প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক বাহিৰতে ৰৈ থাকিবলৈ কোৱা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ২৩ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত তেওঁক দুৱাৰৰ বাহিৰত ৰৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন দাখিল কৰা সময়ত মল্লিকাৰ্জুন খৰ্গেক এইদৰে বাহিৰতে অপেক্ষা কৰিবলৈ দিয়া হৈছিল। ফেচবুকত […]

Continue Reading

২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ৰ ফটো বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰা সময়ৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেইখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ৰ ফটো বুলি দাবী কৰিছে। লগতে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মূৱে তেখেতক সংগ দিয়া বুলি লিখিছে। ফেচবুত পোষ্ট কৰি লিখিছে- দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ নোমিনেচনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও লগত আছিল। কি বা […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading