শাৰী,মংগলসূত্ৰ পিন্ধা এইসকল মহিলা চন্দ্ৰযান-৩ৰ বিজ্ঞানী হয়নে? সত্যটো কি?

False Social

শেহতীয়াকৈ ইছৰ’ই চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিলে। ইয়াৰ বাবেই সমগ্ৰ দেশত এক সুখৰ পৰিবেশ বিৰাজ কৰিছে। এই বিষয়ে বহু ভিডিঅ’ আৰু ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। পোষ্টটোত এখন ছবি সংলগ্ন কৰা হৈছে। সেই ছবিখনত কেইগৰাকীমান মহিলা আৰু পুৰুষে উদযাপন কৰা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “শাৰী,মংগলসূত্ৰ আদি পিন্ধা এই মহিলা বিজ্ঞানীসকল চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ সৈতে জৰিত।”

কি দাবী কৰা হৈছে?

২০২৩ চনৰ ১৭ জুলাই তাৰিখে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিল Nikhil Flute Sarmah  নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে। পোষ্টটোত দাবী কৰা হৈছে যে, “ পিন্ধণত শাড়ী, কপালত সেন্দুৰৰ ফোঁট, ডিঙিত মংগলসূত্ৰ , হাতত খাৰু পিন্ধা এওঁলোক একো নজনা, ভাৰতীয় পৰম্পৰা মানি চলা গাওঁৰ সহজ সৰল মহিলা নহয় । এওঁলোক হ’ল ISRO ৰ বৈজ্ঞানিক। এওঁলোক দুদিন আগতে ভাৰতবাসীক গৰ্বিত কৰি সফলতাৰে উৎক্ষেপন কৰা চন্দ্ৰযান ৩ team ৰ সদস্য ৷ ” 

এইদৰে ফটোখন চন্দ্ৰযান -৩ অভিযানৰ মহিলা বিজ্ঞানীসকৰ বুলি দাবী কৰা হৈছে। 

Facebook LinkArchived Link

 কিন্তু এই মহিলাসকল সঁচাকৈয়ে চন্দ্ৰযান-৩ অভিযানৰ বিজ্ঞানী হয়নে? এয়া সত্যনে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানত প্ৰথমে আমি google reverse image search ৰ জৰিয়তে পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ফটোখনৰ সত্যাসত্য বিচাৰিলোঁ আৰু আমি কিছুমান লিংক পালোঁ। আমি এই ফটোখন ২৫ ছেপ্টেম্বৰ ২০১৪ তাৰিখে বিবিচি নিউজৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত পালোঁ। ইয়াত লিখা আছিল, “এই ছবিখন মংগলযান উতক্ষেপনৰ। কোৱা হৈছে যে এইখন ইছৰোৰ কাৰ্যালয়ৰ ছবি। এইখন ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানীসকলে মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰাৰ পিছত উদযাপন কৰা সময়ৰ ছবি।” বিবিচিৰ সেই প্ৰতিবেদন আপোনালকে ইয়াত পঢ়িব পাৰিব। 

আনহাতে ২০১৭চনৰ ১৭ মাৰ্চত WIREDত মংগল গ্ৰহলৈ ভাৰতীয় বিজ্ঞানীয়ে অতি কম খৰচতে ৰকেট প্ৰেৰণ কৰা সম্পৰ্কত প্ৰকাশিত এক বাতৰিতো আমি এই একেখন ফটোকে সংলগ্ন কৰা দেখা পালোঁ। সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।

তদুপৰি Mars Orbiter Mission সম্পৰ্কীয় ইণ্টাৰনেটৰ তথ্যৰ সৈতেও এই একেখন ফটোকেই আমি লাভ কৰিলোঁ। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰে ওপৰৰ পোষ্টটোত কৰা দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। কাৰণ, পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ফটোখন চন্দ্ৰযান-৩ উৎক্ষেপণৰ সফলতাৰ পিছৰ নহয়। ২০১৩ চনৰ ৫ নৱেম্বৰত মংগলযান উৎক্ষেপণ হোৱাৰ পাছৰ ছবিহে এইখন। চন্দ্ৰযান-৩ৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শাৰী,মংগলসূত্ৰ পিন্ধা এইসকল মহিলা চন্দ্ৰযান-৩ৰ বিজ্ঞানী হয়নে? সত্যটো কি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *