
মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে এতিয়াও মণিপুৰত তীব্ৰ চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰি আছে। এনেকুৱা এক পৰিবেশতেই দুই গায়ক-গায়িকাই এটি পুৰণি হিন্দী গীত ‘হম আপ কি আংখোন মেইন’ গাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। দাবী কৰা হৈছে যে এই দুজন গায়ক-গায়িকা মণিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ।
আনকি উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণেও টুইটাৰত এই ভিডিঅ’টো পোষ্ট কৰি কেপচন দি লিখিছিল, “How lovely and melodious, We are Humans first. জিৰণি লোৱাটো কাল্পনিক। তাৰে এজন কুকি, আৰু আনজন ছিজলিং মণিপুৰৰ মেইটেই। বৈচিত্ৰ্যৰ সৌন্দৰ্য্য & প্ৰেম”। ইয়াৰ পিছতে ই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
একেটা পোষ্ট ফেচবুকতো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল।

কিন্তু সঁচাকৈয়ে তেওঁলোক দুয়ো কুকি আৰু মেইটেই হয়নে? এয়া সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোক কী-ফ্ৰেমসত ভাগ কৰি লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৩ চনৰ ২৫ মে’ত শ্বেকিনা মুখিয়াই আপলোড কৰা এটা ইউটিউব ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ শিৰোনাম আছিল ‘Cover Hum apki ankhon main :)’। সেই ভিডিঅ’টোৰ ৰ সৈতেই ঠিক মিল আছিল ভাইৰেল হোৱা ভিডিঅ’টোৰ।
অধিক অনুসন্ধানত আমি এনডিটিভি(NDTV)ৰ ১৭ জানুৱাৰী, ২০১৮ তাৰিখৰ এটা প্ৰতিবেদন পালোঁ, যাৰ শিৰোনাম আছিল “Shekinah Mukhia,11-Year-Old Singing Prodigy From Dehradun,Wins Hearts On Reality TV Show,” য’ত তেওঁক উত্তৰাখণ্ডৰ ডেৰাডুনৰ এগৰাকী যুৱ গায়িকা হিচাপে উল্লেখ কৰা হৈছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে তেওঁ ভইচ ইণ্ডিয়া কিডছ(Voice India Kids)ৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছিল আৰু তেওঁৰ পিতৃ বিকাশ মুখিয়াই তেওঁৰ অনুষ্ঠানৰ সময়ত গীটাৰ বজাইছিল।’

আমি এইটোও দেখিলোঁ যে শ্বেকিনা মুখিয়াই ফেচবুকত তেওঁৰ এটা পোষ্টত ভাইৰেল দাবীটো সম্পৰ্কে কৈছে আৰু বুজাই দিছে যে ভিডিঅ’টোত তেওঁ আৰু তেওঁৰ পিতৃ বিকাশ মুখীয়াক হে দেখা গৈছে। পোষ্টটোত উল্লেখ কৰা হৈছে যে এই যুটিটো মণিপুৰৰ নহয় আৰু কুকি বা মেইটেই সম্প্ৰদায়ৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা । ভাইৰেল ভিডিঅ’টোত উত্তৰাখণ্ডৰ উদীয়মান গায়িকা শ্বেকিনা মুখীয়াক তেওঁৰ পিতৃৰ সৈতে দেখা গৈছে । মণিপুৰ অথবা কুকি বা মেইটেই সম্প্ৰদায়ৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মণিপুৰত এয়া কুকি আৰু মেইটেই গায়িক-গায়িকাৰ যুটী হয় নেকি? সত্যটো কি?
Written By: Pranjal SharmaResult: False
