দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে। 

Missing Context Political

শেহতীয়াভাবে অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কোনো এক স্থানৰ প্ৰতিবাদৰ ভিডিঅ’ মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিৰুদ্ধে ৰাইজে উলিওৱা প্ৰতিবাদ বুলি দাবী কৰি সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। আমালৈয়ো সেই ভিডিঅ’টো আহি পৰিছে।   

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf1XCDbwXlxndFOH85brd2OWLEjxiE2aMgYTszqxWCXJF1C2LcE_Ks4aeRMYQEHjO5RerIefuxSsOCyiuIBcIgOMvEswyb7ud1z7ajTsyuszDci2g971vKvNHNz72c9_C8Xs19xxw?key=Ot5LqOhHxdex97z4h-t6A8f9

Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পাছত ইভিএম আঁতৰোৱাৰ দাবীত এনে কোনো বিক্ষোভ বা প্ৰতিবাদ কৰা হৈছিল নেকি তাৰ সন্ধান কৰিলোঁ। ফলাফলত আমি  তেনে কোনো তথ্য নাপালোঁ। তাৰ পাছত আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। এই কাম কৰি আমি ছ’চিয়েল মিডিয়াত এনে পোষ্ট পালোঁ য’ত এই ভিডিঅ’টোক দিল্লীৰ যন্তৰ মন্তৰত ইভিএমৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বুলি অভিহিত কৰা হৈছিল। আমি লক্ষ্য কৰিলোঁ যে এজন ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’ ২০২৪ চনৰ ৩১ জানুৱাৰীত এক্সত পোষ্ট কৰিছিল। 

একেটা ভিডিঅ’ ২০২৪ চনৰ ৩১ জানুৱাৰীত আন এজন এক্স ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। ইয়াৰ দ্বাৰা 

প্ৰমাণিত হৈছে যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়। 

ইয়াৰ পাছত আমি ২০২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত স্পেচিয়েল ইণ্ডিয়া নিউজ নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ পালোঁ। ইয়াত ভাইৰেল ভিডিঅ’টোৰ প্ৰাৰম্ভিক অংশটো চাব পাৰিব। ইভিএমৰ বিৰুদ্ধে এই বিক্ষোভ দিল্লীৰ যন্তৰ মন্তৰত সংঘটিত হোৱা বুলি কোৱা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdU_aBxLSD6RGDT2Z5fKSZjlxwhFWC0T_i-3aJd5cRMBlJpRpwDgGzNWnZ9zkYAWe5PgMSfz3ewbbH1Xfet040CSN-cv5DVCsqreLzvxBJBuqG4Y6_Kf8x1PwW1590UeJ-borEXlg?key=Ot5LqOhHxdex97z4h-t6A8f9

ইয়াৰ উপৰিও আমি এই প্ৰতিবাদৰ দ্বিতীয়টো ভিডিঅ’ ২০২৪ চনৰ ৩১ জানুৱাৰীত জয় ভীম গুজৰাট নামৰ ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ। একে শ্লোগান ভিডিঅ’টোতো শুনা যায় যিবোৰ ভাইৰেল ভিডিঅ’টোত শুনা গৈছে। ইয়াতো ভিডিঅ’টোক দিল্লীৰ যন্তৰ মন্তৰত হোৱা বিক্ষোভৰ বুলি বৰ্ণনা কৰা হৈছে।

তদুপৰি যোৱা ৩১ জানুৱাৰীত অমৰ উজালাৰ ৱেবছাইটত প্ৰকাশিত বাতৰি অনুসৰি ভাৰত মুক্তি মৰ্চা, ৰাষ্ট্ৰীয় কিষাণ মৰ্চা, বহুজন মুক্তি পাৰ্টিকে ধৰি ২২টা সংগঠনে ইভিএমৰ বিৰুদ্ধে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবেদনত ভাৰত মুক্তি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি বমন মেশ্ৰমৰ বক্তব্যও সন্নিবিষ্ট কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd9EV5RSbUiWhJj597yiIfTvnkO12Jvyq7OyVny4RXYiqPGy6pS_dkaKL6yQiNWclZtda-S3-ia9aHmtebNiDHGWUNUwAcmHESAch0Ve0uuCclzyTLOTJJjv_uxyltY5mQtczF7kg?key=Ot5LqOhHxdex97z4h-t6A8f9

শেষত এই খবৰৰ ওপৰত স্পষ্টীকৰণৰ বাবে আমাৰ তৰফৰ পৰা সেই সময়ত বাতৰিটো সংগ্ৰহ কৰিবলৈ উপস্থিত থকা দিল্লীত কৰ্মৰত সাংবাদিক কাজল সিঙৰ সৈতে যোগাযোগ কৰা হয়। ভাইৰেল হোৱা দাবীটো খণ্ডন কৰি তেওঁ কয় যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় দহ মাহ পুৰণি। যেতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে ইভিএম বিলুপ্ত কৰাৰ লগতে বেলট পেপাৰৰ জৰিয়তে সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিক্ষোভ হৈছিল।

এইদৰে আমি ক’ব পাৰোঁ যে দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো প্ৰসংগ সংগতিহীন। দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দিল্লীত ইভিএমৰ বিৰুদ্ধে চলা পুৰণি আন্দোলনৰ এটা ভিডিঅ’ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সৈতে সংযোগ কৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma 

Result: Missing Context