ইউটিউবাৰৰ ভিডিঅ’ৰ দৃশ্যকে ইউক্ৰেইনৰ খেতিপথাৰত যুদ্ধ টেংক ব্যৱহাৰ হোৱা বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন যুদ্ধত ব্যৱহৃত টেংকেৰে খেতি মাটি চহোৱা হৈছে। দাবী কৰা হৈছে যে সেইখন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত এখন Chieftain যুদ্ধ টেংক ইউক্ৰেইনত খেতি চহোৱাত ব্যৱহৃত হৈছ। লিখা হৈছে- ৰাছিয়া-ইউক্ৰেইন যু*দ্ধত ব্যৱহৃত ৰুছি Chieftain যু*দ্ধ টেংক ইউক্ৰেইনত ব্যৱহৃত হ’ল খেতি চহোৱাত ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি প্ৰথম Chieftain যুদ্ধ টেংক সম্পৰ্কত তথ্যৰ সন্ধান কৰিলোঁ। তেতিয়া জানিব পাৰিলোঁ যে সেই যুদ্ধ টেংকখন মূলতঃ ইউনাইটেড কিংডমৰ টেংক। সেইখন ইউনাইটেড কিংডমৰ লগতে ইৰাণ, ইৰাক, জৰ্ডান, কুৱেইট, ওমানত যুদ্ধত ব্যৱহৃত হৈছিল বা হৈছে। ইৰাণ-ইৰাক যুদ্ধ আৰু পাৰ্চিয়ান গাল্ফ যুদ্ধত ব্যৱহৃত হৈছে। সেই তথ্যত আমি ৰাছিয়া আৰু ইউক্ৰেইনৰ উল্লেখ নাপালোঁ। 

তাৰ পাছতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি ইনষ্টাগ্ৰামত mrhewes নামৰ ভেৰিফাইড হেণ্ডেলটোত সেই দৃশ্যটো দেখিলোঁ। Now we’re farming!  বুলি তাত সেই ভিডিঅ’টো আপলোড কৰা হৈছে। 

ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰি আমি জানিব পাৰিলোঁ যে সেইটো জো হিউজ (Joe Hewes) নামৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ হেণ্ডেল। তাত তেওঁ এইধৰণৰ যুদ্ধ টেংক তথা অন্য বাহন আৰু যন্ত্ৰৰ সৈতে বিভিন্ন কাম কৰি ভিডিঅ’ কণ্টেণ্ট প্ৰস্তুত কৰে। 

আমি ফেচবুকতো জো হিউজৰ একাউণ্টটো পালোঁ। তাতো আমি দেখিলোঁ যে ব্ৰিটেইনৰ এইগৰাকী ক্ৰিয়েটৰে তাতো এইদৰে যুদ্ধ টেংক আৰু অন্য সাধনেৰে ভিডিঅ’ প্ৰস্তুত কৰিছে। 

তাতেই আমি তেওঁৰ ইউটিউৱ চেনেলটো পালোঁ। আৰু সেই চেনেলটোতেই আমি সেই ভাইৰেল দৃশ্যটোৰ মূল সম্পূৰ্ণ ভিডিঅ’টো পালোঁ। ২৭ মিনিট ৩৮ চেনেণ্ডৰ সেই ভিডিঅ’টোৰ ১২ মিনিত ৩৯ চেনেণ্ডৰ পৰা আমি ভাইৰেল হোৱা দৃশ্যাংশ দেখা পালোঁ। 

 

ইয়াৰ পৰাই আমি নিশ্চিত হ’লোঁ যে দাবী কৰা ধৰণে সেয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত যুদ্ধ বিমানেৰে ইউক্ৰেইনত মাটি চহোৱা দৃশ্য নহয়। জো হিউজ নামৰ কণ্টেণ্ট ক্ৰিয়েটৰজনে প্ৰস্তুত কৰা এটা ভিডিঅ’ কণ্টেণ্টৰ কিয়দংশহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। সেয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ব্যৱহৃত যুদ্ধ বিমানেৰে ইউক্ৰেইনত মাটি চহোৱা দৃশ্য নহয়। জো হিউজ নামৰ কণ্টেণ্ট ক্ৰিয়েটৰজনে প্ৰস্তুত কৰা এটা ভিডিঅ’ কণ্টেণ্টৰ কিয়দংশহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইউটিউবাৰৰ ভিডিঅ’ৰ দৃশ্যকে ইউক্ৰেইনৰ খেতিপথাৰত যুদ্ধ টেংক ব্যৱহাৰ হোৱা বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *