মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে। ফটোখনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক দেখা গৈছে এফালে আৰু আনফালে দেখা গৈছে এখন পুৰণি ফটো। সেই পুৰণি ফটোখনত এখন অটোৰিক্সাৰ সমুখত এজন লোক থিয় হৈ আছে আৰু সেই লোকজনেই একনাথ সিন্দে বুলি দাবী কৰা হৈছে। দাবী মতে সেইখন একনাথ সিন্দেৰ পুৰণি ফটো।  আমাৰ ফেক্টলাইন নম্বৰ […]

Continue Reading

Toyota Aygo X নামৰ গাড়ীখনৰ ফটোকে নতুন TATA NANO বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰা হৈছে আৰু ফটোখনত লিখা হৈছে- নতুন ৰূপত বজাৰলৈ আহিব টাটা নেন’। ২ লাখ ৩০ হাজাৰ টকাত উপলব্ধ হ’ব বাহনখন। ফটোখনত এখন বাহন দেখা গৈছে। সেই ফেচবুক পোষ্টটোত দেখুওৱা বাহনখন নতুনকৈ আহিবলগীয়া টাটা নেন’ বুলি দাবী কৰা হৈছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে চুবুৰীয়া ৰাজ্য মণিপুৰত অতি শেহতীয়াকৈ সংঘটিত হোৱা এক হিংসাত্মক ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰিছে। সেই ভিডিঅ’টোত মণিপুৰৰ জিৰিবামত এগৰাকী মহিলাক হত্যা কৰা তথা ১০টাকৈ ঘৰত অগ্নিসংযোগ কৰা খবৰটো প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত তিনিখন ফটো ব্যৱহাৰ কৰা হৈছে। সেই ফটো তিনিখন ব্যৱহাৰ কৰিয়েই ভিডিঅ’টো প্ৰস্তুত কৰি তোলা হৈছে। ফটো […]

Continue Reading

এয়া চন্দ্ৰযান ৩ প্ৰকল্পৰ মহিলা বিজ্ঞানীৰ আনন্দ প্ৰকাশৰ সময়ৰ ফটো নেকি? সত্যটো কি?  

যোৱা ২৩ আগষ্ট ২০২৩, বুধবাৰে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে ভাৰতৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা কৰিলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। চৌপাশে আনন্দৰ ৰোল উঠিল। কিন্তু ইয়াৰ […]

Continue Reading

হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ফেচবুক পোষ্ট ভাইৰেল। ২০২৪ নিৰ্বাচনত জয়ী কৰাবনে সুধিছে বুলি দাবী।

অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নিজৰ কামকাজসমুহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক জনাই আহিছে। কেৱল কামকাজেই নহয়, বিভিন্ন নতুন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন নিৰ্দেশ তথা ঘোষণাও তেখেতৰ ফেচবুক, টুইটাৰ আদি একাউণ্টৰ জৰিয়তে ৰাইজক অৱগত কৰি আহিছে। মুখ্যমন্ত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়া পৰিচালনা কৰাৰ বাবে এটা নিৰ্দিষ্ট কৰ্মীৰ দলো নিয়োজিত হৈ আছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰতিটো গতিবিধি, প্ৰতিটো […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত।  এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ […]

Continue Reading

এয়া মুছলমান যুৱকে হিন্দু প্ৰেমিকাক কৰা এচিড আক্ৰমণৰ ফটো হয় নেকি ? সত্যটো কি?

আমাৰ দেশত সময়ে সময়ে লাভ জেহাদ সম্পৰ্কীয় বহু পোষ্ট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা যায়। এই পোষ্টবোৰে দাবী কৰে যে কেনেকৈ মুছলমান মানুহে হিন্দু ছোৱালীক প্ৰেমত পৰিবলৈ প্ৰলোভিত কৰে আৰু পাছত সেই ছোৱালীকেইজনীক অত্যাচাৰ কৰে, ধৰ্ষণ কৰে বা হত্যা কৰে। অতি শেহতীয়াভাৱে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী আহত ভদ্ৰমহিলাৰ ফটো। সেই […]

Continue Reading

হলিউদ অভিনেতা তথা প্ৰাক্তন WWE তাৰকা ‘দ্য ৰকে’ সঁচাকৈয়ে সনাতন ধৰ্ম গ্ৰহণ কৰিছেনে ?

AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন কাৰ্য সম্পাদনৰ বিভিন্ন ডিজিটেল আহিলা বৰ্তমান সমগ্ৰ বিশ্বতে উপলব্ধ। ইন্টাৰনেটৰ মাধ্যমত উপলব্ধ এই এআই অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ আহিলা অথবা টুলছ সমুহেৰে কোনোবাই যদি গল্প,কবিতা, ই-মেইল আদি লিখিবলৈ চেষ্টা কৰিছে, কোনোবাই আকৌ ছবি অঁকাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰ সৃষ্টি কৰাকলৈ বিভিন্ন কৰ্ম কৰিছে। তেনেকুৱা এক প্ৰেক্ষাপটতে অসমৰ ছোচিয়েল মিডিয়াতো কিছুমান […]

Continue Reading

যন্তৰ-মন্তৰত মল্লযুঁজাৰু সাক্ষী মালিকক পুলিচে বুটেৰে গচকিছে নেকি?

দেওবাৰে দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে যন্তৰ-মন্তৰত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলক সমদল উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে আটক কৰে। বিনেশ ফ’গাট, সংগীতা ফ’গাট, আৰু সাক্ষী মালিকক যন্তৰ-মন্তৰত আবদ্ধ কৰি ৰাখে দিল্লী আৰক্ষীয়ে। ছ’চিয়েল মিডিয়াত আটক হোৱাসকলৰ বহুলভাৱে শ্বেয়াৰ হোৱা বহু ফটোৰ ভিতৰত আছিল এজন আৰক্ষীৰ লোকে নিজৰ বুটেৰে এজন ব্যক্তিৰ মুখত হেঁচা মাৰি ধৰা […]

Continue Reading

এতিয়াৰে পৰা আমাৰ দেশত ৭৫টকাৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হ’ব নেকি? সত্যটো কি?

দেশৰ নতুন সংসদ ভৱন মুকলি কৰা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি বিশেষ স্মৃতিচাৰণ মুদ্ৰাও মুকলি কৰে। এই সন্দৰ্ভত বিভিন্ন বা-বাতৰি প্ৰকাশ আৰু প্ৰচাৰ হোৱা দেখা গৈছে। অসমতো একাংশ সংবাদ প্ৰতিস্থান তথা ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে। তেনেকুৱা কিছুমান পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। DA News Plus নামৰ এটা সংবাদ প্ৰতিস্থানে তেনেকুৱা এটা বাতৰিত উল্লেখ […]

Continue Reading