মঞ্চাভিনয় কৰি থকা এই ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

শেহতীয়াকৈ এগৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলাৰ এক মঞ্চাভিনয়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এক পুৰণি কমেডী ভিডিঅ’। 

ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কমেডিয়ান যেতিয়া ৰাষ্ট্ৰপতি হয়!

(ভাৰততো এনে বহু সংখ্যক জেলেনস্কী Version আছে)”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৮ চনৰ ১৫ অক্টোবৰত ইউক্ৰেনিয়ান ভাষাত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল।গুগল ট্ৰানছলেটৰ সহায়ত অনুবাদ কৰি আমি জানিব পাৰিলোঁ যে সেয়া “লীগ অৱ লাফটাৰ” (League of Laughter) নামৰ এক অনুষ্ঠানত “ভিনিটছিয়া” নামৰ দল এটাই “Girl’s Eyes” শীৰ্ষক গীতটো পৰিবেশন কৰাৰ দৃশ্য। 

Archived Link

প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণৰ এটা ইউটিউব ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ভিডিঅ’টোৰ আৰম্ভণিতে আমি ভলোভিমিৰ জেলেনস্কিক অনুষ্ঠান পৰিচালনা কৰা দেখিলোঁ।

তাৰ পাছতে আন এজন ব্যক্তিয়ে ঘোষণা কৰাৰ পাছত ভিনিটছিয়া নামৰ দলটোৱে অনুষ্ঠান আৰম্ভ কৰে।

অনুষ্ঠান পৰিবেশন কৰা ব্যক্তিজন আৰু ভলোডিমিৰ জেলেনস্কিৰ মাজত তুলনা তলত চাব পাৰিব।

এইবাৰ আমি ভাইৰেল ভিডিঅ’টোৰ ব্যক্তিজনৰ বিষয়ে জানিবলৈ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট সংলগ্ন থকা এক প্ৰতিবেদন পালোঁ যাৰ শিৰোনাম আছিল “জেলেনস্কিয়ে “লীগ অৱ লাফটাৰ”ৰ কমেডিয়ানক খ্মেলনিটস্কি অঞ্চলৰ আঞ্চলিক ৰাজ্য প্ৰশাসনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে”। প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত থকা কমেডিয়ানজনৰ নাম – ভাচিল গুমেনিউক।

আমি পুনৰ ছাৰ্চ কৰি আন প্ৰতিবেদনো পালোঁ য’ত ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনৰ নাম ভাচিল গুমেনিউক বুলিয়ে উল্লেখ কৰা হৈছিল, লগতে গুমেনিউকক জেলেনস্কিয়ে খ্মেলনিটস্কি (Khmelnytski) অঞ্চলৰ জিলা ৰাজ্যিক প্ৰশাসনৰ (District State Administration) মুৰব্বী হিচাপে নিযুক্তি দিয়ে বুলিও উল্লেখ কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত অনুষ্ঠান পৰিবেশন কৰা ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নহয় বৰং ভাচিল গুমেনিউক নামৰ এজন কমেডিয়ানহে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ সময়ত ভলোডিমিৰ অলেক্সেণ্ড্ৰভিচ জেলেনস্কি এজন কমেডিয়ান আছিল যাৰ কোনো ৰাজনৈতিক অভিজ্ঞতা নাছিল।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত অনুষ্ঠান পৰিবেশন কৰা ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নহয় বৰং ভাচিল গুমেনিউক নামৰ এগৰাকী কমেডিয়ানহে যাক পাছলৈ জেলেনস্কিয়ে খ্মেলনিটস্কি অঞ্চলৰ জিলা ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মঞ্চাভিনয় কৰি থকা এই ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *