
শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ইৰাণে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয় মিছাইল আক্ৰমণেৰে ধ্বস কৰি দিয়া দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ৰ ২০ জুনত আপলোড কৰা ইউটিউৱ ভিডিঅ’ এটা পালোঁ। সেই ভিডিঅ’টোত অসমৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীগৰাকীয়ে দাবীৰে সৈতে অপলোড কৰা দৃশ্যাংশটো দেখিলোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল-“A fire has broken out at the “Yakkasaroy” “Temurmalik” restaurant in Khujand. Hopefully, no one will be hurt.”
তদুপৰি ২০২৫ৰ ২০জুনত ইনষ্টাগ্ৰামতেই একেটা ভিডিঅ’ আপলোড কৰি থোৱা আমি দেখিলোঁ। তাত লিখা আছিল এইদৰে- “During the fire at the Yakkasaroy (Temurmalik) restaurant in Khujand city, dozens of young people helped to remove tables, chairs, and other valuables from the restaurant. Although the restaurant was completely destroyed by fire, with the help of young people, some items inside the restaurant were taken out and thus saved from the fire. Of course, we express our gratitude to these young people. All residents are respectfully asked to be careful with fire. Be sure to help each other during such incidents. In case of a fire, call 101!” (‘খুজান্দ চহৰৰ য়াক্কাছাৰয় (টেমুৰমালিক) ৰেষ্টুৰেণ্টত অগ্নিকাণ্ডৰ সময়ত কেইবাজনো যুৱকে ৰেষ্টুৰেণ্টখনৰ পৰা টেবুল, চকী, আৰু অন্যান্য মূল্যৱান সামগ্ৰী আঁতৰোৱাত সহায় কৰিছিল।যদিও ৰেষ্টুৰেণ্টখন জুইত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল, যুৱক-যুৱতীসকলৰ সহায়ত ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ কিছু সামগ্ৰী উলিয়াই আনি এইদৰে জুইৰ পৰা ৰক্ষা কৰা হৈছিল। আমি এই যুৱক-যুৱতীসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সকলো বাসিন্দাক জুইৰ ক্ষেত্ৰত সাৱধান হ’বলৈ শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ। এনে ঘটনাৰ সময়ত ইজনে সিজনক নিশ্চয় সহায় কৰিব। জুই লাগিলে ১০১ নম্বৰত ফোন কৰক।)
ইয়াৰ পাছত আমি প্ৰাসংগিক শব্দ কেইটামান লৈ কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২৫ৰ ১৯জুনত প্ৰকাশিত এক বাতৰি লাভ কৰিলোঁ। বাতৰি মতে “খুজান্দ চহৰত স্থানীয় ৰাইজৰ মাজত “জাহাজ ৰেষ্টুৰেণ্ট” নামেৰে পৰিচিত টেমুৰমালিক ৰেষ্টুৰেণ্টখনত জুই লাগিছিল। চিৰ দৰিয়া নদীৰ পাৰত, কামোলি খুজাণ্ডি কালচাৰ এণ্ড ৰিক্ৰিয়চন পাৰ্কৰ কাষতে অৱস্থিত আছিল এই অট্টালিকাটো। যোৱা ১৯ জুনৰ বিয়লি সংঘটিত হৈছিল এই অগ্নিকাণ্ড।স্থানীয় সংবাদ মাধ্যমৰ মতে, ঘটনাস্থলীলৈ ছটা অগ্নিনিৰ্বাপক বাহিনীৰ দল প্ৰেৰণ কৰা হয়। বিয়লি ৫:০০ বজালৈকে জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাছিল। অগ্নিকাণ্ডৰ কাৰণ তেতিয়াও নিৰ্ণয় হোৱা নাছিল। জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱাৰ পাছত বিশেষজ্ঞসকলে পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰাৰ কথা। ২০১৯ চনৰ এপ্ৰিল মাহত মুকলি কৰা টেমুৰমালিক ৰেষ্টুৰেণ্টখন তিনিটা মহলাৰে গঠিত। প্ৰথম মহলাত ১০০ জনৰ বাবে কেফে, দ্বিতীয় মহলাত ২০০ জনৰ বাবে ৰেষ্টুৰেণ্ট, আৰু তৃতীয় মহলাত গ্ৰীষ্মকালীন আনন্দৰ বাবে টেৰেচ আছিল। আব্দুৰাশ্বিদ এল এল চিৰ মুৰব্বী তাজিক উদ্যোগী আব্দুৰাছুল ৰাজাবভৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল এই ৰেষ্টুৰেণ্টখন। বেচৰকাৰী তথ্য অনুসৰি শেহতীয়াকৈ এই ৰেষ্টুৰেণ্টখন য়াক্কাছাৰয় চেইনৰ মালিকসকলে লিজত লৈছিল।”
একেই বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
আমি গুগল মেপত য়াক্কাছাৰয় ৰেষ্টুৰেণ্টখনৰ সন্ধান কৰিলোঁ যদিও ষ্ট্ৰীট ভিউ(street view)টো নাপালোঁ।
তথ্য অনুসৰি য়াক্কাছাৰয় ৰেষ্টুৰেণ্টখন চিৰ দৰিয়া নদীৰ পাৰত, কামোলি খুজাণ্ডি কালচাৰ এণ্ড ৰিক্ৰিয়চন পাৰ্কৰ কাষতে অৱস্থিত। আমি সেয়া জিওলোকেট কৰিলোঁ। ইয়াত চাব পাৰিব।
যাক্কাছাৰয় ৰেষ্টুৰেণ্টৰ সমীপৰ কোনো প্ৰতিষ্ঠানৰ সন্ধান কৰোতে আমি গুগল মেপত চুগদিয়ন হোটেলৰ সম্ভেদ পালোঁ। সেই দৃশ্য ভাইৰেল ভিডিঅ’টোৰ সৈতে সাদৃশ্য থকা। তলত চাব পাৰিব।
এই তথ্যই প্ৰমাণ কৰে যে সেই দৃশ্য ইজৰাইলৰ গৃহবিভাগৰ কাৰ্যালয়ৰ নহয়। সেয়া টাজিকিস্তানৰ এখন ৰেষ্টুৰেণ্টত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। সেই দৃশ্য ইজৰাইলৰ গৃহবিভাগৰ কাৰ্যালয়ৰ নহয়। সেয়া টাজিকিস্তানৰ এখন ৰেষ্টুৰেণ্টত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:টাজিকিস্তানৰ ৰেষ্টুৰেণ্টত জুই লগা দৃশ্যকে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ মিছাইল আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
