অতি শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাছ’ৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। সেই ভয়ংকৰ দুৰ্ঘটনাত ২৭৫ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু প্ৰায় ১০০০জন লোক আহত হৈছিল। ইয়াৰে বহুতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। দুৰ্ঘটনাস্থলীত ঘটনাৰ বুজ লোৱাৰ পাছত মোডীয়ে কটকৰ চিকিৎসালয়লৈ যায় য’ত আহত লোকসকল চিকিৎসাধীন হৈ আছিল।

মোদীৰ এই ভ্ৰমণৰ পাছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মেৰামতিৰ কামৰ দুখন ফটো শ্বেয়াৰ কৰে। প্ৰথম ফটোখনত দুজন লোকে জখলাত থিয় হৈ অট্টালিকাৰ চাদত কাম কৰি থকা দেখা গৈছে, আৰু দ্বিতীয় ফটোখনত অট্টালিকাৰ মজিয়াত কাম কৰা লোক দেখা গৈছে। কেপচনত লিখা আছে “On an account of PM’s Arrival, #Cuttack চৰকাৰী চিকিৎসালয়ত মেৰামতিৰ প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে। জাতিটোৰ ভাগ্য #OdishaTrainAccident ”

Twitter LinkArchived Link

ফটো দুখনেৰে কৰা দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। আমি দেখিলোঁ যে ফটোবোৰ গুজৰাটৰ মৰবিৰ এখন চিকিৎসালয়ৰ পৰা লোৱা হৈছে। কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ একাউণ্টে ২০২২ চনৰ ৩১অক্টোবৰত একেখন ফটোৰ লগতে একে ঠাইৰ আন দুখন ফটোও পোষ্ট কৰিছিল। তাত উল্লেখ কৰা হৈছিল যে পিএম মোদীৰ ভ্ৰমণৰ পূৰ্বে মৰ্বি অসামৰিক চিকিৎসালয়ত ৰং কৰা আৰু টাইলছ স্থাপনৰ দৰে মেৰামতিৰ কাম সম্পূৰ্ণ হৈছিল।

ইণ্ডিয়া টুডেয়েও ১ নৱেম্বৰ, ২০২২ তাৰিখে সেই ফটো প্ৰকাশ কৰি ফটোখনৰ বাবে ইণ্ডিয়ান নেচনেল কংগ্ৰেছক কৃতিত্ব প্ৰদান কৰিছিল। সেই প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনৰ ৩০ অক্টোবৰত মৰ্বি দলং ভাঙি ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ পাছত মোদীয়ে ভুক্তভোগীসকলক লগ কৰিবলৈ মৰ্বি অসামৰিক চিকিৎসালয়লৈ গৈছিল আৰু তেওঁৰ ভ্ৰমণৰ পূৰ্বে চিকিৎসালয়খনত মেৰামতিৰ কাম কৰা হৈছিল।

একাধিক সংবাদ মাধ্যমে ভাইৰেল ফটোসমূহ প্ৰকাশ কৰিছে, য’ত কোৱা হৈছে যে এই ফটোসমূহ মোডীৰ ভ্ৰমণৰ পূৰ্বে মৰ্বি অসামৰিক চিকিৎসালয় মেৰামতিৰ কামৰ সৈতে জড়িত। মোডীৰ ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে চিকিৎসালয়, পথ আৰু অন্যান্য আন্তঃগাঁথনি উন্নয়ন কৰা হৈছিল।

তলত আপুনি ওড়িশাৰ বালাছ’ৰত হোৱা ৰে’ল দুৰ্ঘটনাস্থলীলৈ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ বিষয়ে এনডিটিভিয়ে কৰা প্ৰতিবেদন চাব পাৰিব। কটকৰ চিকিৎসালয়ত আহত লোকক তেওঁ সাক্ষাৎ কৰিছিল। সতীৰ্থ কেবিনেট সহযোগী, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰা দেখা গৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ফটোসমূহৰ সৈতে উত্থাপন কৰা দাবীটোক মিছা। ২০২২ চনৰ নৱেম্বৰ মাহত গুজৰাটৰ মৰ্বি অসামৰিক চিকিৎসালয় ভ্ৰমণৰ পূৰ্বে লোৱা ফটোসমূহ ৰে’ল দুৰ্ঘটনাৰ পাছত শেহতীয়াকৈ ওড়িশাৰ কটকৰ এখন চিকিৎসালয় ভ্ৰমণৰ পূৰ্বে বন্দী কৰা দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোকেইখন প্ৰধানমন্ত্ৰী মোদীয়ে কটকৰ হস্পিতাল ভ্ৰমণ কৰাৰ পূৰ্বে লোৱা হয়নে? প্ৰকৃত সত্য কি?

Written By: Pranjal Sharma

Result: False