বোৰ্খা পিন্ধি অহা মহিলাক দুৰ্গা পূজা মণ্ডপত সোমাব নিদিয়া ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত।

False Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে এখন দুৰ্গা পূজা মণ্ডপত পুৰোহিত সমন্বিতে আন লোকো আছে। সেই মণ্ডপলৈ এগৰাকী বোৰ্খা পৰিহিত মহিলা আহি দেৱীৰ সেৱা ল’ব বিচাৰিছে। সেই সময়ত পুৰোহিতগাৰকীয়ে মহিলাগৰাকীক বাধা প্ৰদান কৰিছে আৰু অৱশেষত বোৰ্খা খুলাৰ পাছত হে তেওঁক মণ্ডপত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdvGOYidIdE6MgpBEIDkri9AaJmq81CO8Lgc8MHodOesjg8kN90yLQAL_fqMs5s_S_E02x1l4ky6ESDOMKUXXzCE5nNCwOWG8N4hleIBJ_WjywW7J6z9jvoEpIKD_GtrzxF6rRW2E7AoTh-PMSZg8dst3gP?key=bkWRTO1u_jC6IXiwQHtpxw

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০২৪ৰ ১১ অক্টোবৰত ইউটিউৱত আপলোড হোৱা এটা ভিডিঅ’ দেখিলোঁ। তাত বাংলা ভাষাত লিখা হৈছিল – এই নাটকৰ নাম কি?

তদুপৰি আমি Sanjjanaa Galrani নামৰ ভেৰিফাইড ফেচবুক একাউণ্টটোত ১০ অক্টোবৰত এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। তাত বিৱৰণত উল্লেখ কৰা হৈছে যে সঞ্জনা গৰলানী এগৰাকী অভিনেত্ৰী। সেই পোষ্টটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে সেই ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত। সবিস্তাৰে উল্লেখ কৰা হৈছে যে সেই পেজটোত এইধৰণৰ বিভিন্ন নাট্য ৰূপান্তৰ পৰিবেশন কৰা হয়। ভিডিঅ’টোও কাল্পনিক আৰু চিত্ৰনাট্যযুক্ত তথা অভিনেতা-অভিনেত্ৰীৰদ্বাৰা প্ৰস্তুত কৰা হৈছে। 

 

সেই একাউণ্টটোত থকা আন কেইটামান স্ক্ৰিপ্টেড ভিডিঅ’ আপোনালোকে ইয়াত,ইয়াত আৰু ইয়াত চাব পাৰিব।

একেটা পূজা মণ্ডপতেই শ্বুটিং কৰা দুটা ভিন্ন ভিডিঅ’ৰ স্ক্ৰিণশ্বট তলত তুলনাত্মকভাৱে দেখুওৱা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe8TREGgtUlVfYYoisix8hIwBSsDuJsBauwLXJNutV_e4iPR81eBpAy4fEsRpqIdOo1U3ehgEEIlXuvJzF0DdmsUtBKFDw_JmKGxqt3t6kRl3u0w_8qxEnPEGDjQldti2aqm8TbrKBib2XHZpeF_HUddpkC?key=bkWRTO1u_jC6IXiwQHtpxw

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ভাইৰেল হৈ পৰা ভিডিঅ’টো সত্য নহয়। ই চিত্ৰনাট্যযুক্ত অৰ্থাত স্ক্ৰিপ্টেড। বাস্তৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।  ভাইৰেল হৈ পৰা ভিডিঅ’টো সত্য নহয়। ই চিত্ৰনাট্যযুক্ত অৰ্থাত স্ক্ৰিপ্টেড। বাস্তৱৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বোৰ্খা পিন্ধি অহা মহিলাক দুৰ্গা পূজা মণ্ডপত সোমাব নিদিয়া ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত।

Written By: Pranjal Sharma  

Result: False