
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টোত দেখা শীৰ্ণকায় বৃদ্ধ ব্যক্তিগৰাকীৰ বয়স ৩০০ বছৰ।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিছিলোঁ। এই সন্ধানে আমাক কিছুমান বিশ্বাসযোগ্য বাতৰিৰ উৎসলৈ লৈ গ’ল। য’ত মানুহজন আধ্যাত্মিক সাধনাৰ প্ৰতি নিষ্ঠাশীল আৰু অনন্য জীৱনশৈলীৰ বাবে পৰিচিত হিন্দু সন্ত চিয়াৰম বাবা বুলি চিনাক্ত হ’ল। এই সূত্ৰসমূহৰ মতে, চিয়াৰম বাবাৰ বয়স প্ৰায় ১১০ বছৰ বুলি অনুমান কৰা হৈছে— দাবী কৰা ধৰণে ৩০০ বছৰ নহয়। শেহতীয়াকৈ ভাৰতৰ সংবাদ মাধ্যমত,বিশেষকৈ ২০২৪ৰ অক্টোবৰ মাহত, তেওঁৰ কথা বহুলভাৱে আলোচনা হোৱাৰ কাৰণ আছিল তেওঁৰ অসাধাৰণভাৱে দীঘলীয়া আয়ুস আৰু সক্ৰিয় আধ্যাত্মিক জীৱন । অধিক বিৱৰণ ইয়াত,আৰু ইয়াত পোৱা যাব।
চিয়াৰম বাবাৰ এটি ভিডিঅ’ ইয়াত চাব পাৰিব।
ওপৰৰ ভিডিঅ’টোৰ এটা ফ্ৰেমৰ লগত ভাইৰেল ভিডিঅ’টোৰ এটা ফ্ৰেমৰ তুলনা তলত দিয়া হৈছে।
চিয়াৰাম বাবা কোন?
চিয়াৰাম বাবা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ ভগৱান শ্ৰীৰাম আৰু হনুমানৰ প্ৰতি নিষ্ঠাবান এগৰাকী হিন্দু সাধু। তেওঁ প্ৰতিদিনে ধৰ্মগ্ৰন্থ অধ্যয়ন আৰু পাঠ কৰি সময় কটায়। কোৱা হয় যে তেওঁ এইদৰে দৈনিক ২১ ঘণ্টা সময় উচৰ্গা কৰে। বৰ্তমান মধ্যপ্ৰদেশৰ খাৰগোণ জিলাৰ ভট্যান আশ্ৰমত বাস কৰা চিয়াৰাম বাবাক তেখেতৰ অনুগামীসকলে এই বৃদ্ধ বয়সতো তেখেতৰ ভক্তিময় জীৱনশৈলী আৰু সক্ৰিয়তাৰ বাবে অতিকৈ শ্ৰদ্ধা কৰে। তেখেতৰ একাংশ অনুগামীৰ মতে চিয়াৰাম বাবাৰ বয়স ১৩০ বছৰ পৰ্যন্ত হ’ব পাৰে। কিন্তু বহু নিৰ্ভৰযোগ্য সূত্ৰই তেখেতৰ বয়স ১০৯ বা ১১০ বছৰ বুলি অনুমান কৰিছে। তেখেতৰ সক্ৰিয় জীৱনশৈলীৰ লগতে চশমাৰ প্ৰয়োজন নোহোৱাকৈয়ে গ্ৰন্থ অধ্যনয় কৰিব পৰা ক্ষমতাৰ বাবে তেখেতৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰে। কিন্তু তেওঁৰ বয়স ৩০০ বছৰ বুলি কৰা দাবীটোৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা হোৱা নাই। অধিক বিৱৰণ ইয়াত পঢ়িব পাৰিব।
ঐতিহাসিক আৰু জৈৱিক প্ৰসংগ:
কেইবা শতিকাও জীয়াই থকা মানুহৰ দাবীৰ ক্ষেত্ৰত প্ৰায়ে বৈজ্ঞানিক ভিত্তিৰ অভাৱ হোৱা দেখা যায়। শতবৰ্ষীয় লোকৰ উদাহৰণ বিৰল । ১১০ বছৰৰ ওপৰত জীয়াই থকা ব্যক্তিও বিৰল। আধুনিক বিজ্ঞানে এজন মানুহ ৩০০ বছৰ পৰ্যন্ত জীয়াই থকাৰ কোনো পৰীক্ষিত তথ্য পোৱা নাই। আচলতে আটাইতকৈ পুৰণি বা বৰ্ষীয়ান ব্যক্তি হিচাপে নথিভুক্ত আৰু অভিলিখিত মানুহ ফ্ৰান্সৰ জিন কেলমেণ্টে ১২২ বছৰ বয়সলৈকে জীয়াই আছিল। চিয়াৰাম বাবাৰ ক্ষেত্ৰত তেওঁৰ সজীৱতা বা সক্ৰিয়তা উল্লেখযোগ্য হ’লেও তেওঁৰ বয়স ১১০-১৩০ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে, যিটো আন দীৰ্ঘজীৱী ব্যক্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ।
তদুপৰি আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এক বিশ্লেষণ অনুসৰি এই শতিকাত এজন ব্যক্তি ৩০০ বছৰৰ ওপৰত জীয়াই থকাৰ সম্ভাৱনা অতি কম।
এই তথ্য প্ৰমাণে ইয়াকে সূচায় যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে যিগৰাকী ব্যক্তিক ৩০০ বছৰ জীয়াই থকা ব্যক্তি বুলি দাবী কৰিছে, তেখেত আচলতে চিয়াৰাম বাবা নামৰ এগৰাকী ধাৰ্মিক ব্যক্তিহে,যাৰ বয়স আনুমানিক ১১০ বছৰ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিগৰাকী ব্যক্তিক ৩০০ বছৰ জীয়াই থকা ব্যক্তি বুলি দাবী কৰিছে, তেখেত আচলতে চিয়াৰাম বাবা নামৰ এগৰাকী ধাৰ্মিক ব্যক্তিহে,যাৰ বয়স আনুমানিক ১১০ বছৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মধ্য প্ৰদেশৰ প্ৰায় ১১০বছৰীয়া চিয়াৰাম বাবা নামৰ ব্যক্তিগৰাকীৰ বয়স ৩০০ বছৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
