পোৱা কাঠৰ অংশবোৰ আঁতৰাই তাৰ ঠাইত ধাতুৰ অংশ লগোৱা হৈছিল। ঘৰৰ অতি ওচৰত থকা গছৰ পাতবোৰৰ ডাল-পাতবোৰ ভালকৈ কাটি পেলোৱা হৈছিল।

সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িব পাৰিব।

এই সূত্ৰটো লৈ প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি আমি ২০২৩ চনৰ ২৪ আগষ্টত প্ৰকাশিত আন এক বাতৰিৰ প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদনত ভাইৰেল ফটোখন আছিল। প্ৰতিবেদন অনুসৰি, “পশ্চিম মাউইৰ ঐতিহাসিক লাহাইনাক ধ্বংস কৰা জুইৰ মাজতো ৰঙা মূধচৰ এটা ঘৰ তুলনামূলকভাৱে অক্ষত অৱস্থাত ৰয়। ঘৰটোৰ মালিকে কয় যে তেওঁ চুবুৰীটোৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াত সহায় কৰিবলৈ তেওঁৰ ঘৰটো বাবে মুকলি কৰি ৰাখিব বিচাৰে।”

সবিস্তাৰে ইয়াত পঢ়িব পাৰিব। 

তদুপৰি ২০২৩ চনৰ ২২ আগষ্টত প্ৰকাশিত বিবিচিৰ এক প্ৰতিবেদনত লিখা আছিল, “মাউইৰ জুইত ছাই আৰু ধ্বংসস্তূপত পৰিণত হোৱা চুবুৰীটোত কোনো ক্ষতি নোহোৱাকৈ ৰৈ যোৱা মাত্ৰ এটা ৰঙা মূধচৰ ঘৰৰ ফটো ভাইৰেল হৈছে। লাহাইনা চহৰৰ অধিকাংশ অঞ্চল ধ্বংস হোৱাৰ বিপৰীতে ফ্ৰন্ট ষ্ট্ৰীটৰ ১০০ বছৰীয়া সেই কাঠৰ ঘৰটো এতিয়াও অক্ষত হৈ আছে। মালিকসকলে ভাবিবলৈ বাধ্য হৈছে, কি শক্তিয়ে এই ঘৰটো ৰক্ষা কৰিলে…”

অনুগ্ৰহ কৰি সেই প্ৰতিবেদন ইয়াত পঢ়ক। একেটা বিষয়কে লৈ আন এক ভিডিঅ’ প্ৰতিবেদন ইয়াত চাব পাৰিব।

উল্লেখযোগ্য যে ২০২৩ চনৰ আগষ্টৰ আৰম্ভণিতে আমেৰিকাৰ হাৱাই ৰাজ্যত , প্ৰধানকৈ মাউই দ্বীপত ধাৰাবাহিকভাৱে বনজুইৰ ঘটনা সংঘটিত হৈছিল। বতাহৰ ফলত সৃষ্টি হোৱা অগ্নিকাণ্ডৰ ফলত মাউইৰ উত্তৰ-পশ্চিম উপকূলৰ লাহাইনা চহৰত কমেও ১০২ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক নিৰুদ্দিষ্ট হৈছিল। ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ৰঙা মূধচৰ ঘৰটোৰ সেই ফটোখন পুৰণি আৰু সেয়া ২০২৩ চনত হাৱাইৰ বনজুইৰ সময়ৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৰঙা মূধচৰ ঘৰ এটা বনজুইৰ পৰা ৰক্ষা পৰা সেই ফটোখন শেহতীয়াকৈ কেলিফৰ্ণিয়াত সংঘটিত হোৱা বনজুইৰ সময়ৰ নহয়। সেয়া ২০২৩ চনত লাহাইনা হাৱাইৰ বনজুইৰ পৰা ৰক্ষা পোৱা ঘৰটোৰ ফটোহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ধ্বংসস্তুপ আৰু ছাইৰ মাজত অক্ষত অৱস্থাত থকা ৰঙা মূধচৰ ঘৰটো কেলিফৰ্ণিয়াৰ নহয়।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *