এই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই!

False Social
sand.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত সৰু ল’ৰা এটা তেওঁৰ 

মুখাৱয়বৰ বালিত বনোৱা এক চেণ্ড আৰ্টৰ কাষত বহি আছে । দাবী কৰা হৈছে যে উক্ত চেণ্ড আৰ্টটো সেই সৰু ল’ৰাজনে নিজেই বনাইছে । বিভিন্নজনে এই ফটোখন ফেচবুকত আপলোড কৰিছে আৰু উক্ত ল’ৰাজনৰ প্ৰতিভাক শলাগিছে । 

সপোন নামৰ এক ফেচবুক পে’জৰ পৰা এনে ধৰণৰ এক ফেচবুক পোষ্ট ১৬ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু এই পোষ্টটো বৰ্তমান ভাইৰেল হৈ পৰিছে । উক্ত ফেচবুক পোষ্টটো বহুল ভাৱে শ্বেয়াৰ, লাইক তথা কমেণ্ট কৰা হৈছে । এনে ধৰণৰ আন কিছু ফেচবুক পোষ্টও দেখা গৈছে য’ত উক্ত ফটোখন ফেচবুকত আপলোড কৰি বিভিন্নজনে ল’ৰাজনৰ প্ৰতিভাক শলাগিছে । 

সঁচাকৈ এই সৰু ল’ৰাজনে নিজৰ মুখাৱয়বৰ নিজে বালিত বনোৱা এক চেণ্ড আৰ্টৰ কাষত বহি আছে নেকি? সঁচাকৈ এই চেণ্ড আৰ্টটো তেওঁ নিজেই বনাইছে নেকি? সত্য কি? জানো আহক । 

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু আমি এক ফেচবুক পোষ্ট ‘Sn Art Sadananda’ নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা দেখিলোঁ । উক্ত পোষ্টটোৰ, ‘আজিৰ চেণ্ড আৰ্ট লাইভ পৰ্ট্ৰেত ট্ৰাই’ বুলি এক শিৰোনামা দি আপলোড কৰা হৈছে । আমি দেখিলোঁ যে তেওঁৰ টাইমলাইনটো এনে ধৰণৰ আৰ্টৰ দ্বাৰা ভৰ্তি হৈ আছে । 

sand1.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

এই বিষয়ে আৰু নিশ্চিত হবলৈ আমি সদানন্দ নামৰ আৰ্টিষ্টজনৰ সৈতে ফোনত যোগাযোগ কৰিলোঁ । তেওঁ আমাক জনালে যে উক্ত চেণ্ড আৰ্টটো তেওঁৰেই সৃষ্টি । গতিকে আমি নিশ্চিত হলো যে দাবী কৰাৰ দৰে সেই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই । 

ফলাফল

উক্ত ফেচবুক পোষ্টটো ভুৱা হয় । বিভিন্নজনে দাবী কৰাৰ দৰে সেই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই । এই চেণ্ড আৰ্টটো দৰাচলতে ‘Sn Art Sadananda’ নামৰ এজন ৰ্আৰ্টিষ্টে বনাইছে । 

Avatar

Title:এই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *