পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

False Social

কিছুদিন পূৰ্বে ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত “জয় ফ’ৰাম ২০২৫” অনুষ্ঠানত শ্বাহৰুখ খান আৰু আমিৰ খানকে ধৰি বলীউডৰ আন ছুপাৰষ্টাৰৰ সৈতে অংশগ্ৰহণ কৰি অভিনেতা ছলমান খানে নিজৰ ভাষণত বেলুচিস্তান আৰু পাকিস্তানৰ কথা পৃথকে পৃথকে উল্লেখ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল, “এতিয়াই যদি আপুনি হিন্দী ছবি এখন নিৰ্মাণ কৰি ইয়াত (ছৌদি আৰৱত) মুক্তি দিয়ে তেন্তে ই ছুপাৰহিট হ’ব। যদি আপুনি তামিল, তেলেগু, বা মালয়ালম ছবি এখন নিৰ্মাণ কৰে তেন্তে ই শ শ কোটি টকাৰ ব্যৱসায় কৰিব কাৰণ ইয়ালৈ আন দেশৰ পৰা ইমানবোৰ মানুহ আহিছে। বেলুচিস্তানৰ মানুহ আছে, আফগানিস্তানৰ মানুহ আছে, পাকিস্তানৰ মানুহ আছে… ইয়াত সকলোৱে কাম কৰি আছে।” এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছিল যে পাকিস্তানে ছলমান খানক তেওঁৰ বেলুচিস্তান মন্তব্যৰ পিছত সন্ত্ৰাসবাদী ঘোষণা কৰিছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল নথিখনত আমি কিছুমান ব্যাকৰণগত ভুল লক্ষ্য কৰিলোঁ যিবোৰ তলত উল্লেখ কৰা হৈছে।

তদুপৰি এই ভাইৰেল নথিখন ২০২৫ চনৰ ১৬ অক্টোবৰৰ আৰু ইয়াত ২০২৫ চনৰ ৭ অক্টোবৰ তাৰিখৰ এখন নথিৰ কথা উল্লেখ কৰা হৈছে। কিন্তু   ছলমান খানে জয় ফ’ৰামত ভাষণ প্ৰদান কৰিছিল ২০২৫ চনৰ ১৭ অক্টোবৰত। লাইভ ষ্ট্ৰীম ভিডিঅ’টো ইয়াত চাব পাৰিব।

ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ তেতিয়া ২০২৫ চনৰ ২৯ অক্টোবৰত “হিন্দুস্তান টাইমছ“ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দাবী খণ্ডন কৰিছে।

আমি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক্স হেণ্ডেল পৰীক্ষা কৰিব পৰা নাছিলোঁ কাৰণ ভাৰতত আইনী দাবীৰ প্ৰতি সঁহাৰি জনাই ইয়াক বন্ধ ৰখা হৈছে। আমাৰ শ্ৰীলংকাৰ দলৰ সহায়ত আমি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক্স হেণ্ডেলটো চাব পাৰিলোঁ আৰু ২০২৫ চনৰ ২৬ অক্টোবৰত কৰা টুইটটো পালোঁ। টুইটত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ছলমান খানক পাকিস্তানে সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা দাবীটো ভিত্তিহীন আৰু মিছা।

Archived Link.

ভাইৰেল নথিখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি “Baloch Women Forum” নামৰ এক্স হেণ্ডলত ভাইৰেল নথিখনৰ সৈতে একেই ছিৰিয়েল নম্বৰ আৰু চিঠি নম্বৰ থকা এখন নথি পালোঁ।

দুয়োখনৰ মাজত তুলনা তলত চাব পাৰিব।

ইয়াৰপৰা বুজা যায় যে ভাইৰেল নথিখন টুইটটোত থকা নথিখনৰ সম্পাদিত সংস্কৰণ হোৱাৰেই সম্ভাৱনা আছে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা নাই। পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দাবী খণ্ডন কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

Fact Check By: Fact Crescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *