
অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ চম্ভলত মাটিৰ তলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ হৈছে। আপলোড হোৱা ফটোখনত মুঠ তিনিখন ভিন্ন ফটো আছে। এইদৰে সেই ফটোসমুহ চম্ভলত উদ্ধাৰ হোৱা ৫০০ বছৰ পুৰণি মছজিদৰ ফটো বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে- উত্তৰ প্ৰদেশত, চম্ভলত মাটিৰ তলত ৫০০ বছৰৰ পুৰণি মজিদ উদ্ধাৰ
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে সেই ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি দেশৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিস্থানে উত্তৰ প্ৰদেশৰ চম্ভলৰ চন্দৌচিত হোৱা এক খননকাৰ্য সম্পৰ্কে পৰিবেশন কৰা বাতৰি লাভ কৰিলোঁ। ইণ্ডিয়া টিভিৰ বাতৰিত দুয়োফালে ছিৰিযুক্ত এক জলাধাৰৰ খননকাৰ্যৰ কথা কোৱা হৈছে। বাতৰি মতে সেয়া আছিল এগৰাকী ৰাণীৰ এক বিশাল জলাধাৰ। সেই জলাধাৰৰ তলত এটি কুঁৱাও আছে বুলি কোৱা হৈছে। অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে ব্যৱহাৰ কৰা ফটোকেইখন স্থানসমুহৰ দৃশ্য সেই ভিডিঅ’ বাতৰিটোতো আমি দেখা পালোঁ।
ইয়াৰ পাছত আমি এবিপি লাইভৰ ভিডিঅ’ বাতৰিতো অনুৰূপ প্ৰমাণ লাভ কৰিলোঁ।
তদুপৰি আজ টকে পৰিবেশন কৰা বাতৰিটো চম্ভলৰ চন্দৌচিৰ সেই জলাধাৰটোৰ খননৰ পাছত উদ্ধাৰ হোৱা বিভিন্ন সমলৰ উল্লেখ কৰা তথা আলোকচিত্ৰ সংলগ্ন কৰা দেখিলোঁ।
ইয়াৰ উপৰিও আমি ইউটিউৱত কিছুমান এনেকুৱা ভিডিঅ’ লাভ কৰিলোঁ, যিবোৰত দেখুওৱা হৈছে যে চম্ভলৰ চন্দৌচিত আচলতে এটা পুৰণি বিশাল জলাধাৰৰ খননহে কৰা হৈছিল। সেই জলাধাৰটো ৰজাদিনীয়া বুলি জানিব পৰা গৈছে। ভাৰতীয় পুৰতত্ব বিভাগৰ নিৰিক্ষণত সম্পাদন হোৱা এই খননত ৰাণীয়ে ব্যৱহাৰ কৰা দুয়োফালে ছিৰিযুক্ত বিশাল জলাধাৰটোৰ তলত থকা কুঁৱাৰো সন্ধান পোৱা হৈছে। সেই ভিডিঅ’সমুহ আপোনালোকে ইয়াত, ইয়াত, ইয়াত চাব পাৰিব। এই ভিডিঅ’ত কোৱা হৈছে যে চম্ভলত মাটিৰ তলত মছজিদ উদ্ধাৰ হোৱা বুলি দাবী কৰি প্ৰচাৰ কৰা একাংশ ফটো আচলতে তাত হোৱা খননৰ অন্তত পোহৰলৈ অহা সেই জলাধাৰটোৰহে। চম্ভলত মাটিৰ তলত মছজিদ উদ্ধাৰ হোৱা নাই। চম্ভলৰ চন্দৌচিত এটা বহু পুৰণি জলাধাৰৰ খনন কৰা হৈছে আৰু তাৰ তলৰ কিছু ফটো মছজিদ উদ্ধাৰ হোৱা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। চম্ভলত মাটিৰ তলত মছজিদ উদ্ধাৰ হোৱা নাই। চম্ভলৰ চন্দৌচিত এটা বহু পুৰণি জলাধাৰৰ খনন কৰা হৈছে আৰু তাৰ তলৰ কিছু ফটো মছজিদ উদ্ধাৰ হোৱা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:খননকৃত জলাধাৰৰ ফটোৰে উত্তৰ প্ৰদেশৰ চম্ভলত ৫০০ বছৰ পুৰণি মছজিদ উদ্ধাৰ বুলি মিছা দাবী।
Written By: Pranjal SharmaResult: False
