হাতত হেণ্ডকাফ আৰু ভৰি-ককালত শিকলি লগোৱা এইসকল বিতাড়িত লোক ভাৰতীয় নহয়। জানক সবিশেষ।

False Social

শেহতীয়াভাবে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত সামৰিক বিমানেৰে কমেও ১০৪ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। এই পটভূমিত সশস্ত্ৰ বাহিনীৰ উপস্থিতিত হাতত হেণ্ডকাফ আৰু ককালত শিকলি বান্ধি একাংশ লোকক শাৰী পতাই বিমানত উঠোৱা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইসকল ভাৰতীয় নাগৰিক যিসকলক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে। সৰহসংখ্যক পোষ্টতেই কেপছন লিখা হৈছে এইদৰেঃ হাতত আৰু ককালত শিকলি কিয় ? শিক্ষিতৰ দেশ নে আমেৰিকা ? গণতন্ত্ৰৰ দেশ হয়নে আমেৰিকা ? নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ প্ৰিয় দেশ দেখোন ! আমেৰিকাই ওভতাই পঠিওৱা ভাৰতীয় অথবা আন দেশৰ নাগৰিক সকলক হাত আৰু ককালত শিকলি লগাইছে কিয় ? এয়া মানৱাধিকাৰৰ চুড়ান্ত উলংঘন !ধিক্কাৰ দিছো ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাক !!

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdTdWKM1b4e0VMD-yO134yqA3wM2BbrqpU7rxQoRqHDkn5wAeFKzmXu5KcIqYjrYAgMFve_H2FWzwZdOQ81srtUrVwB0YN5VyTfbfiiSc8arvNMI710iccD17R7R6NQZ59yUk7JnQ?key=HpcfyqVCfaCu-pFd0i_d7b_a

Facebook Link Archived Link

একেই কেপছন আৰু দাবীৰে একেই ভিডিঅ’ আপলোড কৰা কেইটামান ফেচবুক পোষ্ট ইয়াত, ইয়াত,ইয়াত আৰু ইয়াত চাব পাৰিব।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdR2YS77oIB6-5z1aIba_kpImw7uo3IXk7d3bnKnoxw3KyQinMREtEE-sgiTMghU5C5RdYgq6HxXLtly95_rORuTnpgvSDZ2a90XUWDq5bq5BNx9lXtcf6z2lddgEznVnUiM3hcng?key=HpcfyqVCfaCu-pFd0i_d7b_a

তদুপৰি ভিন্ন কেপছনেৰে একেই দাবী উত্থাপন কৰি পোষ্ট কৰা দুটা ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব। 

আনহাতে অসমৰ এটা সংবাদ মাধ্যমৰ বাতৰিটো সেই ভিডিঅ’টো ব্যৱহাৰ কৰি একেই দাবী উত্থাপন কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcIizANQ1fCF1YBKtLTY-hXLTj2RdIEfubigk5SkuwC2c3_tcovaBJLEyodXbJNh0_sRYr5Z_S5P0VT7rc_syCwaGwsfKeMDzOrjM80rM_NF_bscuKDfFeUVVDpt9vOgHKzmhwP-w?key=HpcfyqVCfaCu-pFd0i_d7b_a

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তাৰ ফলত আমি এটা ইউটিউব চেনেল পালোঁ, য’ত ২০২৫ চনৰ ২৯ জানুৱাৰীত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল।

 

Archived Link

সেই ভিডিঅ’টোৰ ওপৰত কিছু কথা লিখা আছিল। গুগল ট্ৰেন্সলেটৰ সহায়ত লিখাখিনি অনুবাদ কৰি আমি গম পালোঁ যে ভিডিঅ’টোত কলম্বিয়াৰ প্ৰব্ৰজনকাৰীসকলক আমেৰিকাৰ পৰা বিতাড়িত কৰা দেখা গৈছে।

 এই সূত্ৰৰ আঁত ধৰি আমি প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰিলোঁ আৰু ২০২৫ চনৰ ৩১ জানুৱাৰীত ANIৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল, “আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে সোমবাৰে (২৭ জানুৱাৰী) এই ফুটেজ প্ৰকাশ কৰিছিল, য’ত কথিতভাৱে টেক্সাছৰ ফ’ৰ্ট ব্লিছত বিতাড়ন বিমানত উঠি থকা অবৈধ প্ৰব্ৰজনকাৰীক দেখা গৈছে। প্ৰতিৰক্ষা বিভাগৰ মতে, ২৩ জানুৱাৰীৰ ফুটেজত আমেৰিকাৰ শুল্ক আৰু সীমান্ত সুৰক্ষাৰ এজেণ্টে শিকলিৰে বান্ধি ৰখা আৰু হেণ্ডকাফ লগোৱা ব্যক্তিক সামৰিক বিমানত উঠাবলৈ গাইড কৰা দেখা গৈছিল। শুকুৰবাৰে (২৪ জানুৱাৰী) ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত সামৰিক বিমানে প্ৰব্ৰজনকাৰীক লৈ যাবলৈ আৰম্ভ কৰে, কাৰণ পেন্টাগনে দক্ষিণ সীমান্তলৈ আৰু অধিক সৈন্য প্ৰেৰণৰ প্ৰস্তুতি চলাইছিল। সেইদিনা মেক্সিকোৱে প্ৰব্ৰজনকাৰীক বিতাড়িত কৰা আমেৰিকাৰ সামৰিক বিমান এখনক দেশখনত অৱতৰণ কৰিবলৈ অনুমতি দিবলৈ ট্ৰাম্প প্ৰশাসনৰ অনুৰোধ নাকচ কৰিছিল বুলি আমেৰিকাৰ এজন বিষয়া আৰু মেক্সিকান বিষয়াই ৰয়টাৰ্ছক জনায়। দেওবাৰে (২৬ জানুৱাৰী) কলম্বিয়াই প্ৰব্ৰজনকাৰীক বিতাড়িত কৰি দক্ষিণ আমেৰিকাৰ দেশখনলৈ উৰি যোৱা আমেৰিকাৰ দুখন সামৰিক বিমান ঘূৰাই পঠিয়ায়। পাছত ট্ৰাম্প আৰু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই বাণিজ্য যুদ্ধৰ সীমাৰ পৰা পিছুৱাই যায়। কাৰণকলম্বিয়াই বিতাড়িত প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা সামৰিক বিমান গ্ৰহণ কৰিবলৈ সন্মত হোৱা বুলি হোৱাইট হাউছে প্ৰকাশ কৰে।”

 

ইয়াৰ পাছত আমি এটা ৱেবছাইটত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো পালোঁ। শিৰোনাম অনুসৰি ফটোখনত দেখা গৈছে যে আমেৰিকাৰ সেনাই ডিএইচএছৰ সৈতে যৌথ বিতাড়ন বিমান উৰুৱাই আছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe5L8bbp7eoQn7SJnSlr-6PWQ47WRny0UyIju8uV3wSwuKY4sIdzliWokTjPl85rHZ7Ok2D2rFnEbMYqNwIZ3w-mUe_90uJUrcyhiI8OquJ0gGHZ2bn1AsdqnK7raPHzCt4ZeVASQ?key=HpcfyqVCfaCu-pFd0i_d7b_a

একেধৰণৰ ফটো থকা আন এক প্ৰতিবেদনত লিখা আছে, “বিতাড়ন অভিযান চলাই থকা আমেৰিকান বায়ুসেনাৰ দুখন চি-১৭ বিমানে কলম্বিয়াত অৱতৰণ কৰিবলৈ কূটনৈতিক অনুমোদনৰ পৰা বঞ্চিত হোৱাৰ পাছত ঘূৰি আহিল বুলি আমেৰিকাৰ বিষয়াসকলে ২৬ জানুৱাৰীত এয়াৰ এণ্ড স্পেচ ফৰ্চেছ মেগাজিনক জনায়।

ইমিগ্ৰেচন এজেন্সীয়ে আটক কৰি ৰখা লোকসকলক বিতাড়ন কৰিছিল চি-১৭ বিমানে। স্থানীয় সময় অনুসৰি ২৫ জানুৱাৰীৰ সন্ধিয়া কেলিফৰ্ণিয়াৰ মেৰিন কৰ্পছ এয়াৰ ষ্টেচন মিৰামাৰৰ পৰা কলম্বিয়াৰ বগোটা অভিমুখে উৰা মাৰিছিল সেই বিমানে। প্ৰথমখন বিমান, যাৰ কলচাইন আছিল ৰিচ ৫৩৮, সেইখনে ঘূৰি যোৱাৰ আগতে টেক্সাছৰ ওচৰৰ গালফ ক’ষ্টলৈকে গৈছিল আৰু হিউষ্টনত ৰৈছিল। আনখন চি-১৭, যাৰ কলচাইন আছিল ৰিচ ৫৩৯, সেইখনে কেইঘণ্টামানৰ পাছতে উৰা মাৰিছিল আৰু যোৱাৰ কিছু সময়ৰ পাছতে ঘাটিলৈ উভতি আহিছিল। এইবুলি বিমান অনুসৰণৰ তথ্যই প্ৰকাশ কৰিছে। আমেৰিকাৰ বিষয়াসকলে এই তথ্যসমূহ নিশ্চিত কৰিছে।

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে নিজৰ ৱেবছাইটত এই ভিডিঅ’টো প্ৰকাশ কৰিছে।

ইয়াত ভালকৈ চাওক

একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত কলম্বিয়াৰ প্ৰব্ৰজনকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰা দেখা গৈছে। ভিডিঅ’টোত দেখুওৱা মানুহবোৰ ভাৰতীয় নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।ভিডিঅ’টোত দেখা গৈছে যে কলম্বিয়াৰ প্ৰব্ৰজনকাৰীসকলক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে। তেওঁলোক ভাৰতীয় প্ৰব্ৰজনকাৰী নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হাতত হেণ্ডকাফ আৰু ভৰি-ককালত শিকলি লগোৱা এইসকল বিতাড়িত লোক ভাৰতীয় নহয়। জানক সবিশেষ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *