হাৰিয়ানাত চলি থকা শেহতীয়া সাম্প্ৰদায়িক হিংসাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নুহত সংঘটিত হোৱা হিংসাৰ জুই হাৰিয়ানাৰ বহু চহৰলৈ প্ৰসাৰিত হৈছে। এই হিংসাত্মক ঘটনাত একাংশ লোক নিহত হোৱাৰ খবৰো পোৱা গৈছে। সেইবাবেই তাত পালৱাল, সোহানা, মানেছাৰ আৰু পাটৌদিত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এই হিংসাত্মক ঘটনা সন্দৰ্ভত নুহ, গুৰুগ্ৰাম, পালৱাল আদি জিলাত ঘটনা সন্দৰ্ভত ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছে। এনে পৰিস্থিতিত ছচিয়েল মিডিয়াত এনে ঘটনাৰ লগত জড়িত বহু ভিডিঅ’ আৰু পোষ্ট দেখা পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত এটা অতিকৈ স্পৰ্শকাতৰ আৰু আমনিদায়ক ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এদল লোকে পথত গধুৰ শিলেৰে এজন লোকক নিৰ্মমভাৱে মৰিয়াইছে। লগতে সেয়াই মেৱাট হিংসাৰ দৃশ্য বুলিও দাবী কৰা হৈছে। কোৱা হৈছে যে এয়া এজন হিন্দু লোকৰ ওপৰত আক্ৰমনৰ দৃশ্য। একে সময়তে ভিডিঅ’টোৰ লগতে ব্যৱহাৰকৰীয়ে কেপচনত লিখিছে যে “যদি আপুনি মেৱাটত সাৰ নাপায়, তেন্তে এদিন আপোনাৰ শেষটোও এনেকুৱাই হ’ব।” টুইটাৰত এইদৰে পোষ্ট কৰা হৈছে।

https://twitter.com/igopalgoswami/status/1686718887876874240

Archived Link

কিন্তু সঁচাকৈয়ে এই ঘটনা হাৰিয়ানাৰ মেৱাটৰ হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোক বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পৰা পোৱা ছবিবোৰৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি জনসত্তা নামৰ সংবাদ প্ৰতিস্থানে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ সৈতে ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা দেখা পালোঁ।

আচলতে এই ভিডিঅ’টো ২০১৭ চনৰ এপ্ৰিল মাহত বাংলাদেশত শ্বুট কৰা হৈছিল, য’ত আবু চৈয়দ নামৰ এজন হত্যাৰ অভিযুক্তক কমিলা জিলাত একাংশ দুষ্ট চক্ৰই এইদৰে হত্যা কৰিছিল। চৈয়দ (২৮)ৰ বিৰুদ্ধে আৱামী লীগৰ নেতা মনিৰ হুছেইনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অধিক তদন্তত আমি বাংলাদেশৰ পৰা প্ৰকাশিত বাতৰি কাকত - ঢাকা ট্ৰিবিউন, নিউ এজ আৰু ডেইলী ছানত আন আন কেইটামান বাতৰি পাইছিলোঁ। সেই বাতৰি অনুসৰি কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষ মুনীৰ হুছেইন সৰকাৰ আৰু তেওঁৰ সহযোগী মহিনুদ্দিনক গুলীয়াই হত্যা কৰা হৈছিল। এই খবৰটো ২০১৬ চনৰ নৱেম্বৰ মাহতে প্ৰকাশ পাইছিল।

দৰাচলতে ২০১৬ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আৱামী লীগৰ নেতা মনিৰ হুছেইন সৰকাৰক হত্যা কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনৰ ১ এপ্ৰিলত এখন গাঁৱৰ ৰাইজে তেওঁৰ হত্যাকাৰীক এইদৰে আক্ৰমন কৰিছিল। এই ভিডিঅ'টো তাত থকা এজন বাসিন্দাই শ্বেয়াৰ কৰিছিল।

এই ভিডিঅ'টো ভাৰতত ২ বছৰ আগতেও ভাইৰেল হৈ পৰিছিল। অৱশ্যে তেতিয়া কাশ্মীৰৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে মেৱাটৰ হিংসাত্মক ঘটনা বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ’টো আচলতে সাত বছৰ পুৰণি। এই ভিডিঅ’টো ভাৰতৰ নহয়, বাংলাদেশৰহে। মেৱাটৰ হিংসাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হাৰিয়ানাত এজন হিন্দু লোকক এইদৰে প্ৰহাৰ কৰা হৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False