
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীয়ে টেলিফোনত কথা পাতি থকা এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে গুজৰাটৰ প্ৰথম টেলিফোনটো সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ টেবুলত স্থাপন কৰা হৈছিল।
ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গুজৰাটৰ প্ৰথম টেলিফোনটো কোনো ডাঙৰ উদ্যোগপতি বা মিলৰ মালিকৰ ঘৰত নহয়, সাবৰমতী আশ্ৰমৰ গান্ধীজীৰ টেবুলতহে স্থাপন কৰা হৈছিল আৰু এই টেলিফোনটো ব্ৰিটিছে গান্ধীজীৰ লগত ইংৰাজে কথা পাতিব পৰাকৈ বিশেষ লাইন পাতি লাখ লাখ টকা খৰচ কৰি স্থাপন কৰিছিল
তথাপিও সাৱৰকাৰ আছিল গান্ধীৰ নহয়, ইংৰাজৰ ষ্টুজ ৷
ধৰ্ম ভিত্তিত দেশ বিভাজন কৰি জন্ম দিয়া পাকিস্তানৰ পিতৃ মোহন দাস কৰমচান্দঁ গান্ধী নহয়নে ! হিন্দু বিৰোধী গান্ধী নহয় নে ? স্বাধীনতাৰ প্ৰথম প্ৰধানমন্ত্ৰী পেটেলে ১৪ ভোট লাভৰ বিপৰীতে নেহেৰুৱে ০১ টা ভোট পাই প্ৰধানমন্ত্ৰী নহল নে ? নাথুৰাম গডছে জী ভুল আছিল নেকি ?”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ষ্টক ইমেজ ৱেবছাইট “Alamy“ত এই ফটোখন পালোঁ। ফটোখনৰ বিৱৰণ অনুসৰি সেয়া সেয়া “সেৱাগ্ৰাম আশ্ৰম”ত মহাত্মা গান্ধীয়ে ১৯৪১ চনত টেলিফোনত কথা পতাৰ দৃশ্য।
আন এটা ষ্টক ইমেজ ৱেবছাইট “Getty Images“তো এই ফটোখন একেধৰণৰ বিৱৰণসহ আপলোড কৰা হৈছিল।
আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি সেৱাগ্ৰাম আশ্ৰম সম্পৰ্কে কিছু তথ্য পালোঁ। “Gandhi Sevagram Ashram” ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি, “১৯৩০ চনত যেতিয়া গান্ধীয়ে লৱণ সত্যাগ্ৰহৰ বাবে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈ পদযাত্ৰা (ফুট মাৰ্চ) আৰম্ভ কৰিছিল, তেতিয়া ভাৰতে স্বাধীনতা লাভ নকৰালৈকে তেওঁ সবৰমতীলৈ ঘূৰি নাযায় বুলি সিদ্ধান্ত লৈছিল। সেই সময়ত স্বাধীনতা লাভ নহ’ল আৰু গান্ধীক দুবছৰতকৈ অধিক কাৰাগাৰত বন্দী কৰা হ’ল। মুক্তিৰ সময়ত তেওঁ কিছু সময় ভ্ৰমণ কৰি কটালে। তেওঁ মধ্য ভাৰতৰ এখন গাঁওক নিজৰ মুখ্য কাৰ্যালয় হিচাপে লোৱাৰ সিদ্ধান্ত ল’লে। ১৯৩৪ চনত, জামনালালজী বাজাজৰ নিমন্ত্ৰণত তেওঁ ৱৰ্ধালৈ আহিছিল। ১৯৩৬ চনৰ এপ্ৰিল মাহত গান্ধীজীয়ে শ্বেগাঁও গাঁৱত নিজৰ বাসগৃহ স্থাপন কৰে যাৰ নাম সলনি কৰি কৰে সেৱাগ্ৰাম, যাৰ অৰ্থ হৈছে ‘সেৱাৰ গাঁও’। সেৱাগ্ৰামলৈ অহাৰ সময়ত গান্ধীজীৰ বয়স আছিল ৬৭ বছৰ। তেতিয়াৰ পৰা সেৱাগ্ৰাম এক প্ৰেৰণাদায়ক স্থানত পৰিণত হৈছে। গুৰুত্বপূৰ্ণ জাতীয় বিষয় আৰু আন্দোলনৰ বহু সিদ্ধান্ত সেৱাগ্ৰামত লোৱা হৈছিল। এই দেশৰ অন্তৰ্নিহিত শক্তিৰ লগত খাপ খুৱাই গান্ধীজীয়ে ৰচনা কৰা জাতি-নিৰ্মাণৰ কাম-কাজৰ বাবে ই কেইবাটাও প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় স্থান হৈ পৰিছিল। মহাৰাষ্ট্ৰৰ ৱৰ্ধা চহৰৰ পৰা ৮ কিলোমিটাৰ আৰু নাগপুৰৰ পৰা ৭৫ কিলোমিটাৰ নিলগত অৱস্থিত শ্বেগাঁও এখন সৰু গাঁও। বহু ব্যৱহাৰিক অসুবিধাৰ মাজতো গান্ধীজীয়ে ইয়াতে বসতি স্থাপন কৰাৰ সিদ্ধান্ত লয়। যদিও তেওঁৰ কস্তুৰবাৰ বাহিৰে কাকো লগত ৰখাৰ কোনো উদ্দেশ্য নাছিল, সেৱাগ্ৰাম আশ্ৰম এটা পূৰ্ণাংগ প্ৰতিষ্ঠান হোৱালৈকে কামৰ হেঁচাত তেওঁৰ লগত অধিক সহকৰ্মীৰ প্ৰয়োজন হৈছিল। সেৱাগ্ৰামত কোনো সুবিধা নাছিল, আনকি ডাক বা টেলিগ্ৰাফ অফিচো নাছিল। চিঠিবোৰ আগতে ৱৰ্ধাৰ পৰা অনা হৈছিল। সন্ত গজানন মহাৰাজৰ বাসগৃহই বিখ্যাত কৰি তোলা এই অঞ্চলত শ্বেগাঁও নামৰ আৰু এখন গাঁও আছিল। গতিকে, গান্ধীজীৰ চিঠিবোৰ আগতে ভুল ঠাইলৈ গৈছিল। সেয়েহে ১৯৪০ চনত এই গাঁওখনৰ নাম সলনি কৰি সেৱাগ্ৰাম ৰখাৰ সিদ্ধান্ত লোৱা হয়।
সেৱাগ্ৰাম আশ্ৰমৰ ৱেবছাইটত উপলব্ধ এটা ভিডিঅ’ত উল্লেখ কৰা হৈছিল যে সেই সময়ৰ ভাইচৰয় লৰ্ড লিনলিথগ’ৱে (Lord Linlithgow) মহাত্মা গান্ধীৰ লগত কথা পাতিবলৈ তেওঁৰ সুবিধাৰ বাবে আশ্ৰমখনত এটা টেলিফোন সংযোগ স্থাপন কৰিছিল।
ভিডিঅ’টো তলত চাব পাৰিব।
আহমেদাবাদ ম্যুনিচিপাল ক’ৰপ’ৰেছনৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে ১৮৯৭ চনত আহমেদাবাদত প্ৰথম টেলিফোন সেৱা আৰম্ভ কৰা হৈছিল। আনহাতে সবৰমতী আশ্ৰম স্থাপন কৰা হৈছিল ১৯১৫ চনৰ মে’ মাহত।
ভাৰতত টেলিফোন সেৱাৰ ইতিহাস সম্পৰ্কে ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল দাবীটো মিছা।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। গুজৰাটত প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত হোৱা নাছিল। গুজৰাটৰ আহমেদাবাদত প্ৰথম টেলিফোন সংযোগ স্থাপন কৰা হৈছিল ১৮৯৭ চনত, আনহাতে সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰা হৈছিল ১৯১৫ চনৰ মে’ মাহত। তদুপৰি ভাইৰেল ফটোখন মহাত্মা গান্ধী সেৱাগ্ৰাম আশ্ৰমত থকা সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:গুজৰাটৰ প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo AssameseResult: False
