হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

False Social

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeuNW07AwfwaYKGeVejDkdu2dDVy2_Hzph50c3CQ6bSxJGkogmtJ6V1-qPeIM-IpMgmjWgg6-ohL2idkeUCqPBLcvPH31PU7qjGJ23ySLxuJ-e7BLCtByTCI2xBtBVU83co457HcukpK5EcTORTPE6JbJKg?key=r0afcRdyRjsCOI2aXgjvtQ

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক বাতৰিৰ লিংক লাভ কৰিলোঁ। টেলেংগানা টুডে নামৰ সংবাদ প্ৰতিস্থানৰ ৱেবছাইটত সেই ঘটনাটো সম্পৰ্কত এক বাতৰি লাভ কৰিলোঁ, য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট সংলগ্ন কৰা হৈছে আৰু সেই ঘটনা হায়দৰাবাদৰ বুলি উল্লেখ কৰা হৈছে। চেণ্ট্ৰেল জ’নৰ ডিচিপি আক্ষাংশ যাদৱৰ উদ্ধৃতিৰে লিখা হৈছে যে কৃষ্ণাইয়াহ গৌড় নামৰ মানসিকভাৱে অসুস্থ লোক এজনে সেই কাণ্ড সংঘটিত কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfVLv4cCPnrwlmX16vVFRzSBSOAd4w4yRBfMXUp4PRLG8_bDJKflvpiiWqxBlW9z8L_XET1GXWJN-AKDpXbNduTIv5Xrfczv4AVgtIY21Q51aOzRnTG7Jmz567g7eYUQ3x6KOADWD6P8heglqFsWw7EW4BC?key=r0afcRdyRjsCOI2aXgjvtQ

এই তথ্যক আৰু অধিক সত্যতা প্ৰদান কৰাকৈ আমি এএনআইৰ এক বাতৰিও লাভ কৰিলোঁ। সেই বাতৰিটো আৰক্ষী বিষয়াৰ সংবাদ মেলৰ উদ্ধৃতিৰে একেই তথ্য উল্লেখ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfJGAUJONieJkBGu9ZfPlvV3jLZ4A9AK6QPe8jI_iEiOQYKrQq2nUCRdTQDI9OQVL0UHD29A1CEGvR71auisBucnyMFWlUE3N4eMCl0dSJBKnQlJQxV3iUqyIaRvC_doSyulzlqZxJCSqcbb3bj2fGuFco?key=r0afcRdyRjsCOI2aXgjvtQ

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে সেই ভিডিঅ’টো অসমৰ নহয় আৰু কৰিমগঞ্জত মুছলমান লোকে কৰা কাণ্ড সেয়া নহয়। সেয়া হৈছে হায়দৰাবাদত এজন মানসিক বিকাৰগ্ৰস্থ লোকে লণ্ডভণ্ড কৰা এক দুৰ্গা মণ্ডপৰ দৃশ্য। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ভিডিঅ’টো অসমৰ নহয় আৰু কৰিমগঞ্জত মুছলমান লোকে কৰা কাণ্ড সেয়া নহয়। সেয়া হৈছে হায়দৰাবাদত এজন মানসিক বিকাৰগ্ৰস্থ লোকে লণ্ডভণ্ড কৰা এক দুৰ্গা মণ্ডপৰ দৃশ্য।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

Written By: Pranjal Sharma  

Result: False