
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৬ ছেপ্টেম্বৰত Asomlive নামৰ চেনেলটোৰ ইনষ্টাগ্ৰাম হেণ্ডলত আপলোড হোৱা একেধৰণৰ ভিডিঅ’ এটা পালোঁ।

ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “Z PLUS চিকিউৰিটি লৈ মুম্বাই বিমানবন্দৰত ছলমান খান”
একেধৰণৰ এটা ভিডিঅ’ আমি আন এটা ইনষ্টাগ্ৰাম হেণ্ডলত পালোঁ য’ত উল্লেখ কৰা হৈছিল যে লাডাখ যাবলৈ বুলি ছলমান খান মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল।
এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত ছলমান খানক গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা দেখা যোৱা নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। দাবী কৰা ধৰণে ভিডিঅ’টোত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ছলমান খানক গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা দেখা যোৱা নাই। এই ভিডিঅ’টোত ছলমান খানক মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা দেখা গৈছে লাডাখলৈ যোৱাৰ উদ্দেশ্যে। তদুপৰি ভিডিঅ’টো জুবিন গাৰ্গৰ মৃত্যুৰ আগৰেই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা ছলমান খানৰ পুৰণি ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
