ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা […]

Continue Reading

গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

উত্তৰ প্ৰদেশৰ সম্ভলৰ ষোল্ল শতিকাৰ জামা মছজিদত আদালতৰ নিৰ্দেশত হোৱা এক সমীক্ষাৰ পাছত যোৱা ২৪ নৱেম্বৰ, দেওবাৰে সম্ভলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰী দল এটাৰ ওপৰত পুলিচৰ লাঠী ছাৰ্জৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া সম্ভলৰ শেহতীয়া ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জেহাদীবোৰক দীৰ্ঘদিনীয়া […]

Continue Reading

এয়া নিউয়ৰ্কৰ শৰণাৰ্থী মুছলমানে কৰা সংঘৰ্ষৰ ভিডিঅ’ নহয়।

শেহতীয়াকৈ দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসাত্মক ঘটনা সন্দৰ্ভত ইণ্টাৰনেটত বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইফালে আমেৰিকাৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত ৰাস্তাত বহু মানুহ গোট খোৱা দেখা গৈছে। পুলিচৰ ওপৰত বটল আৰু আন বহুতো বস্তু দলিয়াই দিয়াও দেখা গৈছে। এই লোকসকল আমেৰিকাৰ নিউয়ৰ্কত সংঘৰ্ষ কৰা মুছলমান শৰণাৰ্থী বুলি দাবী কৰা হৈছে। ভাইৰেল […]

Continue Reading

হাৰিয়ানাত এজন হিন্দু লোকক এইদৰে প্ৰহাৰ কৰা হৈছে নেকি? সত্যটো কি?

হাৰিয়ানাত চলি থকা শেহতীয়া সাম্প্ৰদায়িক হিংসাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। নুহত সংঘটিত হোৱা হিংসাৰ জুই হাৰিয়ানাৰ বহু চহৰলৈ প্ৰসাৰিত হৈছে। এই হিংসাত্মক ঘটনাত একাংশ লোক নিহত হোৱাৰ খবৰো পোৱা গৈছে। সেইবাবেই তাত পালৱাল, সোহানা, মানেছাৰ আৰু পাটৌদিত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে। এই হিংসাত্মক ঘটনা সন্দৰ্ভত নুহ, গুৰুগ্ৰাম, পালৱাল আদি জিলাত ঘটনা সন্দৰ্ভত ৪০টাতকৈও অধিক […]

Continue Reading