
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক সংগীতানুষ্ঠানৰ দৃশ্যাংশ দেখুওৱা হৈছিল। অনুষ্ঠানত উপস্থিত দৰ্শকৰ সৰহ সংখ্যকেই আৰবৰ পোছাক পৰিধান কৰিছিল আৰু কন্ঠশিল্পীগৰাকীয়েও একেই পোছাক পৰিধান কৰিছিল। ভিডিঅ’টোত “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গোৱা শুনা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”চৌদি আৰৱত সনাতন ধৰ্মৰ জয় জয় কাৰ”।
Facebook Link | Archived Link.
কিন্তু সঁচাকৈয়ে কন্ঠশিল্পীগৰাকীয়ে “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গাইছিলনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ভাইৰেল ভিডিঅ’টো এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইলত যোৱা ২৩ অক্টোবৰত আপলোড হোৱা দেখিলোঁ। কিন্তু এই ভিডিঅ’টোত থকা অডিঅ’ অংশত “হৰে কৃষ্ণা হৰে ৰামা” গীতটো নাছিল, বৰং বাদ্যসংগীতহে শুনা গৈছিল আৰু কন্ঠশিল্পীগৰাকীয়ে মাজে মাজে “হালা” বুলি কোৱা শুনা গৈছিল।
আমি পুনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি Abdul Majeed Abdullah Fans নামৰ এটা এক্স হেণ্ডল পালোঁ। তাত ভাইৰেল ভিডিঅ’টোত থকা কন্ঠশিল্পীগৰাকীৰ আন কেইবাটাও ভিডিঅ’ আমি পালোঁ। সেই ভিডিঅ’সমূহৰ ভিতৰত ভাইৰেল ভিডিঅ’টোৰ মঞ্চৰ সৈতে মিল থকা এটা ভিডিঅ’ আমি পালোঁ।
এইবাৰ আমি গুগলত আব্দুল মজিদ আব্দুল্লা বুলি ছাৰ্চ কৰিলোঁ আৰু তেতিয়া The Audiolab Event নামৰ এটা ইউটিউব চেনেলত ২০২৪ চনৰ ৩১ মে’ত আপলোড হোৱা এটা ভিডিঅ’ দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “Hala Besh – Abdul Majeed Abdullah Full Performance – The Arena Kuwait 2024”
এই ভিডিঅ’টোৰ ২:৪৫ টাইমষ্টেম্পৰপৰা ৪:০৫ টাইমষ্টেম্পলৈকে আমি ভাইৰেল দৃশ্যাংশ দেখিবলৈ পালোঁ। কিন্তু ভাইৰেল ভিডিঅ’টোত থকাৰ নিচিনাকৈ কন্ঠশিল্পীগৰাকীয়ে “হৰে কৃষ্ণা হৰে ৰামা” গীতটি গোৱা নাছিল, বৰং “হালা বেশ্ব্” (Hala Besh) নামৰ এটি জনপ্ৰিয় আৰবী ভাষাৰ গীতহে গাইছিল।
ভাইৰেল ভিডিঅ’টো আৰু ইউটিউবৰ ভিডিঅ’টোৰ মাজত তুলনা তলত চাব পাৰিব।
এই একেটা ভিডিঅ’ আমি কন্ঠশিল্পী আব্দুল মজিদ আব্দুল্লাৰ অফিচিয়েল ইউটিউব চেনেলতো পালোঁ।
উল্লেখযোগ্য যে আব্দুল মজিদ আব্দুল্লা, চৌদি আৰৱৰ এগৰাকী জনপ্ৰিয় গায়ক, গীতিকাৰ তথা অভিনেতা।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। দাবী কৰা ধৰণে চৌদি আৰৱৰ এই কন্ঠশিল্পীগৰাকীয়ে “হৰে কৃষ্ণা হৰে ৰামা” গীতটি পৰিবেশন কৰা নাছিল। ভিডিঅ’টোত থকা কন্ঠশিল্পীগৰাকী চৌদি আৰৱৰ এগৰাকী জনপ্ৰিয় গায়ক গীতিকাৰ তথা অভিনেতা আব্দুল মজিদ আব্দুল্লা আৰু মূল ভিডিঅ’ত তেওঁ তেওঁৰ জনপ্ৰিয় গীত “হালা বেশ্ব্” পৰিবেশন কৰি আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সম্পাদিত ভিডিঅ’ চৌদি আৰৱৰ কন্ঠশিল্পীয়ে কৃষ্ণ ভজন গোৱা বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Altered
