লেবাননৰ পুৰণি ভিডিঅ’ ডুবাইত মহিলাৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

False International Political

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাই লাইভ ষ্ট্ৰিমিং কৰি আছে। হঠাৎ এটা শব্দ শুনা যায় আৰু মহিলাগৰাকী থিয় হয়। তাৰপাছতে এটা বিস্ফোৰণ হয় আৰু লাইভ ষ্ট্ৰিমিংটো বন্ধ হৈ পৰে। দাবী কৰা হৈছে এই ভিডিঅ’টো ডুবাইৰ য’ত শেহতীয়াকৈ এইদৰে ইৰাণে মিছাইল আক্ৰমণ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে ডুবাইত এইদৰে মিছাইল আক্ৰমণৰ দৃশ্য ফিলিপাইনছৰ এই মহিলাগৰাকীৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত তেওঁৰ কেমেৰাত বন্দী হয়।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Edlyn Candido Lacse নামৰ এটা ইউটিউব চেনেলত এই ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ ২০২০ চনৰ ৬ আগষ্টত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বনত‌ লিখা আছিল এইদৰে, “Blast while im on my streaming”.

আমি পুনৰ অনুসন্ধান কৰি Edlyn Candido Lacse ৰ ফেচবুকত এই ভিডিঅ’টো সম্পৰ্কে এটা পোষ্ট পালোঁ য’ত তেওঁ উল্লেখ কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী তেৱেঁই আৰু ভিডিঅ’টো লেবাননত ৰেকৰ্ড কৰা হৈছিল ২০২০ চনত। বৰ্তমান এই ভিডিঅ’টো বিভিন্ন ব্লগাৰে টিকটকত পুনৰ আপলোড কৰি আছে।

Facebook Link 

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এই ভিডিঅ’টো ডুবাইত ইৰাণৰ শেহতীয়া মিছাইল আক্ৰমণৰ নহয়। ভিডিঅ’টো লেবাননৰ এক পুৰণি দৃশ্যৰ। ইয়াৰ মধ্য প্ৰাচ্যৰ বৰ্তমানৰ সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।

Result Stamp

Title: লেবাননৰ পুৰণি ভিডিঅ’ ডুবাইত মহিলাৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *