
শেহতীয়াকৈ শ্ৰীলংকাৰ দ্বিতৱাহ নামৰ ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত সৃষ্টি হোৱা দুৰ্যোগক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমতো কিছুমান ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। একাংশ ফেচবুক পেজত এটা দৃশ্য দেখা গৈছে যে বানৰ মাজত এটা হাতী আৱদ্ধ হৈ আছে আৰু হাতীটোৰ ওপৰত এটা নাহৰফুটুকী বাঘ বহি আছে। দাবী কৰা হৈছে যে সেয়া দুৰ্গত শ্ৰীলংকাৰ দৃশ্য।


কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি জন্তুকেইটাৰ আচৰণ বিশ্লেষণ কৰিলোঁ। নাহৰফুটুকীৰ দৰে শিকাৰু আৰু হাতীৰ দৰে বৃহৎ তৃণভোজী প্ৰাণীৰ এনে সান্নিধ্য আৰু সহাৱস্থান বা সহযোগিতা অতি অস্বাভাৱিক, আনকি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’লেও এই দুই প্ৰজাতিৰ জীৱই সাধাৰণতে সহাৱস্থান নকৰে।
ইয়াৰ সত্যতা নিশ্চিত কৰিবলৈ আমাৰ শ্ৰীলংকাৰ সহকৰ্মী সতীৰ্থসকলে নাহৰফুটুকী সংৰক্ষণৰ বিস্তৃত অভিজ্ঞতা থকা এগৰাকী প্ৰখ্যাত পৰিৱেশবিদ অঞ্জলি ৱাটছনৰ সৈতে যোগাযোগ কৰে। তেওঁ নিশ্চিত কৰিলে যে হাতী আৰু নাহৰফুটুকীৰ মাজত এনে পাৰস্পৰিক ক্ৰিয়াৰ সম্ভাৱনা কাৰ্যতঃ নাই। তেওঁ আৰু কয় যে এনে কোনো ঘটনা লিপিবদ্ধ বা ৰিপ’ৰ্ট কৰা হোৱা নাই।
তদুপৰি হাতী বান পৰিস্থিতিত স্থিৰ হৈ নাথাকে আৰু নিজৰ শাৰীৰিক শক্তি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি নিৰাপদ স্থানলৈ গুচি নাযায়। লগতে, যিহেতু ইহঁতে সাঁতুৰিব পাৰে, সেয়েহে প্ৰচণ্ড বানপানীৰ সন্মুখীন হ’লেও ইহঁতে প্ৰায়ে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ চেষ্টা কৰে। প্ৰায়ে প্ৰবল সোঁতৰ সৈতে যুঁজিবলগীয়া হয়। গতিকে ভাইৰেল দৃশ্যটোত দেখাৰ দৰে এনে প্ৰচণ্ড পানীৰ সোঁতত হাতী এটাই স্থিৰ হৈ থকাটো অবাস্তৱ।
লগতে, শ্ৰীলংকাৰ কোনো মূলসুঁতিৰ সংবাদ মাধ্যম বা পৰীক্ষিত সূত্ৰই এই ঘটনাৰ বাতৰি দিয়া নাই, আৰু বৰ্তমান শ্ৰীলংকাৰ য়ালা ৰাষ্ট্ৰীয় উদ্যানত থকা পৰিৱেশবিদেও নিশ্চিত কৰিছে যে এই ঘটনা সংঘটিত হোৱা নাছিল । ইয়াক হয়তো কৃত্ৰিমভাৱে ৰচনা কৰা যেন লাগে।
ইয়াৰ উপৰিও ভাইৰেল দৃশ্যটো ভালদৰে পৰীক্ষা কৰিলে দৃশ্যগত বিসংগতিসমূহ স্পষ্ট হৈ পৰে। সেয়েহে আমাৰ শ্ৰীলংকাৰ সত্যতা নিৰূপক দলৰ সহযোগত কেইবাটাও কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’ ধৰা পেলোৱা সঁজুলিৰ ব্যৱহাৰ কৰিলোঁ।
AI-উৎপন্ন দৃশ্য
কৃত্ৰিম বুদ্ধিমত্তা(AI) ধৰা পেলোৱা সঁজুলিবোৰে দৃঢ়ভাৱে নিশ্চিতি দিছিল যে এই দৃশ্যক কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সৃষ্টি কৰা হৈছে।

দুৰ্যোগৰ সময়ত আমি দায়িত্বশীল নাগৰিকসকলক বিভ্ৰান্তিকৰ, কৃত্ৰিম বুদ্ধিমত্তাৰে উৎপন্ন বিষয়বস্তু শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এনে তথ্য বিয়পাই দিলে অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। আমি Fact Crescendoএ আপোনালোক যিকোনো তথ্য শ্বেয়াৰ কৰাৰ আগতে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছোঁ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। শ্ৰীলংকাত বানপানীৰ সময়ত নাহৰফুটুকীয়ে হাতীৰ পিঠিত উঠা ভাইৰেল দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। দৃশ্যটো কোনো বাস্তৱিক পৰিঘটনা নহয়; ই কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হোৱা এক ডিজিটেল সৃষ্টি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:AI Generated দৃশ্যৰে শ্ৰীলংকাত বানৰ মাজত হাতীৰ পিঠিত নাহৰফুটুকী উঠা বুলি মিছাকৈ দাবী কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


