আকাশত যুদ্ধ বিমানেৰে গঠন কৰা ত্ৰিশূল আকৃতিৰ এই ফটোখনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

যুদ্ধ বিমানেৰে আকাশত ত্ৰিশূলৰ আকৃতি গঠন কৰা এখন ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ‌ অন্তিম দিনা ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰা ‘এয়াৰ শ্বো’ৰ দৃশ্য সেয়া।  ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “যোৱা শিৱৰাত্ৰীৰ দিনা প্ৰয়াগৰাজ মহাকুম্ভত তিনিখন ছুখয় বিমানে আকাশমাৰ্গত ত্ৰিশূলৰ সৃষ্টি কৰে ।‌ ইতিমধ্যে মহাকুম্ভমেলাৰ […]

Continue Reading

২০২২ চনত অষ্ট্ৰেলিয়াত তোলা চন্দ্ৰ আৰু আন গ্ৰহ সমূহৰ ফটো যোৱা ২৯ জানুৱাৰীত প্ৰয়াগৰাজত তোলা বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চন্দ্ৰ আৰু আন তৰা কেইটামানৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া চন্দ্ৰ, শনি, মংগল, শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ এক বিৰল দৃশ্য য’ত আটাইবোৰ একে শাৰীতে থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ১৪৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে যোৱা ২৯ জানুৱাৰীত কুম্ভমেলাৰ সময়ত প্ৰয়াগৰাজত […]

Continue Reading

প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে। 

শেহতীয়াভাবে যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে।  ভিডিঅ’টোৰ ওপৰত লিখা হৈছে যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া […]

Continue Reading

প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা সম্পৰ্কে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে আৰক্ষীৰ লোকে কোনো এক অঞ্চলত এজন লোকক খেদি খেদি মৰিয়াইছে আৰু দুগৰাকীমান মহিলা লোকজনক বচাবলৈ আগবাঢ়ি আহিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত […]

Continue Reading