বয়সস্থ মুছলমান লোকে এগৰাকী কম বয়সীয়া যুৱতীক বিয়া কৰোৱাৰ এই ভিডিঅ’টো স্ক্ৰীপ্টেড।

Missing Context

শেহতীয়াকৈ ক‌ইনাৰ পোছাক পৰিহিত এগৰাকী কম বয়সীয়া যুৱতীক দৰাৰ পোছাক পৰিহিত এজন বয়সস্থ মুছলমান লোকে টনা আজোৰা কৰি থকাৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এনে ঘটনা যদি #হিন্দু_সমাজত সংঘটিত হ’লহেঁতেন , তেন্তে ই #আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিলেহেঁতেন…”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু লগতে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “Wedding Studio” নামৰ এটা ফেচবুক পেজত এই ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ ২০২৫ চনৰ ৫ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ।  ভিডিঅ’টোৰ বাংলা ভাষাৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ক‌ইনা বিদায়। এই ভিডিঅ’টো সম্পূৰ্ণকৈ চালেই বুজিব।”

Loading evidence…

এই ফেচবুক পেজটোৰ পৰিচয় অংশত লিখা আছিল এইদৰে, “No one will take our videos serio,Our reels are created for your entertainment only and have no resemblance to reality or any such event.I do not make any videos against,Please, none of you make religious comments.We respect all religions.” অৰ্থাৎ এই পেজটোত আপলোড হোৱা ভিডিঅ’সমূহ কেৱল মনোৰঞ্জনৰ বাবেহে নিৰ্মাণ কৰা হৈছে। এই ভিডিঅ’সমূহ গভীৰভাৱে নল’বলৈ আহ্বান জনোৱা হৈছে। 

একেধৰণৰ বহুতো ভিডিঅ’ এই ফেচবুক পেজটোত আপলোড কৰা আমি দেখিবলৈ পালোঁ।

গতিকে ভাইৰেল ভিডিঅ’টো স্ক্ৰীপ্টেড বুলি আমি নিশ্চিত হ’লোঁ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো প্ৰসংগ সংগতিহীন। ভাইৰেল ভিডিঅ’টো কোনো সঁচা ঘটনাৰ নহয় বৰং এক স্ক্ৰীপ্টেড ভিডিঅ’হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: বয়সস্থ মুছলমান লোকে এগৰাকী কম বয়সীয়া যুৱতীক বিয়া কৰোৱাৰ এই ভিডিঅ’টো স্ক্ৰীপ্টেড।

Written by: Fact Crescendo Team

Result: Missing Context