
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকে এটা গৰুক নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰি আছে। প্ৰহাৰ কৰাৰ ফলত এটা সময়ত গৰুটো মাটিত বাগৰি পৰা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৈত্য দানৱক দমন কৰিবলৈ ঈশ্বৰ কেতিয়া জাগ্ৰত হ’ব !??
Bangladesh Iskan temple Gau Shala
Because it’s Hindu temple Cow’s
Tomorrow it can happen even in ???”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ৰিভাৰ্চ ইমেজ ছাৰ্চ আৰু প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া আমি এই ঘটনা সম্পৰ্কে কিছুমান প্ৰতিবেদন পালোঁ।
প্ৰতিবেদন অনুসৰি ঘটনাটো সংঘটিত হৈছিল পঞ্জাৱৰ জলন্ধৰৰ জামশ্বেৰ ডেইৰীত।
দ্য ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৰুৰ ওপৰত নিৰ্মম প্ৰহাৰৰ দৃশ্য ভাইৰেল হোৱাৰ পিছত এই নৃশংসতাক লৈ ক্ষোভৰ সৃষ্টি হয় মহানগৰীত। পশু সুৰক্ষা ন্যাসৰ নেতা অভিষেক বাক্সীৰ নেতৃত্বত স্থানীয় বাসিন্দাৰ এটা দল আগবাঢ়ি আহি কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। পিপিআৰ মলৰ বাহিৰত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি জামশ্বেৰ থানালৈ আগবাঢ়ি যায়। আক্রমণকাৰী আৰু ঘটনা সংঘটিত হোৱা বুলি কোৱা ডেইৰীৰ মালিকৰ বিৰুদ্ধে শীঘ্রে ব্যৱস্থা গ্রহণ কৰাৰ দাবী উত্থাপন কৰে গোটটোৱে৷
তেওঁলোকৰ সামূহিক প্ৰচেষ্টাৰ ফলত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়, বিষয়টোৰ তদন্ত কৰি ভিডিঅ’টোৰ মোবাইল উৎসৰ সন্ধান কৰিবলৈ আহ্বান জনোৱা হয়, যিয়ে দায়ীসকলক চিনাক্ত কৰাত সহায় কৰিব পাৰে।
আৰক্ষী আয়ুক্ত জলন্ধৰক উদ্দেশ্যি এই অভিযোগত গুৰুত্ব আৰোপ কৰা হৈছে যে এই কাণ্ডটো অবৈধ গৰু বধ আৰু গো-মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত বৃহত্তৰ নেটৱৰ্কৰ অংশ হ’ব পাৰে, যিটো পঞ্জাৱ গৰু বধ নিষেধাজ্ঞা আইন, ১৯৫৫ৰ অধীনত শাস্তিযোগ্য। বিএনএছৰ ৩২৫ আৰু পশু নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ ১১ নং ধাৰাত যোৱা নিশা থানা সদৰত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰা হয়”।
অধিক স্পষ্টীকৰণৰ বাবে আমি পশু সুৰক্ষা ন্যাসৰ সৈতে কথা পাতিছিল। তেওঁলোকে আমাক জনায়, “গৰুটোক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছিল। আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত এজাহাৰ দাখিল কৰিছিলোঁ, কিন্তু এতিয়ালৈকে দোষী পলাতক বুলি জনোৱা হৈছে আৰু আৰক্ষীয়ে এতিয়াও তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই ঘটনাত আমি এফআইআৰ দাখিল কৰি গোচৰ ৰুজু কৰিছো।”
পশু সুৰক্ষা ন্যাস (Animal Protection Foundation)ৰ দ্বাৰা দিয়া অভিযোগৰ প্ৰতিলিপি তেওঁলোকৰ ফেচবুক পেজত চাব পাৰিব।
এজাহাৰৰ প্ৰতিলিপিও দিয়া হৈছে।
কেইবাটাও সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। পঞ্জাৱৰ জলন্ধৰৰ এখন দুগ্ধ পামত এই ঘটনা সংঘটিত হোৱা বুলি সকলো বাতৰিতে উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনৰ সৈতে আৰক্ষীৰ বিবৃতিও সংলগ্ন কৰা হৈছে। এই ঘটনাৰ লগত বাংলাদেশ বা ইস্কন সংগঠনৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ’টো পঞ্জাৱৰ জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত হৈছিল। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত গৰুৰ ওপৰত অত্যাচাৰৰ ঘটনা বাংলাদেশৰ বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
