ইজৰাইলৰ গেডেৰাৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ ফটো ইজৰাইলৰে নেৱাটিম বিমানঘাটিৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

Misleading Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ নেৱাটিম বিমানঘাটিত হোৱা বিমান আক্ৰমণৰ পাছৰ ফটো। পোষ্টটোত সেই ফটোখন নেৱাটিম বিমানঘাটি বুলি দাবী কৰি লিখিছে- ইৰাণৰ ভয়াবহ মিছাইল আক্ৰমণত ইজৰাইলৰ নেৱাতিম বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস। যুদ্ধৰ বাবে সাজু কৰি ৰখা পাঁচখন অত্যাধুনিক এফ – ৩৫ বিমান জ্বলি ছাই হোৱা খবৰ। আনহাতে হাইফা চহৰত ৯ জন ইজৰাইলীক গুলীয়াই হত্যা দুজন ব্যক্তিৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf6Vwvgk3eu_IiVQSpYQA4SF01AlOOvJ-v5iUnyfJf-qqhknBGnARqGbV165YshTKBUv2wrIYJsYkJi9fy_GkkeaYyPi07frIaO9H6REaHAzIgvaLsRaO_JcuUOylfW-7Frf8YgXiYoDn1GkQBpwNeT-eX2?key=RxL4BXq6fX8A3Q26gdoDjA

Facebook Link Archived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ফটোখন ব্যৱহাৰ কৰি প্ৰস্তুত কৰা কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থানৰ প্ৰতিবেদন পালোঁ। ইজৰাইলৰ যুদ্ধকালিন পৰিবেশৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কত ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত সেই ফটোখন ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ তলত ফটোখনৰ উৎস, ফটোগ্ৰাফাৰ আদিৰ কথা উল্লেখ কৰি ফটোখন সম্পৰ্কত তথ্যখিনি প্ৰকাশ কৰা হৈছে। তাত লিখিছে-A heavily-damaged school building following an airstrike in Gedera, Israel, on Oct. 1.Photographer: Menahem Kahana/AFP/Getty Images (১ অক্টোবৰত ইজৰাইলৰ গেডেৰাত হোৱা এক বিমান আক্ৰমণত গুৰুতৰভাৱে ক্ষতিগ্ৰস্থ এখন বিদ্যালয়ৰ ভৱন।ফটোগ্ৰাফাৰঃ মিনাহেম কাহানা।এএফপি।গেটী ইমেজেছ) 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcVDR0y9FPaHhgBh5NeYvHpWmENjOFIYDL7WzY0L_U5tZqV7c9LvKEcO3PG5wiwMAaQaQDtlCpOLbHIx4CbLj1OxV1sUlI-3wrg7XJ86DhB5v5qW-ZJ_ugLEVE5EPcPPivhWlA8A8pU3qwKChii2eQsmXHg?key=RxL4BXq6fX8A3Q26gdoDjA

ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে সেই ফটোখন ইজৰাইলৰ গেডেৰাৰ এখন বিদ্যালয়ৰ ফটো, সেই বিদ্যালয়খন বিমান আক্ৰমণত ক্ষতিগ্ৰস্থ হৈছিল। 

আমি ডাচ্ছ সংবাদ প্ৰতিস্থান আৰডিৰ এক প্ৰতিবেদন পালোঁ। তাতো সেই ফটোখন গেডেৰাৰ এখন বিদ্যালয়ৰ বুলি উল্লেখ কৰা হৈছে। ফটোখনৰ কেপছনত ডাচ্ছ ভাষাত লিখা হৈছে-Het verwoeste schoolgebouw in Gedera, na de inslag van een Iraanse raket.(ইৰাণৰ ক্ষেপণাস্ত্ৰৰ প্ৰভাৱৰ পিছত গেডেৰাৰ ধ্বংসপ্ৰাপ্ত বিদ্যালয় ভৱন।)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcr9ewJENEM1PWvTSis3IUzn4WXhW_tG4MjWwoPpZ3mBSOiGsMhRg1O-AZQJRpKL-2ENF2-Ej9BA5LY9xbZcqWErD1z3Y4sw0V_8TC5Ty2cDLVhadeXu0g8sgDnL2q5JMm4t5msZ_uCxALu2oZxJk2M937C?key=RxL4BXq6fX8A3Q26gdoDjA

ওই২৪ নামৰ সংবাদ প্ৰতিস্থানৰ এক বাতৰিত সেই ফটোখনৰ উৎস AFP বুলি উল্লেখ কৰি তাতো মিনাহেম কাহানা বুলি লিখা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeCkfn5w25Ssn4DUoRCa2QDHCAWjqh6q87qhSVmLC_0EVe_HCEjJk6l3rZx8FAyF8Q-winKWXeUpFmSMmw5sPF21WiIvJU4KTPcINnfRXyFXKLQbSdr2R-vjHzMUtCPqrnDHh8aXiylZn2ksfDpb0f6AB1r?key=RxL4BXq6fX8A3Q26gdoDjA

অৰ্থাৎ ইয়াৰ পৰা আমি নিশ্চিত হ’ব পাৰোঁ যে সেই ফটোখন হৈছে ইজৰাইলৰ গেডেৰাত বিমান আক্ৰমণত ধ্বংসপ্ৰাপ্ত এখন বিদ্যালয়ৰ ভৱনৰ। ফটোখনৰ উৎস হৈছে আন্তঃৰাষ্ট্ৰীয় এক সংবাদ প্ৰতিস্থান এএফপি অৰ্থাৎ Agence France-Presse আৰু ফটোগ্ৰাফাৰ হৈছে মিনাহেম কাহানা। সেই ফটোখন গেটী ইমেজেছত উপলব্ধ। 

ইয়াৰ আঁত ধৰিয়েই আমি গেটী ইমেজেছত সেই ফটোখনৰ সন্ধান কৰিলোঁ আৰু সেই নিৰ্দিষ্ট ফটোখনৰ লগতে উল্লিখিত ঘটনাটোৰ সৈতে সম্পৰ্ক থকা আন বহুতো ফটো পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXck7diyzovDtI8WEH5TimfFZMe21YG4LhbMlU49UCTvD76nD73bAuQQq40GMLX3PWyWMAt8zAwIcaMN-oPn_2fv1d1nhytqh8tIMQZCkz967rZ-BQsz9HAQSg9lh5wxLeH8dUVUsQy7ERHYf_hCTU-QL9zc?key=RxL4BXq6fX8A3Q26gdoDjA

তাৰে মাজৰ পৰা আমি অসমৰ ফেচবুক পেজটোত ব্যৱহাৰ কৰা ফটোখন, যিখন ইতিমধ্যেই গেডেৰাৰ সেই ধ্বংসপ্ৰাপ্ত বিদ্যালয়খনৰ ফটো বুলি নিশ্চিত হৈছে; সেইখনৰ সবিশেষ জানিবলৈ যতন কৰিলোঁ আৰু ফটোখনৰ সকলোখিনি তথ্য আমি লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf7DJNeJRwfxsfuI3_exZUqEkRbCsWdBRSeYDym-oAEs-NcnSsCy64XsqhdBQLuXN1BUrbM9gGnYYjZi41ym3gLeua7Y3KxLrJRgt8Nvyq0Guno9-hUxXKn0sn1pXeEU6tUHxwqC8MLzT1bxHEFAHdkvZKu?key=RxL4BXq6fX8A3Q26gdoDjA

এই তথ্যৰ পৰা আমি নিশ্চিতি লাভ কৰিলোঁ যে ফটোখন ইজৰাইলৰ দক্ষিণ প্ৰান্তত অৱস্থিত গেডেৰা চহৰৰ এখন বিদ্যালয়ৰ। ১ অক্টোবৰ, ২০২৪ত হোৱা হিজবুল্লাৰ নেতা লাছৰাল্লাহৰ মৃত্যুৰ প্ৰতিশোধস্বৰূপে ইৰাণে ইজৰাইলৰ ওপৰত ১৫০ৰ পৰা ২০০ মিছাইল আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত এইদৰে বিদ্যালয়খন ধ্বংস হৈ গৈছিল। সেই ফটোখন সংগ্ৰহ কৰিছিল এএফপিৰ ফটোগ্ৰাফাৰ মিনাহেম কাহানাই আৰু ফটোখন ঘটনাটোৰ আন বহু ফটোৰ সৈতে গেটী ইমেজেছত উপলব্ধ হৈ আছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখন ইজৰাইলৰ নেৱাটিম বিমানঘাটিৰ নহয়। সেই ফটোখন ইজৰাইলৰ গেডেৰা চহৰৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয় ভৱনৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ