এয়া এপষ্টিন ফাইলচ মুকলি হোৱাৰ পূৰ্বৰে দৃশ্য। এপষ্টিন ফাইলচৰ সৈতে সম্পৰ্ক নাই।    

Misleading Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰি লিখিছে- এবষ্টিন ফাইলক লৈ নিউয়ৰ্কৰ ট্ৰাম্প টাৱাৰ ঘেৰাও লক্ষাধীক মানুহৰ। এইদৰেই সেই ভিডিঅ’টো এপষ্টিন ফাইলচ মুকলি হোৱাৰ পাছত জনতাই ট্ৰাম্প টাৱাৰ ঘেৰাও কৰা বুলি দাবী কৰা হৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি মন কৰিলোঁ যে ভাইৰেল ভিডিঅ’টোত দুটাকৈ ক্লিপ আছে । প্ৰথম ক্লিপটোত ৰাজপথত বিপুল জনসমাগমৰ বিহংগম দৃশ্য দেখা যায় আৰু দ্বিতীয় ক্লিপটোত ট্ৰাম্প টাৱাৰৰ সন্মুখত জনতাই বিক্ষোভ প্ৰদৰ্শন কৰি “শ্বেম শ্বেম”(Shame Shame) ধ্বনি দিয়া দেখা গৈছে।

আমি ক্লিপদুটাৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ।

প্ৰথম ক্লিপ

প্ৰথম ক্লিপটোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে আমি এটা ইনষ্টাগ্ৰাম হেণ্ডেলত ২০২৬ চনৰ ১০ জানুৱাৰীত সেই ক্লিপটো আপলোড কৰা দেখিলোঁ।

ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “প্ৰতিবাদকাৰীসকলে লছ এঞ্জেলছ আৰু চিকাগোৰ ৰাজপথলৈ ওলাই আহি নেশ্যনেল গাৰ্ডৰ সৈন্য নিয়োগৰ বিৰুদ্ধে সমদল উলিয়াইছিল, এই অনুষ্ঠানটো সমগ্ৰ আমেৰিকাত বিক্ষোভ কৰা বৃহত্তৰ “নো কিংছ” আন্দোলনৰ অংশ আছিল।”

https://www.instagram.com/reel/DTVFXFxDKG

সেইটো এপষ্টিন ফাইলচ মুকলি হোৱাৰ পূৰ্বতে আপলোড কৰা।

আমি ২০২৫ চনৰ ১৯ ​​অক্টোবৰত ইনষ্টাগ্ৰাম হেণ্ডেলত ভাইৰেল ক্লিপৰ সৈতে মিল থকা একেধৰণৰ ভিডিঅ’ এটা পালোঁ

সেই পোষ্টটোৰ কেপচনত লিখা আছিল, “মিচিগান এভিনিউত উত্তৰ দিশলৈ যোৱা কিংছৰ প্ৰতিবাদ”

আন আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হয় যে সেই ক্লিপটো পুৰণি আৰু এপষ্টিন ফাইলচৰ মুকলিৰ সৈতে কোনো সম্পৰ্ক নাই।

দ্বিতীয় ক্লিপ

দ্বিতীয় ক্লিপটোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে আমি দেখিলোঁ যে  এটা ফেচবুক পেজত ২০২৬ চনৰ ১৮ জানুৱাৰীত সেই ভাইৰেল ক্লিপটো আপলোড কৰা হৈছিল।

কেপচনত লিখা আছিল, “প্ৰতিবাদকাৰীসকলে ড’নাল্ড ট্ৰাম্পৰ নাম কৈ কৈ মধ্যমা আঙুলি দেখুৱাই দিয়া দেখা গৈছিল। এই ইংগিতক খং আৰু ৰাজনৈতিক মতানৈক্যৰ চিন হিচাপে ব্যৱহাৰ কৰিছিল। এই আইনখনে বিৰোধীৰ প্ৰবল আৱেগ প্ৰতিফলিত কৰিছিল, বিক্ষোভকাৰীসকলে ট্ৰাম্পৰ নীতি আৰু নেতৃত্বক লৈ হতাশা প্ৰকাশ কৰিছিল। তাৰ ফলত ৰাজপথ আৰু অনলাইন দুয়োটাতে উত্তপ্ত বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।”

এইটোও এপষ্টিন ফাইলচৰ প্ৰকাশৰ পূৰ্বৰে ঘটনা।

আমি ২০২৬ চনৰ ১৬ জানুৱাৰীত আপলোড কৰা আন এটা অনুৰূপ ভিডিঅ’ পালোঁ।

ইয়াৰ পৰা স্পষ্ট হয় যে এই ক্লিপটোও এপষ্টিন ফাইলচৰ মুকলিৰ সৈতে সম্পৰ্কহীন। অৰ্থাত দুয়োটা দৃশ্য সম্বলিত ভিডিঅ’টো এপষ্টিন ফাইলচৰ মুকলিৰ পূৰ্বৰ আৰু সম্পৰ্কহীন।   

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টোত থকা ক্লিপদুটা এপষ্টিন ফাইলচৰ মুকলিৰ পূৰ্বৰ। তাত “নো কিংছ” আৰু “নো আইচিই” প্ৰতিবাদ দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া এপষ্টিন ফাইলচ মুকলি হোৱাৰ পূৰ্বৰে দৃশ্য। এপষ্টিন ফাইলচৰ সৈতে সম্পৰ্ক নাই।    

Fact Check By: Pranjal Sharma  

Result: Misleading