ফটোত দেখা ব্যক্তিগৰাকী হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়।

False Social

WhatsApp Image 2020-09-30 at 15.46.44.jpeg

সংৰক্ষিত লিংক

এখন ফটোৰ স্ক্ৰিনশ্বটত অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপত শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে। যিখনত এজন ব্যক্তিক দেখা গৈছে আৰু তাত লিখা হৈছে যে তেওঁ হিমালয়া আয়ুৰ্বেদিক প্ৰডাক্টৰ স্বত্বাধিকাৰী মহম্মদ মীনল। 

স্ক্ৰিনশ্বটটোত থকা কথাখিনি এনেকুৱা:

*This is Mohammed Menal’ calls himself M Menal. He is the owner of Himalaya Ayurvedic products (name is Bhartiya). He donates 10% o his to Jihadist’s.*

#FridayMotivation #HindusUniteForDharma

I will never buy Himalaya products😡*

*# ❌Boycott❌_Himalaya

WhatsApp Image 2020-09-30 at 09.01.38.jpeg

সংৰক্ষিত লিংক

তেওঁ সচাকৈয়ে হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক হয়নে।? আহক সত্যতা পৰীক্ষা কৰো।

প্ৰণালী

কেইটামান প্ৰাসংগিক শব্দেৰে কৰা গুগল চাৰ্ছে প্ৰমান কৰিলে যে হিমালয়া ড্ৰাগ কোম্পানীৰ প্ৰতিস্থাপক মহম্মদ মীনল নহয়, মহম্মদ মনাল হে। কোম্পানীটোৰ ৱেবচাইটমতে উত্তৰাখণ্ডৰ ডেহৰাদুনত ১৯৩০ চনত কোম্পানীটো প্ৰতিস্থা কৰিছিল মহম্মদ মনালে।  

2himalaya.png

১৯৮৬ চনত তেওঁৰ দেহাৱসান ঘটে। সেইবাবে তেওঁ জেহাদীক ১০ শতাংশ উপাৰ্জনৰ ধন দিয়া কথাটো অপ্ৰাসংগিক। 

1himalaya.png

আমি তদুপৰি হিমালয়া ড্ৰাগ কোম্পানীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা কৰা এটা পোষ্টো পালো যত লিখা হৈছে যে এই মেছেজটোত থকা কথাবোৰ ভিত্তিহীন আৰু অসত্য। 

1himalaya1.png

তাৰ পিছত আমি ফটোখনত থকা ব্যক্তিগৰাকী সম্পৰ্কে এক গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো আৰু আমি ইকোনমিক টাইমৰ ২০১৬ চনৰ এটা প্ৰৱন্ধ পালো যত তেওঁক হিমালয়া ড্ৰাগ কোম্পানীৰ চিইও ফিলিপ হাইডন বুলি কোৱা হৈছে, মালিক বুলি নহয়। 

reverse image himalaya.png

ফলাফল: ফটোখনত থকা ব্যক্তিজন হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়। হোৱাটছএপ মেছেজটো ভুৱা।  

Avatar

Title:ফটোত দেখা ব্যক্তিগৰাকী হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়।

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *