পাকিস্তানৰ উমেৰকোটৰ ১১ বছৰ পুৰণি হোলী উদযাপনৰ ফটো শেহতীয়া ২০২৫চনৰ হোলীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেইখন অতি শেহতীয়া হোলীৰ ফটো। ফটোখনেৰে দাবী কৰা হৈছে যে শেহতীয়া হোলীত পাকিস্তানৰ ৰাজপথত সেইদৰে হিন্দু লোকসকলে হোলী খেলি আনন্দ প্ৰকাশ কৰিছে। লিখিছেঃ-পাকিস্তানৰ ৰাজপথত উলহ মালহেৰে হলি উদযাপন কৰিলে দেশখনৰ হিন্দুৱে। দেখা নগ’ল কোনো অপ্ৰিতিকৰ পৰিস্থিতি। Facebook Link Archived Link  কিন্তু […]

Continue Reading

২০১৯ চনৰ লাল কপ্টান চিনেমাখনৰ ফটো এখনকে চেইফ আলী খানে দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা ফটো বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে বলিউডৰ অভিনেতা চেইফ আলী খানৰ ওপৰত দুৰ্বৃত্তই আক্ৰমন কৰা ঘটনাই সমগ্ৰ দেশকে স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত এই বিষয়ত বিভিন্ন আলোচনা দেখা পোৱা গৈছে। অসমৰ ফেচবুকতো এই ধৰণৰ আলোচনা পৰিলক্ষিত হৈছে। তাৰ মাজতে ১৭ জানুৱাৰী ২০২৪ত এগৰাকী ব্যৱহাৰকাৰীয়ে চেইফ আলী খানৰ এখন ফটো আপলোড কৰি সেয়া তেওঁক দুৰ্বৃত্তই আক্ৰমন কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

বহু পুৰণি ফটোৰে দাবী কৰা হৈছে যে এয়া শেহতীয়াকৈ ঢাকাত ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা দৃশ্য।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি লিখা হৈছে- ‘ঢাকাৰ ট্ৰেফিক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষীক সহায় কৰিবলৈ পথত নামিছে ছাত্ৰ ছাত্ৰীৰ দল।’ এই খবৰে শিৰোনামা দখল কৰিলে বিশ্বৰ মূল সুঁতিৰ বাতৰি কাগজত। এইদৰে ফটোখন ব্যৱহাৰ কৰি দাবী কৰা হৈছে যে সেয়া বাংলাদেশৰ ৰাজধানী ঢাকাৰ শেহতীয়া দৃশ্য আৰু এইদৰে ঢাকাৰ ছাত্ৰ-ছাত্ৰীয়ে ট্ৰেফিক নিয়ন্ত্ৰণত ব্যস্ত হৈছে।  […]

Continue Reading

মহাৰাষ্ট্ৰ ৰিক্সা পঞ্চায়তৰ প্ৰতিস্থাপক বাবা কাম্বলেৰ পুৰণি ফটো এখন একনাথ সিন্দেৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে। ফটোখনত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দেক দেখা গৈছে এফালে আৰু আনফালে দেখা গৈছে এখন পুৰণি ফটো। সেই পুৰণি ফটোখনত এখন অটোৰিক্সাৰ সমুখত এজন লোক থিয় হৈ আছে আৰু সেই লোকজনেই একনাথ সিন্দে বুলি দাবী কৰা হৈছে। দাবী মতে সেইখন একনাথ সিন্দেৰ পুৰণি ফটো।  আমাৰ ফেক্টলাইন নম্বৰ […]

Continue Reading

মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে চুবুৰীয়া ৰাজ্য মণিপুৰত অতি শেহতীয়াকৈ সংঘটিত হোৱা এক হিংসাত্মক ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰিছে। সেই ভিডিঅ’টোত মণিপুৰৰ জিৰিবামত এগৰাকী মহিলাক হত্যা কৰা তথা ১০টাকৈ ঘৰত অগ্নিসংযোগ কৰা খবৰটো প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত তিনিখন ফটো ব্যৱহাৰ কৰা হৈছে। সেই ফটো তিনিখন ব্যৱহাৰ কৰিয়েই ভিডিঅ’টো প্ৰস্তুত কৰি তোলা হৈছে। ফটো […]

Continue Reading

২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে […]

Continue Reading