
নব্বৈৰ দশকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ আদৰৰ খেলূৱৈ হৈ পৰা জিম্বাবৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰে অসমৰ চ’ছিয়েল মিডিয়াকো চুই গৈছে। অসমৰো একাধিক ফেচবুক ব্যৱহাৰকাৰী তথা সংবাদ প্ৰতিস্থানেও ৮৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰন্ত হৈ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে বুলি পোষ্ট দিয়া আমি দেখা পাইছোঁ।
প্ৰাগ নিউজ নামৰ সংবাদ প্ৰতিস্থানটোৱে তেওঁলোকৰ ফেচবুক পেজ তথা ৱেব চাইটত প্ৰচাৰ কৰিছে যে হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে। তেওঁলোকে ৱেবচাইটত লিখা বাতৰিটো ইয়াত পঢ়িব পাৰিব।

বৰপানী বাৰ্তা নামৰ পেজটোৱেও প্ৰচাৰ কৰিছে যে হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে ৪৯ বছৰ বয়সত।

নেচদাত খনিকৰ নামৰ একাউণ্টৰ পৰাও অনুৰূপ দাবী কৰি পোষ্ট দিয়া হৈছে যে হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে।

কিন্তু সঁচাকৈয়ে প্ৰসিদ্ধ অলৰাউণ্ডাৰগৰাকীৰ মৃত্যু ঘটিছেনে? এয়া সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক শব্দ লৈ গুগলত কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি এই সন্দৰ্ভত কেইটামান বাতৰি লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে যে আচলতে সেয়া সত্য নহয়, উৰাবাতৰি হে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ হেনৰী অলোংগাৰ উদ্ধৃতি দি লিখিছে যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ সন্দৰ্ভত হেনৰি অলোংগাই এক্স(পূৰ্বৰ টুইটাৰ)ত নিশ্চিত কৰিছে যে সেয়া সত্য নহয়। হিথ ষ্ট্ৰিক ভালকৈ আছে, জীয়াই আছে। সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

তদুপৰি ইণ্ডিয়ান এক্সপ্ৰেছতো অলোংগাৰ টুইটৰ কথা উল্লেখ কৰি প্ৰতিবেদনত লিখিছে যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰটো অতিৰঞ্জিত। হেনৰি অলোংগা আৰু হিথ ষ্ট্ৰিকৰ মাজৰ হোৱাটছএপ কথোপকথনৰ স্ক্ৰিণশ্বটৰ কথা উল্লেখ কৰি সেই প্ৰতিবেদন প্ৰস্তুত কৰা আমি দেখিলোঁ। সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

আমি তাৰ পাছত হেনৰী অলোংগাই এক্স(পূৰ্বৰ টুইটাৰ)ত কি পোষ্ট কৰিছে তাক বিচাৰি চালোঁ। আমি এক্সত তেওঁৰ সেই পোষ্টটোও পালোঁ য’ত তেওঁ নিজৰ আৰু ষ্ট্ৰিকৰ মাজৰ কথা বতৰাৰ স্ক্ৰিণশ্বট সংলগ্ন কৰি লিখিছে I can confirm that rumours of the demise of Heath Streak have been greatly exaggerated. I just heard from him. The third umpire has called him back. He is very much alive folks. ( মই নিশ্চিত কৰিব পাৰোঁ যে হিথ ষ্ট্ৰিকৰ দেহাৱসানৰ উৰাবাতৰিবোৰ বহু পৰিমাণে অতিৰঞ্জিত কৰা হৈছে। এইমাত্ৰ তেওঁৰ পৰা খবৰ পাইছোঁ। থাৰ্ড আম্পায়াৰে তেওঁক পুনৰ মাতিছে। তেওঁ ভালকৈয়ে জীয়াই আছে ৰাইজ।)
এই সকলোখিনি তথ্য লাভ কৰাৰ পাছত আমি নিশ্চিত হৈছোঁ যে একালৰ প্ৰখ্যাত অলৰাউণ্ডাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটা নাই। তেওঁ এতিয়াও জীয়াই আছে। এয়া চ’ছিয়েল মিডিয়াত বিয়পি কৰা এক উৰা বাতৰিহে মাথোঁ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে একালৰ প্ৰখ্যাত অলৰাউণ্ডাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটা নাই। তেওঁ এতিয়াও জীয়াই আছে। এয়া চ’ছিয়েল মিডিয়াত বিয়পি কৰা এক উৰা বাতৰিহে মাথোঁ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:একালৰ জিম্বাবৱেৰ প্ৰখ্যাত ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে নেকি? সত্যটো কি?
Written By: Pranjal SharmaResult: False
