বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা নাছিল। মিছা দাবী এয়া।  

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ২৭ চেপ্তেম্বৰ,২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখাৰ ধৰণে বাংলা চিনেমা জগতৰ তাৰকা অভিনেতা দেৱ আহি উপস্থিত হৈছিলহি সদ্য দেৱংগত জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত। জুবিন গাৰ্গৰ দেহাৱসানৰ ৭টা দিন পাছত দেৱ আহি উপস্থিত হোৱা বুলি টেক্সট ওভাৰলে(Text Overlay) কৰি উল্লেখ কৰাৰ উপৰিও ভিডিঅ’ত থকা পাৰ্শ্বকণ্ঠতো উল্লেখ কৰা হৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি উক্ত ভিডিঅ’টো ইউটিউৱ আৰু ইনষ্টাগ্ৰামৰ কেইবাটাও পোষ্টত দেখা পালোঁ। আটাইকেইটা ভিডিঅ’ যোৱা ৩১ আগষ্ট ২০২৫ত আপলোড কৰা হৈছিল। ইয়াৰ পৰা জানিব পৰা যায় যে সেই দৃশ্য অথবা সেই ভিডিঅ’ জুবিন গাৰ্গৰ দেহাৱসানৰ পৰা প্ৰায় ২০ দিন পূৰ্বৰে। TollyBinodonOfficial নামৰ চেনেলটোত এই ভিডিঅ’টো আপলোড কৰি বিৱৰণত লিখিছে এইদৰে- #ধুমকেতু হল ভিজিটে এলেন দেব #Dhumketu #hallvisit #dev #celebritynews #shortsvideo 

CineKolkata নামৰ চেনেলটোত সেই ভিডিঅ’টো আপলোড কৰি বিৱৰণত লিখিছে এইদৰে- Megastar Dev at Dhumketu Hall Visit 🎬🔥 | Tollywood News.

আনফালে ইনষ্টাগ্ৰামত biggest_fan_of_dev_ নামৰ হেণ্ডেলটোত আমি সেই ভিডিঅ’টোৰ পূৰ্ণাংগ সংস্কৰণ এটা দেখিলোঁ। তাত অভিনেতা দেৱে এটা চিনেমাহলত প্ৰৱেশ কৰি নিজৰ অনুৰাগীসকলৰ সৈতে সাক্ষাত কৰি আনকি চেলফীও উঠা দেখা গৈছে। ভিডিঅ’টোত অভিনেতা দেৱে চিনেমাহলটোলৈ অহাৰে পৰা সকলো অনুৰাগীৰ সৈতে মত বিনিময় কৰি সময় অতিবাহিত কৰি নিজৰ বাহনত উঠি গুছি যোৱালৈ গোটেইখিনিয়ে দেখা গৈছে। 

আনহাতে  itsviralkolkata নামৰ ভেৰিফাইড হেণ্ডেলটোতো সেই পূৰ্ণৰূপৰ ভিডিঅ’টো আমি দেখিলোঁ। তাত বাংলা ভাষাত লিখা হৈছে এইদৰে- বিনোদিনী থিয়েটারে ধুমকেতু-র Hall Visit এ এসে দর্শকদের ভালোবাসায় ভাসলেন মেগাস্টার… মেটালেন সেলফির আবদারও…(বিনেদিনী থিয়েটাৰত ধুমকেতুৰ হল ভিজিটলৈ আহি দৰ্শকৰ ভালপোৱাত ডুবি গ’ল মেগাষ্টাৰ। চেলফীৰ আবদাৰো ৰাখিলে)

ওপৰোক্ত প্ৰতিটো ভিডিঅ’ৰ পৰা আমি নিশ্চিত হ’লোঁ যে বাংলা তাৰকা অভিনেতা দেৱে যোৱা ৩১ আগষ্ট ২০২৫ত তেওঁৰ নতুন চিনেমা ধুমকেতুৰ প্ৰচাৰৰ বাবে চিনেমাখনৰ প্ৰদৰ্শন চলি থকা বিনোদিনী থিয়েটাৰ নামৰ চিনেমাহলটোত উপস্থিত হৈ দৰ্শক, অনুৰাগীৰ সৈতে মত বিনিময় কৰিছিল, কৰমৰ্দন কৰিছিল,চেলফী উঠিছিল। 

বিনোদিনী চিনেমাহলত দেৱ উপস্থিত হোৱা পাছৰ সময়ৰ দৃশ্য সামৰি অন্য এটা ভিডিঅ’ আমি অন্য এটা ইউটিউৱ চেনেলত দেখা পালোঁ। পূৰ্বেও উল্লেখ কৰিছোঁ যে এই দৃশ্যসমূৰ জুবিন গাৰ্গৰ দেহাৱসানৰ ২০ দিন পূৰ্বৰে অৰ্থাত ৩১ আগষ্ট ২০২৫ৰে। 

সদৌ শেষত আমি বাংলা চিনেমা জগতৰ তাৰকা অভিনেতা দেৱৰ এক্স হেণ্ডলত এটা টুইট পালোঁ। তাত তেওঁ নিজৰ চিনেমা ধুমকেতুৰ প্ৰচাৰৰ বাবে ৩১ আগষ্টত বিনোদিনী থিয়েটাৰ তথা নবিনা চিনেমাত উপস্থিত থকাৰ কথা উল্লেখ কৰিছে । টুইটটো তেওঁ ২৯ আগষ্ট ২০২৫ত কৰিছিল। টুইটোৰ জৰিয়তে তেওঁ তেওঁৰ দৰ্শক, অনুৰাগীক চিনেমাহল দুটালৈ নিৰ্দিষ্ট সময়ত আহিবলৈ আহ্বান জনাইছিল।

ইয়াৰ পৰাই নিশ্চিত যে যিটো ভিডিঅ’ বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ দেহাৱসানৰ ৭ দিন পাছত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱাৰ দাবীৰে ভাইৰেল কৰা হৈছে,সেইটো আচলতে জুবিন গাৰ্গৰ বিয়োগৰ ২০ দিন পূৰ্বে তেওঁ কলকাতাৰ বিনোদিনী থিয়েটাৰত নিজৰ চিনেমা ধুমকেতুৰ প্ৰচাৰৰ বাবে উপস্থিত হোৱা দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। এই ভিডিঅ’টো জুবিন গাৰ্গৰ বিয়োগৰ ২০ দিন পূৰ্বেই বাংলা চিনেতাৰকা দেৱে নিজৰ চিনেমা ধুমকেতুৰ প্ৰচাৰৰ বাবে কলকাতাৰ বিনোদিনী থিয়েটাৰত উপস্থিত হোৱাৰ সময়ৰ।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা নাছিল। মিছা দাবী এয়া।  

Fact Check By: Pranjal Sharma  

Result: False