
ৰে’লৱে প্লেটফৰ্মত ৰে’লৰ ফালে খোজ কাঢ়ি যোৱা দুগৰাকী মহিলাৰ বেকগ্ৰাউণ্ডত বলীউডৰ সংগীত বাজি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইবুলি যে এই মহিলাসকল ভাৰতৰ বন্দে ভাৰত এক্সপ্ৰেছৰ লোকো পাইলট।
পোষ্টটোৰ কেপচনত লিখা আছে, “বন্দে ভাৰত ট্ৰেইন লোকো পাইলটছ ক্ৰু.. আপুনি কেতিয়াবা এই আচৰিত দৃশ্যটো কল্পনা কৰিব পাৰিলেহেঁতেননে? কয়লা চালিত ইঞ্জিন চালকৰ পৰা আৰম্ভ কৰি এই এয়াৰলাইন ষ্টাইলৰ ইঞ্জিন ক্ৰুলৈকে…ভাৰতৰ এতিয়া উত্থান ঘটিছে”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ভিডিঅ’টোৰ কী ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ তেতিয়া আমি শ্বিজিনা ৰাজনৰ ইনষ্টাগ্ৰাম পেজটো পালোঁ। একেটা ভিডিঅ’ই তাত ২৪ ছেপ্টেম্বৰত আপলোড কৰা হৈছিল। তেওঁৰ বায়’ত উল্লেখ আছে যে তেওঁ ভাৰতীয় ৰে’লৱেৰ টিটিই আৰু তেওঁৰ প্ৰফাইলত তেওঁৰ চাকৰি জীৱনৰ অভিজ্ঞতাৰ কেইবাটাও ভিডিঅ’ আৰু ফটো আছে।
ইয়াৰ পিছত আমি ভিডিঅ’টোৰ বিষয়ে অধিক বিৱৰণ বিচাৰিবলৈ প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰিলোঁ। তাৰ পিছত আমি এটা ইউটিউব ভিডিঅ’ পালোঁ য’ত শ্বিজিনা ৰাজন আৰু দ্বিতীয় টিটিই দুয়োজনেই আছিল। ২০২৩ চনৰ ২৫ এপ্ৰিলত মালয়ালম ভাষাত ‘টেক ট্ৰেভেল ইট শ্বৰ্টছ’ নামৰ এটা চেনেলে ‘বন্দে ভাৰতৰ এথলীট টিটিইছ’ শীৰ্ষক ভিডিঅ’টো আপলোড কৰিছিল।
ভিডিঅ’টো শ্বুট কৰা ব্যক্তিজনে মহিলাসকলক টিটিই বুলি চিনাকি কৰাই দিয়ে আৰু ভাইৰেল ভিডিঅ’টোৰ পৰা দ্বিতীয়গৰাকী মহিলাই ডায়েনা বুলি নিজৰ নাম উল্লেখ কৰে। ইয়াৰ পিছত ইউ টিউবাৰে ধেমালিতে আৰু কয় যে ভাৰতীয় ৰে’লৱেই বন্দে ভাৰত এক্সপ্ৰেছত প্ৰাক্তন ক্ৰীড়াবিদক টিটিই হিচাপে নিযুক্তি দিছিল যিহেতু ই এখন দ্ৰুতগতিত চলি থকা ৰে’ল। উল্লেখযোগ্য যে ভাইৰেল ভিডিঅ’টোৰ থাম্বনেইলত টিটিইৰ লেনিয়াৰ্ডত লিখা ‘ত্ৰিবেন্দ্ৰম বিভাগ’ দেখা গৈছে।
অধিক অনুসন্ধানত আমি ২০২৩ চনৰ ২৬ এপ্ৰিলত কেৰালা কামুদীত প্ৰকাশিত এটা প্ৰবন্ধ পালোঁ, যাৰ শিৰোনাম আছিল ‘বন্দে ভাৰতৰ প্ৰথম দিনাই খেলুৱৈ পদ্মিনী থমাছৰ বাবে আন এক খ্যাতি কঢ়িয়াই আনে।’ প্ৰবন্ধটোত ভাৰতীয় খেলুৱৈ পদ্মিনী থমাছ আৰু প্ৰয়াত জন চেলভানৰ কন্যা ডায়েনা জন চেলভানৰ বিষয়ে, যি ডায়েনা চেলভান নামেৰেও পৰিচিত, লিখা হৈছিল।ডায়েনাই এথলেটিকছৰ পৰা অৱসৰ লৈ ছবছৰ পূৰ্বে ভাৰতীয় ৰেলৱেত টিটিই হিচাপে যোগদান কৰিছিল। লেখাটোত কেৰালাত বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক চলাচলৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰা হৈছে।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভিডিঅ’টোত দেখা মহিলা শ্বিজিনা ৰাজন আৰু ডায়েনা চেলভান ট্ৰেভেলিং টিকট পৰীক্ষকহে (টিটিই), লোকো পাইলট নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই দুগৰাকী মহিলা বন্দে ভাৰত এক্সপ্ৰেছৰ লোকো পাইলট নহয়।
Written By: Debanjana BaishyaResult: Missing Context
