
বাংলাদেশৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰেপৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ হোৱা বুলি বিভিন্ন পোষ্ট ভাইৰেল হৈছে। এনে সময়তে ধূলি-বালি আৰু ছাইৰে লুতুৰি-পুতুৰি এটি শিশু ফুটপাথত বহি থকাৰ এক দৃশ্য আমি ফেচবুকত পালোঁ।
ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “Bangladesh 😭
ভাৰতবৰ্ষ বিশ্বগুৰু ❓❓❓
বিশ্বৰ শক্তিশালী নেতা Narendra Modi ❓❓❓
কিন্তু বাংলাদেশৰ হিন্দু নিৰ্যাতন তেঁওলোকৰ চকুৰে নেদেখে 😡😡😡”
আন এটা ফেচবুক পোষ্ট ইয়াত চাব পাৰিব। Archived Link
কিন্তু সঁচাকৈয়ে এই ভিডিঅ’টো বাংলাদেশৰ হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ১৯ জুলাইত ভিডিঅ’টো এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ।
এই ভিডিঅ’টোৰ একেবাৰে ওপৰৰ অংশৰ বাওঁফালে নিউজ চেনেল আল-জাজিৰাৰ ল’গ’ আমি দেখিলোঁ। ভিডিঅ’টোৰ ওপৰৰ সোঁফালে আৰবী ভাষাত ভিডিঅ’টোৰ স্থান সম্পৰ্কে লিখা আছিল, যিটোৰ অনুবাদ হৈছে, “নুচেইৰাট কেম্প- গাজা”। নুচেইৰাট কেম্প হৈছে পেলেষ্টাইনৰ গাজাত থকা শৰণাৰ্থী শিবিৰ।
আমি আল জাজিৰাৰ ইনষ্টাগ্ৰামত ২০২৪ চনৰ ১৪ জুলাইত এই ভাইৰেল ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বন আৰবী ভাষাত লিখা আছিল আৰু অসমীয়ালৈ অনুবাদ কৰিলে হয় এনেধৰণৰ, “বিস্ময় আৰু ভয়েৰে ভৰা চকুৰে.. আল-নুচেইৰাট শিবিৰত স্থানচ্যুত লোকক আশ্ৰয় দিয়া এখন বিদ্যালয়ত দখলকাৰী বাহিনীয়ে কৰা বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল এটি শিশু”।
পেলেষ্টাইনী ফটোগ্ৰাফাৰ চালামা নবিল ইউনিছেও ১৪ জুলাইত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন দিছিল, “এই শিশুটি মধ্য গাজা ষ্ট্ৰীপৰ নুচেইৰাট শিবিৰৰ মাজত বৃহৎ সংখ্যক স্থানচ্যুত লোক থকা এখন আশ্ৰয় বিদ্যালয়ত দখলকাৰীৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডৰ পৰা ৰক্ষা পৰে।”
খবৰ অনুসৰি ইজৰাইলে ১৪ জুলাইত মধ্য গাজাৰ আবু অৰাইবান স্কুলত আক্ৰমণ চলাইছিল য’ত বহু স্থানচ্যুত ব্যক্তিয়ে আশ্ৰয় লৈছিল। এই আক্ৰমণৰ ফলত ১০০ জন পেলেষ্টাইনী আহত হোৱাৰ লগতে ২২ জন লোকৰ মৃত্যু হয়।
অধিক অনুসন্ধান কৰি আমি দেখিলোঁ যে একেটা ভিডিঅ’ ২০ জুলাইত চিবিএছ নিউজৰ ইউটিউব চেনেলতো আপলোড কৰা হৈছিল। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে “গাজাত ইজৰাইলী এয়াৰ ষ্ট্ৰাইকৰ পাছৰ পৰিণতি ভিডিঅ’ত বন্দী কৰা হৈছে।”
এইদৰে এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আমি জানিব পাৰিলোঁ যে ২০২৪ চনৰ জুলাই মাহত গাজাৰ নুচেইৰাট শিবিৰত ইজৰাইলী এয়াৰ ষ্ট্ৰাইকৰ পৰা ৰক্ষা পোৱা এটা শিশুৰ ভিডিঅ’ বাংলাদেশৰ হিন্দু শিশু বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছিল। এই ভিডিঅ’টোৰ লগত বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত দেখা গৈছে ২০২৪ চনৰ জুলাই মাহত গাজাৰ নুচেইৰাট কেম্পত ইজৰাইলৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা এটা শিশু।বাংলাদেশৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
