মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ পিছত একাংশ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এনে পৰিপ্ৰেক্ষিতত নিৰ্যাতন চলোৱা লোকসকলৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সংখ্যাগৰিষ্ঠ মেইটেই গোটে মণিপুৰত প্ৰতিবাদী সমদল উলিওৱা বুলি দাবী কৰি চ'চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে এই ৰেলী অভিযুক্তৰ সমৰ্থনত নাছিল।

ইম্ফল টাইমছৰ খবৰ অনুসৰি যোৱা ২৯ জুলাইত ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সমাৱেশৰ আয়োজন কৰা হৈছিল।

তলৰ বাতৰিৰ স্ক্ৰীণশ্বটত “চিন কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে COCOMIৰ গণ সমাৱেশ” এনেকৈ লিখা দেখা গৈছে।

এই সন্দৰ্ভত অধিক অনুসন্ধানৰ অন্তত দেখা গ’ল যে ইউটিউব চেনেল টম টিভিয়ে সেইদিনা এই সমাৱেশৰ ভিডিঅ’ আপলোড কৰিছিল।

আপ্ত কংজেবুঙৰ পৰা ইম্ফলৰ থাউ ময়দানলৈ অনুষ্ঠিত হয় এই সমাৱেশ। হিংসাত্মক সংঘাতৰ অন্ত পেলোৱা, এন আৰ চি ৰূপায়ণ, সমগ্র মণিপুৰৰ বাবে একেধৰণৰ শাসন ব্যৱস্থাৰ দাবীত প্রস্তাৱ গৃহীত কৰি মণিপুৰত নিচা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমদল উলিওৱা হয়।

ইম্ফল ফ্ৰী প্ৰেছৰ প্ৰতিবেদন অনুসৰি বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে জনসাধাৰণে এই সমাৱেশত যোগদান কৰিছিল।

প্ৰতিবাদকাৰীসকলে “মণিপুৰত কোনো পৃথক প্ৰশাসন নাই”, “নাৰ্কো-সন্ত্ৰাসবাদ বিলুপ্ত কৰক”, “মহিলাৰ বিৰুদ্ধে কোনো হিংসা নহয়”, “অনতিপলমে এন আৰ চি উন্নীতকৰণ কৰক” আদি পোষ্টাৰ হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

মণিপুৰৰ থৌবাল জিলাৰ অপুনবা ক্লাৱৰ উদ্যোগত আন এক সমাৱেশৰ খবৰ ইম্ফল ফ্ৰী প্ৰেছে শ্বেয়াৰ কৰে।

কিন্তু, নেটিজেনসকলে পূৰ্বৰ ৰেলীৰ এখন ফটো শ্বেয়াৰ কৰিছিল, যিয়ে আলোড়নৰ সৃষ্টি কৰিছিল।

ফ্ৰী প্ৰেছে টুইট কৰি কয় যে এতিয়া এই কাহিনীটো আঁতৰাই দিয়া হৈছে।

প্ৰথম সমাবেশ

চিন-কুকি সম্প্ৰদায়ে নাৰ্কো-সন্ত্ৰাসবাদৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যখনক একত্ৰিত কৰাৰ বাবে মণিপুৰ অখণ্ডতা সমিতি (COCOMI)ৰ উদ্যোগত এক সমাবেশৰ আয়োজন কৰা হৈছিল। ভাইৰেল ফটোখন হ'ল সেই সমাবেশৰ।

আনখন সমাবেশ

মণিপুৰৰ থৌবাল জিলাত অনুষ্ঠিত হোৱা প্ৰথমখন সমাবেশতকৈ এইখন সমাবেশ সৰু আছিল আৰু ভাইৰেল ভিডিঅ’ গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে অপুনবা ক্লাব আৰু মীৰা ফিবিছে আয়োজন কৰিছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা সমাবেশৰ নহয় বৰং চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজিত সমাবেশৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা সমাবেশৰ নহয়।

Written By: Debanjana Baishya

Result: False