অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান এমাজনে ফ্ৰী গিফ্ট অৰ্থাত বিনামূলীয়া উপহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি লিংকটোত ক্লিক কৰি চালোঁ। তেতিয়া আমি এই পেজটো খোল খোৱা দেখিলোঁ

তাত নিৰ্দেশ কৰা অনুসৰি প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিলোঁ। সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ পাছত তলত দিয়া ধৰণে আমি বিনামূলীয়া উপহাৰ লাভ কৰা বুলি আহিল ।

আমি উপহাৰ লাভ কৰাৰ তিনিটা সুবিধা পোৱা বুলি জনাই তলত দেখুওৱা ধৰণে নিৰ্দেশ কৰা হ’ল যে যিকোনো তিনিটা বক্সত ক্লিক কৰিব লাগে। তাৰে এটাত বিনামূলীয়া উপহাৰটো আছে। প্ৰথম বাৰ আমি ক্লিক কৰা বক্সটো খালি ওলাল।

সেইটো খালি ওলোৱাত আন এটা বক্সত ক্লিক কৰাৰ নিৰ্দেশ আহিল

এইবাৰ আমি দ্বিতীয় বক্সটোত ক্লিক কৰিলোঁ

আমি বিনামূলীয়া উপহাৰ হিচাপে আইফোন লাভ কৰা বুলি দেখুৱালে।

আৰু সেই লিংকটো বিভিন্নজনৰ হোৱাটছএপত শ্বেয়াৰ কৰাৰ নিৰ্দেশ আহিল।

১০০শতাংশ শ্বেয়াৰ হোৱাৰ পাছত CONTINUE বুটামটোত ক্লিক কৰাত ERROR মেছেজ আহিল।

সেই লিংকটোৱে নিৰ্দেশ কৰা অনুযায়ী আমি কোনোধৰণৰ বিনামূলীয়া উপহাৰৰ সুবিধা লাভ নকৰিলোঁ।

ইয়াৰ পাছত আমি এমাজনৰ আনুষ্ঠানিক ৱেবচাইটটো পৰীক্ষা কৰিলোঁ। কিন্তু তাত এইধৰণৰ কোনো বিশেষ অফাৰ দিয়া দেখা নাপালোঁ।

তাৰ পাছত আমি এমাজনৰ চ’ছিয়েল মিডিয়া একাউণ্ট আৰু হেণ্ডেলসমুহ পৰীক্ষা কৰিলোঁ। এমাজন ইণ্ডিয়াৰ ফেচবুক পেজটোত আমি তেনেকুৱা একো সুবিধা অথবা প্ৰতিযোগীতাৰ তথ্য লাভ নকৰিলোঁ

এমাজনৰ ইণ্ডিয়াৰ ভেৰিফাইড এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলটোতো তেনেকুৱা একো নাপালোঁ।

কেৱল ইমানেই নহয়। এমাজনৰ ইনষ্টাগ্ৰাম একাউণ্টটোতো তেনেকুৱা কোনো ধৰণৰ অফাৰৰ কথা উল্লেখ নাই।

ইয়াৰ অৰ্থ হৈছে যে হোৱাটছএপত ভাইৰেল হৈ পৰা লিংকটো ভুৱা। এমাজনৰ তৰফৰ পৰা তেনেকুৱা কোনো অফাৰ দিয়া হোৱা নাই।

এইখিনিতে প্ৰনিধানযোগ্য যে ইতিপূৰ্বেও এইধৰণৰ বিভিন্ন কোম্পানীৰ অফাৰ দিয়া বুলি প্ৰচাৰ হোৱা বিভিন্ন লিংকৰ সত্যতা নিৰূপণ আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই কৰি থৈছোঁ। প্ৰতিবাৰেই এইবোৰ ভুৱা বুলি প্ৰমানিত হৈ আহিছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে এমাজনে ফ্ৰি গিফ্ট দিয়া বুলি যিটো লিংক ভাইৰেল কৰা হৈছে, সেইটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এমাজনে সঁচাকৈ বিনামূলীয়া উপহাৰ দিছে নেকি?

Written By: Pranjal Sharma

Result: False