অতি শেহতীয়াভাৱে অসমৰ ফেচবুক এটা পেজ আমাৰ অসম24 এ পোষ্টত উল্লেখ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমূকৈ APDCLএ অসমৰ ধনী মানুহবোৰৰ বাবে কেৱল ৪ঘণ্টা বিজুলী যোগান ধৰিব যাতে তেওঁলোকে ইনভাৰ্টাৰ আৰু মোবাইল ছাৰ্জ কৰিব পাৰে। পোষ্টটোত লিখা হৈছে যে , “ধনীসকলৰ বাবে সুখৱৰ ! ৪ ঘণ্টাকৈ বিজুলী যোগান ধৰিব ইনভাৰ্টাৰ আৰু চাৰ্জিং বেটাৰীত চাৰ্জ দিবলৈ । খৱৰৰ পিছতেই ৰাজ্যৰ একাংশ ধনী ধনী লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছে। প্ৰতিবাদ কৰা দুখিয়া ৰাইজক অন্ধকাৰত ডুবাই কন্দুৱাব অসম চৰকাৰ তথা বিজুলী যোগান ধৰা APDCL য়ে…APDCL ৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যৰ ধনী ধনী লোকৰ মাজত আনন্দ উৎসৱৰ পৰিৱেশ ।”

Facebook LinkArchived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি তদন্ত কৰি গম পালোঁ যে এয়া সম্পূৰণ মিছা কথা। অসম চৰকাৰ তথা এপিডিচিএলে(APDCL) এনেকুৱা কোনোধৰণৰ সিদ্ধান্ত বা আঁচনি গ্ৰহণ কৰা নাই। এই দাবীটোৰ সম্পূৰ্ণ সত্যতা নিৰূপণ কেনেকৈ কৰিলোঁ চাওঁ আহক।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি আমাৰ অসম24 নামৰ পেজটো কৰা দাবীটো সত্য হয় নে নহয়, তাৰ উমান ল’বলে অসমৰ আগশাৰীৰ, নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থান সমুহৰ কোনোবাই এনেকুৱা ধৰণৰ কোনো বাতৰি প্ৰকাশ বা প্ৰচাৰ কৰিছে নেকি জানিবলৈ প্ৰাসংগিক কিছুমান কী-ৱৰ্ড লৈ ছাৰ্চ কৰি চালোঁ। কিন্তু আমি তেনেকুৱা কোনো ধৰণৰ বাতৰি ছপা,বৈদ্যুতিন, ডিজিটেল কোনো সংবাদ মাধ্যমতেই লাভ নকৰিলোঁ।

এইবাৰ আমি APDCLৰ অফিচিয়েল ৱেবচাইটো খুলি চালোঁ। তাত তেওঁলোকে তেনেকুৱা কিবা ঘোষণা কৰি থৈছে নেকি চাওঁ বুলি ৱেবটাইটো পৰীক্ষা কৰোঁতেও আমি তেনেকুৱা একো তথ্য লাভ নকৰিলোঁ।

ইয়াৰ পাছত আমি APDCLৰ ছ’চিয়েল মিডিয়া হেণ্ডেল সমুহ পৰীক্ষা কৰিলোঁ। প্ৰথমতেই আমি তেওঁলোকৰ টুইটাৰ হেণ্ডেলটো চাই দেখিলোঁ যে তাত এইধৰণৰ কোনো কথা উল্লেখ কৰি কৰা কোনো টুইট নাই।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ APDCLৰ ফেচবুক পেজটো। কিন্তু ফেচবুকতো বিভাগটোৰ তৰফৰ পৰা তেনেকুৱা কোনো ধৰণৰ কথা উল্লেখ কৰি কৰা কোনো পোষ্ট নাছিল।

সদৌ শেষত আমি APDCLৰ জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীমতি প্ৰীয়ম দত্তৰ সৈতে ফোনযোগে এই বিষয়ত সঠিক তথ্য লাভৰ চেষ্টা কৰিলোঁ। তেখেতে আমাক জনায় যে এয়া সম্পূৰ্ণ এক ভিত্তিহীন খবৰ। APDCLৰ তেনেকুৱা কোনো আঁচনিয়েই নাই। লগতে ই সম্পূৰ্ণৰূপে অসম্ভৱ আৰু যুক্তিহীন এক কথা। এখন ৰাজ্যৰ অধিনত থকা একো একোটা ট্ৰান্সফৰ্মাৰ অধিনত কোন ধনী মানুহ, কোন দুখীয়া মানুহ সেই কথা নিৰ্ধাৰণ কৰাটো অসম্ভৱ কাৰ্য। শ্ৰীমতি দত্তই এই খবৰক সমুলঞ্চে অশ্বীকাৰ কৰি ৰাইজক এইধৰণৰ কোনো বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে আমাৰ অসম24 নামাৰ ফেচবুক পেজটোৱে কৰা দাবীটো সম্পূৰ্ণ মিছা। APDCLৰ তৰফৰ পৰা এনেকুৱা কোনো ঘোষণা কৰা হোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:APDCLএ সঁচাকৈ ধনী মানুহকহে মোবাইল আৰু ইনভাৰ্টাৰ ছাৰ্জ কৰিবলৈ দিনটোত ৪ঘণ্টা কাৰেণ্ট দিব নেকি? সত্যটো জানক।

Written By: Pranjal Sharma

Result: False