
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভূমিস্খলনৰ দুটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডত হোৱা শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।
প্ৰথম দৃশ্যাংশ
প্ৰথম দৃশ্যাংশত দেখা গৈছে যে পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে ঘৰ-দুৱাৰ ধ্বংস কৰি নিছে আৰু ওচৰৰ মানুহবোৰে নিজকে ৰক্ষা কৰিবলৈ দৌৰিছে। এই ভিডিঅ’টোৰ স্ক্ৰীনশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এই ভিডিঅ’টো এটা ফেচবুক পেজত ২০২৪ চনৰ ২৯ চেপ্তেম্বৰত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ভিডিঅ’টোত নেপালৰ ডাৱৰ বিস্ফোৰণৰ দৃশ্য দেখা গৈছে।
পুনৰ অনুসন্ধান কৰি আমি এই ভিডিঅ’টো নেপালৰ এটা ৰেডিঅ’ ষ্টেচন “Radio Candid“ৰ ফেচবুক পেজত ২০২৪ চনৰ ২৯ চেপ্তেম্বৰত আপলোড হোৱা দেখিলোঁ। কেপশ্বন অনুসৰি ২০২৪ চনৰ ২৮ চেপ্তেম্বৰত হোৱা মূষলধাৰ বৰষুণৰ ফলত নেপালৰ নাগাৰ্জুন নগৰপালিকাত হোৱা ভূমিস্খলনৰ দৃশ্য সেয়া।
একেটা ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দৃশ্যাংশ পুৰণি আৰু উত্তৰাখণ্ডৰ নহয়।
দ্বিতীয় দৃশ্যাংশ
দ্বিতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এই দৃশ্যাংশ ইণ্ডিয়া টুডে’ৰ অফিচিয়েল ইউটিউব চেনেলত ২০২৩ চনৰ ১৬ আগষ্টত আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি, ২০২৩ চনৰ ১৬ আগষ্টত হিমাচল প্ৰদেশৰ মণ্ডী জিলাৰ চৰকাঘাটত হোৱা ভূমিস্খলনৰ দৃশ্য সেয়া।
এই সম্পৰ্কে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ভূমিস্খলনত ধ্বংস হোৱা ঘৰটো এগৰাকী অৱসৰপ্ৰাপ্ত লেন্সনায়ক অশোক গুলেৰীয়াৰ, যিয়ে সেই ঘৰটো ঘটনাৰ দুবছৰ পূৰ্বে সাজিছিল।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দৃশ্যাংশত হিমাচল প্ৰদেশৰ মণ্ডী জিলাৰ এক পুৰণি দৃশ্য দেখা গৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশ আৰু দ্বিতীয় দৃশ্যাংশ ক্ৰমে নেপাল আৰু হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’। ইয়াৰ উত্তৰাখণ্ডৰ শেহতীয়া বানৰ আৰু ভূমিস্খলনৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বানৰ বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
